নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি ভাৰত চৰকাৰৰ PM-RAHAT Scheme 2026 (Prime Minister - Road Accident Victims) ৰ বিষয়ে আলোচনা কৰিম, এই PM-RAHAT Scheme 2026 আঁচনিখনে কেনেকৈ ভাৰতৰ জনসাধাৰণক উপকৃত কৰিব, এই আঁচনিখনৰ বিষয়ে জানিলেহে প্ৰয়োজনত উপকৃত হ'ব সেই উদ্দেশ্য আগত ৰাখি এই PM-RAHAT Scheme 2026 ৰ বিষয়ে আলোচনা কৰিবলৈ আগবঢ়া হৈছে।
Motor Vehicles Act, ১৯৮৮ ৰ ধাৰা ১৬২ ৰ অধীনত প্ৰধানমন্ত্ৰী - পথ দুৰ্ঘটনাগ্ৰস্তৰ চিকিৎসালয়ত ভৰ্তি আৰু নিশ্চিত চিকিৎসা (PM-RAHAT) আঁচনিখন ২০২৬ চনৰ ১৩ ফেব্ৰুৱাৰী তাৰিখে সমগ্ৰ দেশজুৰি মুকলি কৰা হৈছিল।
ভাৰত চৰকাৰে পথ দুৰ্ঘটনাত পতিত হোৱা লোকসকলৰ জীৱন ৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ১৩ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰা এই নতুন PM-RAHAT আঁচনিখনৰ জৰিয়তে দুৰ্ঘটনাত পতিত ব্যক্তিয়ে নিৰ্ধাৰিত চিকিৎসালয়ত নিজৰ হাতৰ পৰা কোনো ধন খৰচ নকৰাকৈ তৎকালীন চিকিৎসা লাভ কৰিব পাৰিব।
তলত এই আঁচনিখনৰ বিষয়ে সবিশেষ আলোচনা কৰা হ'ল:-
যিকোনো মটৰ বাহনৰ দুৰ্ঘটনাত পতিত হোৱা প্ৰতিগৰাকী ভুক্তভোগীয়ে সৰ্বোচ্চ ১.৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিব।
দুৰ্ঘটনা সংঘটিত হোৱাৰ দিনাৰ পৰা সৰ্বোচ্চ ৭ দিনলৈকে এই চিকিৎসা (Treatment cover) PM-RAHAT Scheme 2026 আঁচনিৰ পৰা প্ৰদান কৰা হ'ব।
ৰোগীৰ অৱস্থা সুস্থিৰ কৰাৰ বাবে নিৰ্ধাৰিত চিকিৎসালয়ত ২৪ ঘণ্টাৰ পৰা (সংকটজনক অৱস্থাৰ ক্ষেত্ৰত ৪৮ ঘণ্টালৈকে) জৰুৰীকালীন চিকিৎসা প্ৰদান কৰা হ'ব।
চিকিৎসালয়ৰ খৰচ ৰোগীয়ে ভৰিব নালাগে। ইয়াৰ ধন চৰকাৰৰ 'মটৰ বাহন দুৰ্ঘটনা পুঁজি'ৰ (MVAF - Motor Vehicle Accident Fund) জৰিয়তে পোনপটীয়াকৈ চিকিৎসালয়ক প্ৰদান কৰা হ'ব। আনকি খুন্দা মাৰি পলাই যোৱা (Hit & Run) ঘটনাৰ ক্ষেত্ৰতো চৰকাৰে বাজেটৰ পৰা ধনৰ যোগান ধৰিব।
এই সুবিধা লাভ কৰিবলৈ কোনো বিশেষ শ্ৰেণীৰ প্ৰয়োজন নাই। মটৰ বাহনৰ ফলত হোৱা যিকোনো পথ দুৰ্ঘটনাৰ বলি হোৱা সকলো ব্যক্তিয়েই ইয়াৰ যোগ্য হ'ব।
এই PM-RAHAT Scheme ৰ সুবিধা কেনেকৈ লাভ কৰিব?
