ৰাছিয়াৰ গৱেষণাগাৰত প্লেগৰ আতংক: এগৰাকী গৱেষকৰ মৃত্যু আৰু বিশ্বজুৰি চাঞ্চল্য
শেহতীয়াকৈ ৰাছিয়াৰ ছাইবেৰিয়া অঞ্চলত সংঘটিত হোৱা এক ঘটনাই সমগ্ৰ বিশ্বত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাছিয়াৰ এটা আগশাৰীৰ প্লেগ গৱেষণা কেন্দ্ৰত কৰ্মৰত এগৰাকী ২৮ বছৰীয়া গৱেষকৰ ৰহস্যজনক মৃত্যুৰ পিছত বিশ্বত এই খবৰ বিয়পি পৰিছে, কিয়নো ইতিহাসৰ পাতত Black Death হিচাপে যাক কোৱা হয় প্লেগ ৰোগ, এই ৰোগে ৫৪১-৫৪২ খ্ৰীষ্টাব্দত, ১৩৪৭-১৩৫১ চনত আৰু ১৮৫৫ চনৰ পৰা ২০ শতিকালৈ ভয়ংকৰ মহামাৰীৰ ৰূপ লৈ বিশ্বত হাহাকাৰ সৃষ্টি কৰিছিল।
যোৱা ২ অক্টোবৰত ছাইবেৰিয়াৰ শ্বেলেখভ চহৰত অৱস্থিত - Irkutsk Anti-Plague Research Institute ৰ এগৰাকী মহিলা গৱেষক - Darya Shipilova ৰ তীব্ৰ নিউমোনিয়াত আক্ৰান্ত হৈ মৃত্যু হয়। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, গৱেষণাগাৰত পৰীক্ষা নিৰীক্ষা কৰি থকাৰ সময়ত তেওঁৰ হাতৰ পৰা ভুলবশতঃ প্লেগ বেক্টেৰিয়া (Yersinia pestis) থকা এটা টেষ্ট টিউব সৰি ভাঙি গৈছিল। ইয়াৰ কেইদিনমান পিছতেই তেওঁ তীব্ৰ শ্বাসকষ্ট আৰু নিউমোনিয়াত আক্ৰান্ত হৈ চিকিৎসালয়ত মৃত্যুবৰণ কৰে।
ঘটনাটো পোহৰলৈ অহাৰ লগে লগে ৰাছিয়াৰ স্বাস্থ্য কৰ্তৃপক্ষই দ্ৰুতগতিত সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে:-
মৃত গৱেষকগৰাকীৰ সংস্পৰ্শলৈ অহা প্ৰায় ২০০ জন লোকক তাৎক্ষণিকভাৱে নিৰীক্ষণ আৰু কোৱাৰেণ্টাইনৰ অধীনত ৰখা হৈছে। অঞ্চলটোৰ কেইবাখনো চিকিৎসালয় সাধাৰণ ৰোগীৰ বাবে বন্ধ কৰি দিয়া হৈছে।
ৰাছিয়াৰ স্বাস্থ্য নিৰীক্ষণ সংস্থা -(Rospotrebnadzor) Federal Service for the Oversight of Consumer Protection and Welfare এ এই মৃত্যুক "অজ্ঞাত কাৰণৰ নিউমোনিয়া" বুলি অভিহিত কৰিছে। তেওঁলোকে জনাইছে যে বৰ্তমানলৈকে নিৰীক্ষণত থকা কাৰো দেহত প্লেগৰ সংক্ৰমণ ধৰা পৰা নাই আৰু পৰিস্থিতি নিয়ন্ত্ৰণত আছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ' আৰু ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ৰাছিয়াক এই ঘটনাৰ বিষয়ে অধিক স্বচ্ছ তথ্য বিশ্ববাসীৰ সৈতে ভাগ-বতৰা কৰিবলৈ আহ্বান জনাইছে। বিশ্ব স্বাস্থ্য সংস্থায়ো (WHO) World Health Organization পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু বৰ্তমানলৈকে সাধাৰণ জনতাৰ বাবে বিপদৰ আশংকা অতি কম বুলি জানিবলৈ দিছে।
নিউমোনিক প্লেগ (Pneumonic Plague) কি আৰু ই কিমান ভয়ংকৰ?
প্লেগ প্ৰধানকৈ তিনি প্ৰকাৰৰ - ১/ Bubonic, ২/ Septicemic, ৩/ Pneumonic, যাৰ ভিতৰত নিউমোনিক প্লেগ আটাইতকৈ মাৰাত্মক।
ই পোনপটীয়াকৈ মানুহৰ হাওঁফাওঁত আক্ৰমণ কৰে।
ক'ভিড-১৯ ৰ দৰে ই উশাহ-নিশাহ বা কফৰ জৰিয়তে এজনৰ পৰা আনজনলৈ বিয়পিব পাৰে।
সময়মতে চিকিৎসা নকৰিলে ই মাৰাত্মক হ'ব পাৰে, কিন্তু প্ৰাৰম্ভিক অৱস্থাতে ধৰা পৰিলে সাধাৰণ এণ্টিবায়োটিকৰ জৰিয়তে ইয়াক সম্পূৰ্ণৰূপে নিৰাময় কৰিব পাৰি।
ইতিহাসৰ পাতত Black Death হিচাপে পৰিচিত এই ৰোগৰ বীজাণু আজিও ছাইবেৰিয়াৰ দৰে পৃথিৱীৰ কিছুমান অংশত বনৰীয়া নিগনিৰ মাজত প্ৰাকৃতিকভাৱে জীৱিত অৱস্থাত আছে। ৰাছিয়াৰ দ্ৰুত আইছ'লেচন প্ৰক্ৰিয়াৰ বাবে এই সংক্ৰমণ মহামাৰীৰ ৰূপ লোৱাৰ সম্ভাৱনা নাই বুলিয়েই বৰ্তমান স্বাস্থ্য বিশেষজ্ঞসকলে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে।
