Puhor bisari jau পোহৰ বিচাৰি যাওঁ

A Website for History, Assamese Unicoded Literature, Health, Gk, Science and Technology, Travelling, Recipe etc

Saturday, October 26, 2019

অনিৰুদ্ধ


মনোজ বৰগোহাঁই

মই অনিৰুদ্ধ,
প্ৰত্যাহ্বান নজনাবা অনুৰাধা৷
এতিয়াও মাতাল কৰিব পাৰো,
তোমাক মোৰ শব্দৰে৷
দেখুৱাব পাৰো মহেন্জোদাৰো অথবা
হৰপ্পাৰ শিলৰ ছবি৷
কৰিব পাৰো শেলুৱৈ পিছল,
আনন্দৰ আৰ্তনাদ৷
মন্ত্ৰমুগ্ধ হৈ চকুমুদি ৰবা,
উজান উঠাৰ বাটত৷
পুনৰ চুমা আঁকি দিম,
তোমাৰ ভাগৰুৱা দেহত৷
স্মৃতি হৈ ৰৈ যাব
তোমাৰ শেষ উশাহত৷

No comments:

Post a Comment