চাকৰি প্ৰত্যাশীসকললৈ সুখবৰ: অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগত ৭২ টা পদত নতুন নিযুক্তি | SLRC Assam Recruitment 2026

 
SLRC Assam Animal Husbandry and Veterinary Recruitment 2026 - 72 Field Assistant and Enumerator Posts



অসম চৰকাৰৰ তৃতীয় শ্ৰেণীৰ পদসমূহৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে (SLRC - State Level Recruitment Commission) পশুপালন আৰু পশু চিকিৎসা সঞ্চালকালয়, অসমৰ অধীনত কেন্দ্ৰীয় পৃষ্ঠপোষকতা আঁচনি (ISS - Integrated Sample Survey) ৰ বাবে অনলাইন আবেদন আহ্বান কৰিছে।

আবেদন মাচুল আৰু গুৰুত্বপূৰ্ণ তাৰিখ:- 

আবেদন মাচুল:- বিনামূলীয়া (কোনো শ্ৰেণীৰ প্ৰাৰ্থীয়ে মাচুল দিব নালাগে)।

অনলাইন আবেদন আৰম্ভ:- ১৫ অক্টোবৰ, ২০২৬ (পুৱা ১১:০০ বজাৰ পৰা)

অনলাইন আবেদনৰ অন্তিম তাৰিখ:- ১৪ নৱেম্বৰ, ২০২৬ (নিশা ১১:৫৯ বজালৈ)

বিজ্ঞাপন নং:- SLRC-G-III/179/AH & Vety./2026/79 (তাৰিখ: ২৯/০৯/২০২৬)

পদৰ নাম:- ক্ষেত্ৰ সহায়ক (পৰিসংখ্যা) / গণনাকাৰী [Field Assistant (Statistics) / Enumerator]

বিভাগ:- পশুপালন আৰু পশু চিকিৎসা সঞ্চালকালয়, অসম (Directorate of Animal Husbandry & Veterinary, Assam) (চেনীকুঠি, গুৱাহাটী-০৩)

মুঠ পদৰ সংখ্যা:- ৭২ টা

দৰমহাৰ নিৰিখ:- পে বেণ্ড-২ (১৪,০০০ টকাৰ পৰা ৭০,০০০ টকালৈ) + গ্ৰেড পে ৫,৬০০ টকা আৰু অন্যান্য ভাট্টা।

খালী পদৰ শ্ৰেণীভিত্তিক বিৱৰণ:-

মুকলি শ্ৰেণী (Open Category):- মুঠ পদ ৩৭ টা (ইয়াৰে মহিলাৰ বাবে সংৰক্ষিত ১১ টা)

OBC/MOBC:- মুঠ পদ ১৮ টা (ইয়াৰে মহিলাৰ বাবে সংৰক্ষিত ৬ টা)

OBC (চাহ জনগোষ্ঠী আৰু আদিবাসী):- মুঠ পদ ১ টা (মহিলাৰ বাবে সংৰক্ষিত ০ টা)

অনুসূচিত জাতি (SC):- মুঠ পদ ৫ টা (ইয়াৰে মহিলাৰ বাবে সংৰক্ষিত ২ টা)

অনুসূচিত জনজাতি - ভৈয়াম [ST(P)]:- মুঠ পদ ৭ টা (ইয়াৰে মহিলাৰ বাবে সংৰক্ষিত ২ টা)

অনুসূচিত জনজাতি - পাহাৰীয়া [ST(H)]:- মুঠ পদ ৪ টা (ইয়াৰে মহিলাৰ বাবে সংৰক্ষিত ১ টা)

সৰ্বমুঠ পদ:- ৭২ টা (ইয়াৰে সৰ্বমুঠ মহিলাৰ বাবে সংৰক্ষিত ২২ টা)

বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে সংৰক্ষিত (PwBD):- মুঠ ০৩ টা পদ - দৃষ্টিহীন/কম দৃষ্টিশক্তি (PH-A):- ০১ টা, বধিৰ/শ্ৰৱণ শক্তি হ্ৰাস (PH-B):- ০১ টা, আৰু চলন অক্ষমতা (PH-C):- ০১ টা।

প্ৰাক্তন সৈনিকৰ বাবে সংৰক্ষিত (Ex-Servicemen):- ০২ টা পদ।

শিক্ষাগত আৰু অন্যান্য অৰ্হতা:- 

স্নাতক ডিগ্ৰী:- স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক পৰ্যায়ত পৰিসংখ্যা (Statistics), অৰ্থনীতি, গণিত , সমাজ বিজ্ঞান, সমাজতত্ত্ব বা মনোবিজ্ঞান (Psychology) বিষয়ৰ কমেও এখন কাকতসহ যিকোনো শাখাত স্নাতক ডিগ্ৰী অথবা দ্বাদশ শ্ৰেণীত (HS) গণিত বিষয়ত ৫০% নম্বৰসহ যিকোনো শাখাত স্নাতক ডিগ্ৰী।

ভাষাৰ জ্ঞান:- HSLC (মেট্ৰিক) পৰ্যায়ত ইংৰাজী আৰু যিকোনো এটা স্থানীয় ভাষা (অসমীয়া, বাংলা বা বড়ো) বিষয় হিচাপে থাকিব লাগিব।

