তলাতল ঘৰ Talatal Ghar


তলাতল ঘৰ Talatal Ghar

Talatal Ghar তলাতল ঘৰ



তলাতল ঘৰ
:-  তলাতল ঘৰটো আহোম স্বৰ্গদেউ সকলৰ দ্বাৰা নিৰ্মিত এটা সাত মহলী়য়া ৰাজমহল। আহোম ৰজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই  (  চাওফা চ্যু-ৰাম-ফা ) ১৭৫১-১৭৬৯ ৰাজত্ব কালত ১৭৬৫ খ্ৰীষ্টাব্দত  ঘনশ্যাম খনিকৰৰ তত্বাবধানত শিৱসাগৰ ( ৰংপুৰত ) ৰাজমহল নিৰ্মাণ কৰাইছিল । এই ৰাজমহলটো আহোম স্থাপত্য কলাৰ আশ্চৰ্যকৰ নিদৰ্শন । পদ্মনাথ  গোহাঞি বৰুৱাৰ অসম  বুৰঞ্জীত উল্লেখ থকা মতে – আহোম সম্ৰাটৰ  এই ভূতলীয়া  তলাতল ঘৰ সাত  মহলীয়া  অদ্ভূত কৌশলৰ পকী ঘৰ । তলৰ তৃতীয়  তলাৰ পৰা পূব মুখে এটা পাতালী নলা দিখৌ নৈত ওলাইছিলগৈ । তলাতল ঘৰৰ  প্ৰতিটো কক্ষ একোটা সৰু পথেৰে  সংলগ্ন । তলাতল ঘৰ আহোম ৰাজ্যৰ ঐতিহাসিক কৃৰ্তিচিহ্ন সমূহৰ ভিতৰত আকাৰত  অতি বৃহৎ। এই ৰাজমহলৰ পশ্চিম দিশত এটি আঠকোণীয়া মন্দিৰ আছে ।


তলাতল ঘৰৰ পশ্চিম দিশত থকা আঠকোণীয়া মন্দিৰ 



স্থাপত্য আৰু ভাস্কৰ্য্য :- তলাতল  ঘৰৰ তিনিটা মহল  মাটিৰ তলত আৰু চাৰিটা মহল মাটিৰ ওপৰত  আছে ।সমতলৰ তলাত সোমাই  বাওঁ  পাকে ঘূৰিলে সোঁ দুৱাৰেদি ওপৰ তিনিতলা আৰু তললৈ তিনি তলা । সমতলৰ  তলাত সোমাই বাওঁপাকে ঘূৰিলে সোঁ দুৱাৰেদি ওপৰ তিনি  তলা আৰু তললৈ তিনি তলা । সমতলৰ তলাত সোমাই বাওঁ পাকে ঘূৰিলে সোঁ পাকে  সোঁ দুৱাৰেদি ওপৰ তিনি তলালৈ উঠা যায় আৰু সোঁ পাকে বাওঁ দুৱাৰেদি তলৰ তিনিতলালৈ নমা যায় । তলাতল ঘৰৰ দুটা  গোপন সুৰংগ আছিল । তলাতল ঘৰৰ পৰা দিখৌ নৈৰ লগত সংযোগ কৰা  সুৰংগৰ দৈঘ্য আছিল ৩  কিলেমিটাৰ আৰু তলাতল ঘৰৰ পৰা গড়গাঁৱকাৰেংঘৰৰ  লগত সংযোগ কৰা সুৰংগৰ দৈঘ্য আছিল ১৫ কিলোমিটাৰ ।




অতি বিশাল এই তলাতল ঘৰৰ তলৰ মহলা কেইটাত ঘোঁৰাশাল, গুডামঘৰ,  পূজাঘৰ, লিগিৰিঘৰ আদি আছিল । তদুপৰি বৰ চৰাঘৰ, দেউ ঘৰ,  ৰজা  আৰু ৰাণী সকলৰ শোৱনী কোঠা, পানীঘৰ, বেজৰ ঘৰ, মৰংঘৰ, বৰঘৰ আদি বিভিন্ন কোঠালী আছিল । ৰংপুৰ নগৰৰ  প্ৰায় তিনি কিলোমিটাৰমান পৰিসীমাৰ এটা গড়ে তলাতল ঘৰটো ঘেৰি আছিল  । এই ৰাজপ্ৰসাদলৈ সোমাই যোৱাৰ পথত ন-দুৱাৰ, বৰদুৱাৰ, পানী  দুৱাৰ,  লিগিৰী  দুৱাৰ, নাচনী দুৱাৰ, গোঁসাইফলীয়া দুৱাৰ, কমলাবৰীয়া দুৱাৰ, দ্বৰীকা দুৱাৰ আদি বিভিন্ন দুৱাৰ আছিল ।
তলাতল ঘৰৰ  চাৰিটা মহল কাঠেৰে নিৰ্মিত  আছিল যিবোৰ সম্পূৰ্ণৰূপে ধ্বংস হয় । শেহতীয়াকৈ প্ৰত্নতাত্বিক খনন কাৰ্যৰ দ্বাৰা কাঠৰ  স্তম্ভ, পোৰা ইটাৰ তিনিস্তম্ভৰ যুক্ত ভগ্নাৱশেষ, স্তম্ভৰ  গাতৰ চিহ্ন, উত্তৰ আৰু পশ্চিম  দিশত একোটিকৈ পদপথ উদ্ধাৰ কৰা হৈছে ।

কুইজ
১/ তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ:- স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই।
২/ তলাতল ঘৰ কিমান চনত নিৰ্মাণ কৰা হৈছিল?
উত্তৰ:- ১৭৬৫ খ্ৰীষ্টাব্দত।
৩/ তলাতল ঘৰ কিমান চনত নিৰ্মাণ আৰম্ভ কৰা হৈছিল আৰু কিমান চনত নিৰ্মাণ সম্পূৰ্ণ হৈছিল?
উত্তৰ:- ১৭৫১ চনত নিৰ্মাণ আৰম্ভ কৰি ১৭৬৯ চনত নিৰ্মাণ সম্পূৰ্ণ হৈছিল।
৪/ তলাতল ঘৰৰ স্থাপত্যবিদ জনৰ নাম কি?
উত্তৰ:- ঘনশ্যাম।
(তলাতল ঘৰটো প্ৰথমে স্বৰ্গদেউ ৰুদ্ৰ সিংহই ১৬৯৮ চনত নিৰ্মাণ কৰি উলিয়াইছিল।)







Post a Comment

Previous Post Next Post