২০২৫ বৰ্ষৰ অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰাপকৰ সম্পূৰ্ণ তালিকা
শেহতীয়াকৈ ৰাজ্য চৰকাৰে ২০২৫ বৰ্ষৰ বাবে অসমৰ সৰ্বোচ্চ অসামৰিক বঁটাসমূহ- অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকসকলৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে নিৰ্বাচিত হোৱা ব্যক্তি তথা প্ৰতিষ্ঠানসমূহৰ তালিকা তলত আগবঢ়োৱা হ'ল।
| বঁটাৰ শিতান | প্ৰাপকৰ নাম | অৱদানৰ ক্ষেত্ৰ | জিলা |
|---|---|---|---|
| অসম বৈভৱ | ড° হৰ্ষ ভট্টাচাৰ্য | স্বাস্থ্য আৰু জনসেৱা | শিলচৰ |
| অসম সৌৰভ | ড° কুশল কোঁৱৰ শৰ্মা | বন্যপ্ৰাণী সংৰক্ষণ (হাতী বিশেষজ্ঞ) | কামৰূপ (মঃ) |
| অসম সৌৰভ | শ্ৰী নুৰুদ্দিন আহমেদ | থিয়েটাৰ কলা / মঞ্চসজ্জা | নলবাৰী |
| অসম সৌৰভ | শ্ৰী পুলক বেনাৰ্জী | কলা আৰু সংস্কৃতি (নেপথ্য আৰু আধুনিক কণ্ঠশিল্পী) | কামৰূপ (মঃ) |
| অসম সৌৰভ | ড° পূৰ্ণিমা দেৱী বৰ্মন | বন্যপ্ৰাণী সংৰক্ষণ (হাড়গিলা) | কামৰূপ |
| অসম গৌৰৱ | শ্ৰী দেৱী প্ৰসাদ বাগ্ৰোদিয়া | লেখক (অসমীয়া সংস্কৃতি আৰু সাহিত্য) | ডিব্ৰুগড় |
| অসম গৌৰৱ | শ্ৰী হলিচৰণ নাৰ্জাৰী | ক্ৰীড়া (ফুটবল) | কোকৰাঝাৰ |
| অসম গৌৰৱ | শ্ৰীমতী ছিমু দাস | ক্ৰীড়া (ব্লাইণ্ড ক্ৰিকেট) | নগাঁও |
| অসম গৌৰৱ | শ্ৰী হৰকান্ত বসুমতাৰী | কৃষি (পাম অইল খেতি) | গোৱালপাৰা |
| অসম গৌৰৱ | শ্ৰী ধনজিৎ তালুকদাৰ | পাণ্ডুলিপি সংৰক্ষণ | কামৰূপ (মঃ) |
| অসম গৌৰৱ | শ্ৰীমতী নিবেদিতা য়েইন | উদ্যোগী (খাদ্য আৰু পৰ্যটন) | শিৱসাগৰ |
| অসম গৌৰৱ | শ্ৰী মায়াংক চক্ৰৱৰ্তী | ক্ৰীড়া (দবা) | কামৰূপ (মঃ) |
| অসম গৌৰৱ | শ্ৰী জিতেন চাৰাংফাংচা | কৃষি উদ্যোগী (আদা খেতি) | কাৰ্বি আংলং |
| অসম গৌৰৱ | শ্ৰীমতী তনুমায়া সোণাৰ বিশ্বকৰ্মা | লাখপতি বাইদেউ (দুগ্ধজাত সামগ্ৰী) | শিৱসাগৰ |
| অসম গৌৰৱ | শ্ৰী দিকপাল লাহন | ভ্ৰমণ আৰু পৰ্যটন | লখিমপুৰ |
| অসম গৌৰৱ | কলং কপিলী ইনষ্টিটিউট | এন জি অ' (মীন পালন) | কামৰূপ (মঃ) |
| অসম গৌৰৱ | পদুমপথাৰ এগ্ৰো অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেড | কৃষক উৎপাদক সংস্থা (FPO) | গোলাঘাট |
🏆 ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা
অসম চৰকাৰে ঘোষণা কৰা অনুসৰি, এইবাৰৰ মৰ্যদাপূৰ্ণ ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা যশস্বী ভাৰতীয় কণ্ঠশিল্পী ঊষা মংগেশকাৰলৈ আগবঢ়োৱা হৈছে।
উল্লেখযোগ্য যে, সুধাকণ্ঠৰ স্মৃতিত এই বিশেষ ৰাষ্ট্ৰীয় বঁটা প্ৰতি ৩ বছৰৰ অন্তৰে অন্তৰে প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