কম্পিউটাৰৰ জ্ঞান:- Handheld Device ত Data Entry কৰাৰ দক্ষতা থাকিব লাগিব আৰু চৰকাৰী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা কমেও ৬ মাহৰ কম্পিউটাৰ পাঠ্যক্ৰমৰ প্ৰমাণ পত্ৰ আপলোড কৰিব লাগিব।

বয়সৰ সীমা (০১/০১/২০২৬ তাৰিখত):- 

সাধাৰণ বয়সৰ সীমা:- ২১ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত হ'ব লাগিব।

বয়সৰ ৰেহাই:- চৰকাৰী নিয়ম অনুসৰি SC/ST ৰ বাবে ৫ বছৰ, OBC/MOBC ৰ বাবে ৩ বছৰ, PwBD-ৰ বাবে ১০ বছৰ আৰু প্ৰাক্তন সৈনিকৰ বাবে ২ বছৰ উচ্চতম বয়সৰ সীমা ৰেহাই থাকিব।

বয়সৰ প্ৰমাণ পত্ৰ:- কেৱল HSLC/দশম শ্ৰেণীৰ উত্তীৰ্ণ প্ৰমাণ-পত্ৰ বা এডমিট কাৰ্ডহে বয়সৰ প্ৰমাণ হিচাপে গ্ৰহণ কৰা হ'ব।

প্ৰয়োজনীয় নথিপত্ৰ আৰু চৰ্তসমূহ:- 

নাগৰিকত্ব আৰু নিয়োগ পঞ্জীয়ন:- প্ৰাৰ্থীজন ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু অসম ৰাজ্যৰ বৈধ Employment Exchange Registration থাকিব লাগিব।

জাতিগত প্ৰমাণ পত্ৰ:- সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে অসম চৰকাৰৰ উপযুক্ত কৰ্তৃপক্ষই প্ৰদান কৰা জাতিগত প্ৰমাণ পত্ৰ দিব লাগিব।

চৰকাৰী কৰ্মচাৰীৰ বাবে NOC:- বৰ্তমান চৰকাৰী চাকৰিত থকা প্ৰাৰ্থীয়ে বিচৰা সময়ত আপত্তিবিহীন প্ৰমাণ পত্ৰ (NOC) দাখিল কৰিব লাগিব।

ক্ষুদ্ৰ পৰিয়ালৰ নীতি:- বিচৰা সময়ত ক্ষুদ্ৰ পৰিয়ালৰ নীতিৰ ঘোষণাপত্ৰ (The Small Family Norms Declaration Form-A) দিব লাগিব।

অগ্ৰাধিকাৰ ভিত্তিক নিযুক্তি:- অসম লোকসেৱা (অগ্ৰাধিকাৰ ভিত্তিক নিযুক্তি) বিধি, ১৯৯৯ ৰ অধীনত বিবেচিত হ'ব বিচাৰিলে প'ৰ্টেলত উল্লেখ কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া:- সম্পূৰ্ণ মেধাৰ ভিত্তি (Merit basis) ত বাছনি কৰা হ'ব। পৰীক্ষাৰ সবিশেষ তথ্য আবেদন প'ৰ্টেলত উপলব্ধ হ'ব। পৰীক্ষাৰ বাবে কোনো TA/DA দিয়া নহ'ব আৰু নিযুক্তিৰ স্থানৰ বাবে কোনো অগ্ৰাধিকাৰ নাথাকিব।

অনলাইন আবেদনৰ ৱেবছাইট:-  আবেদন কৰিবলৈ ইয়াত ক্লিক কৰিব

যোগাযোগৰ ই-মেইল:- slrc3assam@gmail.com

FAQs:-

Q1: অসম পশুপালন বিভাগৰ ক্ষেত্ৰ সহায়ক পদত মুঠ কিমানটা পদ খালী আছে?

উত্তৰ:- মুঠ ৭২ টা পদ খালী আছে।

Q2: এই নিযুক্তিৰ বাবে আবেদন মাচুল কিমান?

উত্তৰ:- কোনো আবেদন মাচুল নাই, সকলো শ্ৰেণীৰ প্ৰাৰ্থীয়ে বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব।

Q3: অনলাইন আবেদনৰ আৰম্ভণি তাৰিখ কিমান?

উত্তৰ:- ১৫ অক্টোবৰ, ২০২৬ তাৰিখৰ পুৱা ১১:০০ বজাৰ পৰা আবেদন কৰিব পাৰিব। 

Q4: অনলাইন আবেদনৰ অন্তিম তাৰিখ কিমান?

উত্তৰ:- ১৪ নৱেম্বৰ, ২০২৬ তাৰিখৰ নিশা ১১:৫৯ বজালৈকে আবেদন কৰিব পাৰিব।

Disclaimer:- পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এই পদ সমূহত আবেদন কৰাৰ পূৰ্বে প্ৰাৰ্থীসকলক চৰকাৰী ৱেবছাইটত উপলব্ধ Official Notification খন এবাৰ ভালদৰে পঢ়ি ল'বলৈ অনুৰোধ জনালো। লিংক - http://slrcg3.sebaonline.org/uploads/SLRC_ClassIII_29092026_Field_Assistant_Statistics_Enumerator_Veterinary.pdf


Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →