২০২৬ চনৰ ৭ আগষ্টত মুক্তি লাভ কৰিছিল 'Hanuman Ansh' ছবিখনে। ছবিখনৰ কাহিনীভাগ মূলতঃ পৰিচালক ড° বিশাল চতুৰ্বেদীৰ গ্ৰন্থ 'Divine Detour: That Changed My Life'ৰ ওপৰত আধাৰিত।
এইখন হৈছে নিম কৰোলি বাবাৰ জীৱনভিত্তিক চলচ্চিত্ৰ ত্ৰয়ীৰ (trilogy) প্ৰথমটো খণ্ড। ছবিখনত লক্ষ্মণ নামৰ এটি সৰু ল’ৰাৰ জীৱনৰ যাত্ৰা তুলি ধৰা হৈছে। মাতৃৰ অকাল বিয়োগৰ পাছত গভীৰ শোকত মৰ্মাহত হৈ লক্ষ্মণ দাসে সত্য আৰু ভগৱানৰ সন্ধানত ঘৰ-দুৱাৰ ত্যাগ কৰি বিভিন্ন আশ্ৰমত কটাইছিল।
পৰৱৰ্তী সময়ত ভগৱান শ্ৰীৰাম আৰু হনুমানৰ প্ৰতি থকা অপাৰ ভক্তি, প্ৰেম আৰু নিস্বাৰ্থ সেৱাৰ জৰিয়তে তেওঁ কেনেদৰে কোটি কোটি লোকৰ শ্ৰদ্ধাৰ 'নিম কৰোলি বাবা' হিচাপে পৰিচিত হয় আৰু নিম কৰোলি বাবাৰ চমৎকাৰী গুণসমূহ 'Hanuman Ansh' চলচ্চিত্ৰত দেখুৱা হৈছে, সেয়াই ছবিখনৰ মূল বিষয়বস্তু। ইয়াত মুখ্য চৰিত্ৰত অভিনয় কৰিছে শোভিনৱ সত্য আৰু চন্দন আনন্দে। ৰাইজৰ বাবে কৰা নিস্বাৰ্থ সেৱা আৰু ভগৱানৰ প্ৰতি থকা অগাধ বিশ্বাসে এজন সাধাৰণ ব্যক্তিক কেনেদৰে মহৎ কৰি তুলিব পাৰে, তাৰ এক সুন্দৰ নিদৰ্শন এই 'Hanuman Ansh' ছবিখনে দাঙি ধৰিছে।
'Hanuman Ansh' ছবিখনত নিম কৰোলি বাবাৰ আধ্যাত্মিক যাত্ৰা আৰু চমৎকাৰৰ দৰেই বাস্তৱ জীৱনতো এই ছবিখনে বহুতে নজনাকৈয়ে মানুহৰ জীৱনলৈ প্ৰেৰণা কঢ়িয়াই আনিছে। জন্মৰ পৰাই দৃষ্টিশক্তিহীন হৈয়ো নিজৰ অদম্য ইচ্ছাশক্তি আৰু ঈশ্বৰৰ প্ৰতি থকা অগাধ বিশ্বাসেৰে সংগীতৰ জগতত এক সুকীয়া পৰিচয় সৃষ্টি কৰা গায়ক সুনীল লোধীয়ে এই ছবিখনৰ বাবে গোৱা "মাইনে তেৰে হী ভৰসে হনুমান" শীৰ্ষক ভজনটিয়ে এতিয়া সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি কৰিছে। অন্ধকাৰক নেওচি কেৱল ভক্তিৰ মাজেৰে তেওঁ যিদৰে নিজৰ জীৱনৰ বাট বিচাৰি পাইছে, সেয়া সঁচাকৈয়ে প্ৰতিজন মানুহৰ বাবে এক ডাঙৰ অনুপ্ৰেৰণা।
'Hanuman Ansh' ছবিখনৰ মূল চিত্ৰগ্ৰহণ উত্তৰ প্ৰদেশত হৈছিল আৰু ইয়াৰ প্ৰায় ৮০% তকৈ অধিক দৃশ্য পবিত্ৰ তীৰ্থস্থান চিত্ৰকূটৰ বিভিন্ন ধৰ্মীয় আৰু প্ৰাকৃতিক স্থানত গ্ৰহণ কৰা হৈছিল। শ্বুটিঙৰ সময়ছোৱাত ছবিখনৰ কলা-কুশলী তথা পৰিচালক দলে হনুমান চালিছা পাঠ কৰি পবিত্ৰ পৰিৱেশ বজাই ৰাখিছিল।
