সপোন পৰী

✍ ৰূপজ্যোতি চাংমাই

বুকুত উজাইছে ৰঙা নদীৰ ঢৌ
অতীত হ'ল আজি,
শীতৰ সেমেকা তলত
পুৱতি নিয়ৰৰ জিলিঙনি
এটি চিকুণ আৰু শ্যামল
দুপৰীয়াৰ বাবে ব্যাকুল
তুমি আৰু তোমাৰ পৃথিৱী ।
সেয়ে তুমি অহাৰ বাটত মোৰ
মুঠি শব্দহীন জোনাকী ।
সপোনতে কিমান বিচাৰো তোমাক
অ' মোৰ সপোন পৰী
ক'ত আছা তুমি ....... !

Post a Comment

0 Comments