দুৰ্ঘটনা সংঘটিত হ'লে লগে লগে 112 ERSS - Emergency Response Support System জৰুৰীকালীন নম্বৰত কল কৰিব পাৰে। ইয়াৰ জৰিয়তে ওচৰৰ নিৰ্ধাৰিত চিকিৎসালয় আৰু এম্বুলেন্সৰ তথ্য লাভ কৰিব পাৰি আৰু আহত ব্যক্তিজনে নিজে বা তেওঁক সহায় কৰিবলৈ যোৱা যিকোনো মানুহে (যাক চৰকাৰে 'RAH-VEER' বুলি নাম দিছে) এই 112 নম্বৰত ফোন কৰি ওচৰৰ চিকিৎসালয়ৰ খবৰ ল'ব পাৰে বা এম্বুলেন্স মাতিব পাৰে, অথবা প্ৰয়োজন অনুসৰি দুয়োটা সুবিধাই ল'ব পাৰে।
আহত ব্যক্তিজনক চিকিৎসালয়লৈ নিয়াৰ লগে লগে চিকিৎসালয় কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষৰ (NHA - National Health Authority) নিয়ম অনুসৰি পলম নকৰাকৈ লগে লগে চিকিৎসা আৰম্ভ কৰিব লাগিব।
এই বিনামূলীয়া চিকিৎসাৰ সুবিধাটো সুচাৰুৰূপে চলাবলৈ চৰকাৰে দুটা অনলাইন ছফ্টৱেৰ বা পৰ্টেল একেলগ কৰিছে যাৰ দ্বাৰা ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগে লগে TMS 2.0 (Transaction Management System) আৰু eDAR (Electronic Detailed Accident Report) প্লেটফৰ্মৰ জৰিয়তে আৰক্ষীৰ প্ৰমাণীকৰণ আৰু চিকিৎসা একেলগে আৰম্ভ হ'ব।
'আয়ুষ্মান ভাৰত' (AB PM-JAY - Ayushman Bharat Pradhan Mantri Jan Arogya Yojana) আঁচনিৰ অধীনত থকা চিকিৎসালয়সমূহতো এই আঁচনিৰ সুবিধা উপলব্ধ হ'ব। ৯ মাৰ্চ ২০২৬ লৈকে চৰকাৰী তথ্য অনুসৰি NHA ৰ অধীনত ৩৬,১১২ খন তালিকাভুক্ত চিকিৎসালয় আছে।
PM-RAHAT Scheme 2026 (Prime Minister - Road Accident Victims) আঁচনিখনৰ গুৰুত্ব:-
পথ দুৰ্ঘটনাৰ ক্ষেত্ৰত দুৰ্ঘটনাৰ পিছৰ প্ৰথম এঘণ্টা সময়ক 'Golden Hour' বুলি কোৱা হয়। সময়মতে চিকিৎসা নাপালে বহু লোকৰ অকাল মৃত্যু হয়। PM-RAHAT আঁচনিৰ মূল উদ্দেশ্য হৈছে এই গুৰুত্বপূৰ্ণ সময়ছোৱাত ভুক্তভোগীৰ পৰিয়ালৰ আৰ্থিক অৱস্থালৈ লক্ষ্য নকৰি, কেৱল জীৱন ৰক্ষাত গুৰুত্ব দি তৎকালীনভাৱে উন্নত চিকিৎসা প্ৰদান কৰা।
চৰকাৰৰ এনে গুৰুত্বপূৰ্ণ আঁচনিৰ বিষয়ে দেশৰ সকলো নাগৰিকে জনাটো অতি আৱশ্যক আৰু APSC, ADRE আৰু অসম চৰকাৰৰ পৰীক্ষাসমূহৰ বাবে এই আঁচনিখনৰ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'ব বুলি আশা কৰিছোঁ, ধন্যবাদ।