'Hanuman Ansh' ছবিখন ভাৰতত ২০২৬ চনৰ ৭ আগষ্টত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ১১ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে মুক্তি দিয়া হৈছিল। ছবিখনৰ প্ৰযোজনাৰ দায়িত্বত আছিল ৰাগিনী এছ, নম্ৰতা জি. সিং, অনুপ্ৰিয়া এ. নগৰ আৰু পৰিচালক ড° বিশাল চতুৰ্বেদী।
২০২৬ চনৰ ৭ আগষ্টত মুক্তি পোৱা এই ভক্তিপূৰ্ণ ছবিখনে চমৎকাৰ সৃষ্টি কৰিছে -
ছবিখন মাত্ৰ ২ কোটি টকাৰ বাজেটেৰে নিৰ্মিত হোৱাৰ বাবে মুক্তিৰ সময়ত প্ৰায় ২৫ টা মান চিত্ৰগৃহতহে আছিল। লাহে লাহে যেন চমৎকাৰ হৈছিল। প্ৰথম সপ্তাহ - ১.০৮ কোটি, দ্বিতীয় সপ্তাহ - ০.৪০ কোটি, তৃতীয় সপ্তাহ - ১০.৪০ কোটি, চতুৰ্থ সপ্তাহ - ৬১.০০ কোটি, পঞ্চম সপ্তাহ - ৯০.২৫ কোটি এনেকৈয়ে বৰ্তমানলৈকে ৩০৯.১৫ কোটি টকা উপাৰ্জন হৈছে।
#HanumanAnsh 42 Days Worldwide Collection ₹322CR 🔥🔥🔥🔥🔥🔥
— Asian Box Office (@AsianBoxOffice) September 18, 2026
Total Profit: ₹320CR 🔥🔥🔥
Biggest Blockbuster in Bollywood History 🔥💥 pic.twitter.com/7Qg5hTUkGH
মাত্ৰ ২ কোটি টকাৰ বাজেটেৰে নিৰ্মিত এখন ছবিয়ে বক্স অফিচত অভিলেখ সৃষ্টিকাৰী ৩০৯.১৫ কোটি টকা উপাৰ্জন কৰি বৰ্তমান ভাৰতীয় চলচ্চিত্ৰ জগতত ইতিহাসৰ সৃষ্টি কৰিছে। বৰ্তমানলৈকে 'Hanuman Ansh' ছবিখনৰ মুঠ লাভ হৈছে ১৫,৩৫৭.৫ শতাংশ।
নিম কৰোলি বাবাৰ জন্ম প্ৰায় ১৯০০ চনত উত্তৰ প্ৰদেশৰ ফিৰোজাবাদ জিলাৰ আকবৰপুৰ গাঁৱত হৈছিল। মৃত্যু উত্তৰ প্ৰদেশৰ বৃন্দাবনত ১১ ছেপ্টেম্বৰ, ১৯৭৩ চনত হৈছিল।
কাইঁচি ধাম ১৯৬৪ চনত নিম কৰোলি বাবাই প্ৰতিষ্ঠা কৰিছিল আৰু এই পবিত্ৰ আশ্ৰমখন উত্তৰাখণ্ডৰ নৈনিতাল জিলাত অৱস্থিত।
ষ্টিভ জবছে এপল কোম্পানী প্ৰতিষ্ঠা কৰাৰ আগতে ১৯৭৪ চনত ভাৰতলৈ আহিছিল আৰু কাইঁচি ধাম আশ্ৰম দৰ্শন কৰিছিল।
২০০৮ চনৰ সময়ছোৱাত ফেচবুক কোম্পানীটো কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছিল। সেই সময়ত মাৰ্ক জুকাৰবাৰ্গ মানসিকভাৱে যথেষ্ট দুৰ্বল হৈ পৰিছিল। সেই সময়ৰ এপল কোম্পানীৰ CEO ষ্টিভ জবছৰ পৰামৰ্শ অনুসৰি তেওঁ ২০০৮ চনত কাইঁচি ধাম দৰ্শন কৰিছিল। এই আশ্ৰমত কটোৱা সময়খিনিয়ে মাৰ্ক জুকাৰবাৰ্গক মানসিকভাবে স্থিৰ কৰি তুলিছিল আৰু ফেচবুকৰ ভৱিষ্যতৰ দিশ নিৰ্ধাৰণ কৰাত সহায় কৰিছিল।
