ডাষ্টবিনৰ সপোন ...


ডাষ্টবিনৰ সপোন ...
(এক)....


✍ অভিজিত মাৰ্ঘৰিটা ...

পোহৰৰ সৈতে যুঁজি যুঁজি অমাবস্যাৰ কলা আন্ধাৰে হাৰ মানিব খোজা এক সময়|কোনো এখন  চহৰৰ  মাজেৰে যোৱা পথটোৰ  দাতিত ধিমিক ধামাকৈ জ্বলি থকা কোনো এটা নিদিষ্ট ষ্ট্ৰিট লাইটৰ তলত  জাবৰৰ দম সদূশ এটি তম্বু |
লাহে লাহে ৰদালি বাইৰ পৰশ বাগৰিছে এই ধৰাত | হঠাত তম্বুটোৰ পৰা চুচৰি চুচৰি ওলাই আহিল পোন্ধৰ/ষোল্ল বছৰীয়া মান এটি শাৰীৰিক ভাবে অক্ষম শিশু ,সোঁ হাত খনত ভেজা দি কোনোমতে থিয় হয়  পিন্ধনত এযোৰ মলিয়ন কাপোৰ, চুলিয়েও গছৰ শিপাৰ দৰে যেনি তেনি দিশ লৈছে , বাঁও ভৰিটো চুচৰাই চুচৰাই লৰাটো কাষৰ বাছ ষ্টেন্দৰ ফালে আগবাঢে |এই লৰাজনেই   শিপা  ,চহৰৰ এটা পৰিচিত নাম  | টকা পইচাৰ অভাৱত চুলিয়েও গছৰ শিপাৰ দৰে ৰুপ ললে সেয়েহে এওৰ নাম শিপা ভাই | বাছ আস্হানৰ প্ৰায়বোৰ সৰু হোটেলতেই  দিনত  দুই তিনি ঘন্টামানকৈ কাহী বাতি ধুবলৈ মাতে আৰু তাৰ বিনিময়ত ৫০/৬০টকাকৈ দিয়ে | কেতিয়াবা কাম নাপালে. অবুজন পেটৰ ভোকৰ বাবে বিয়া সবাহৰ পেলনীয়া  ভাত কুকৰে খাই থকাৰ মাজৰ পৰাও বুটলি আনিব লগা হয়,  পেটৰ ভোকে জানো বুজিব এই কথা ? সমাজত মানবতাৰ চানেকিখন হেৰাই গৈছে আৰু সেই বাবেই হয়টো এই চৰিত্ৰটোৰ আভ্যন্তৰীণ অধ্যয়ন কোনেও কৰা নাই | লাহে লাহে সূৰ্য্যৰ উত্তাপে গ্ৰাস কৰাৰ  দৰে ঠাইডোখৰতো প্ৰাতভ্ৰমণৰ বাবে মানুহৰ ভিৰ বাঢি গৈছে | তাৰ মাজৰে এখন ভদ্ৰলোকে জাৱৰৰ দম(পেলনীয়া খাদ্য) এটা সেই  তম্বুটোলৈ দলিয়াই পুনৰ নিজৰ পথত  আগবাঢ়ে |পিছমূহুৰ্ততেই দমটোৰ পৰা ওলাই আহিল এটি ৬/৭ বছৰীয়া শিশু |শিশুটিৰ মুৰৰ পৰা  মুখমণ্ডলেদি সৰ্বশৰীৰেদি  বিয়পি পৰিছে সেই পেলনীয়া খাদ্যবোৰ আৰু তম্বুটোৰ পৰা ওলাই আহি বাহিৰত বহি মুখমণ্ডলত লাগি থকা খাদ্যবোৰ বৰ তৃপ্তিৰে খাবলৈ ধৰে .....

2 Comments

  1. ভবিষ্যতলৈ আৰু আগবাঢ়ি যাবি বুলি আশা ৰাখিলো

    ReplyDelete
Previous Post Next Post