ডাষ্টবিনৰ সপোন ...


ডাষ্টবিনৰ সপোন ...
(এক)....


✍ অভিজিত মাৰ্ঘৰিটা ...

পোহৰৰ সৈতে যুঁজি যুঁজি অমাবস্যাৰ কলা আন্ধাৰে হাৰ মানিব খোজা এক সময়|কোনো এখন  চহৰৰ  মাজেৰে যোৱা পথটোৰ  দাতিত ধিমিক ধামাকৈ জ্বলি থকা কোনো এটা নিদিষ্ট ষ্ট্ৰিট লাইটৰ তলত  জাবৰৰ দম সদূশ এটি তম্বু |
লাহে লাহে ৰদালি বাইৰ পৰশ বাগৰিছে এই ধৰাত | হঠাত তম্বুটোৰ পৰা চুচৰি চুচৰি ওলাই আহিল পোন্ধৰ/ষোল্ল বছৰীয়া মান এটি শাৰীৰিক ভাবে অক্ষম শিশু ,সোঁ হাত খনত ভেজা দি কোনোমতে থিয় হয়  পিন্ধনত এযোৰ মলিয়ন কাপোৰ, চুলিয়েও গছৰ শিপাৰ দৰে যেনি তেনি দিশ লৈছে , বাঁও ভৰিটো চুচৰাই চুচৰাই লৰাটো কাষৰ বাছ ষ্টেন্দৰ ফালে আগবাঢে |এই লৰাজনেই   শিপা  ,চহৰৰ এটা পৰিচিত নাম  | টকা পইচাৰ অভাৱত চুলিয়েও গছৰ শিপাৰ দৰে ৰুপ ললে সেয়েহে এওৰ নাম শিপা ভাই | বাছ আস্হানৰ প্ৰায়বোৰ সৰু হোটেলতেই  দিনত  দুই তিনি ঘন্টামানকৈ কাহী বাতি ধুবলৈ মাতে আৰু তাৰ বিনিময়ত ৫০/৬০টকাকৈ দিয়ে | কেতিয়াবা কাম নাপালে. অবুজন পেটৰ ভোকৰ বাবে বিয়া সবাহৰ পেলনীয়া  ভাত কুকৰে খাই থকাৰ মাজৰ পৰাও বুটলি আনিব লগা হয়,  পেটৰ ভোকে জানো বুজিব এই কথা ? সমাজত মানবতাৰ চানেকিখন হেৰাই গৈছে আৰু সেই বাবেই হয়টো এই চৰিত্ৰটোৰ আভ্যন্তৰীণ অধ্যয়ন কোনেও কৰা নাই | লাহে লাহে সূৰ্য্যৰ উত্তাপে গ্ৰাস কৰাৰ  দৰে ঠাইডোখৰতো প্ৰাতভ্ৰমণৰ বাবে মানুহৰ ভিৰ বাঢি গৈছে | তাৰ মাজৰে এখন ভদ্ৰলোকে জাৱৰৰ দম(পেলনীয়া খাদ্য) এটা সেই  তম্বুটোলৈ দলিয়াই পুনৰ নিজৰ পথত  আগবাঢ়ে |পিছমূহুৰ্ততেই দমটোৰ পৰা ওলাই আহিল এটি ৬/৭ বছৰীয়া শিশু |শিশুটিৰ মুৰৰ পৰা  মুখমণ্ডলেদি সৰ্বশৰীৰেদি  বিয়পি পৰিছে সেই পেলনীয়া খাদ্যবোৰ আৰু তম্বুটোৰ পৰা ওলাই আহি বাহিৰত বহি মুখমণ্ডলত লাগি থকা খাদ্যবোৰ বৰ তৃপ্তিৰে খাবলৈ ধৰে .....

2 Comments

  1. ভবিষ্যতলৈ আৰু আগবাঢ়ি যাবি বুলি আশা ৰাখিলো

    ReplyDelete
Post a Comment
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব