Good Samaritan আইনৰ বিষয়ে




আমাৰ চকুৰ সন্মুখত পথ দুৰ্ঘটনা ঘটিলে আমি সহায় কৰিবলৈ আগবাঢ়ি যাওঁ যদিও কিছুমান ভয়ৰ সৃষ্টি হয়। আৰক্ষীৰ জেৰা, চিকিৎসালয়ৰ আইনী মেৰপাক আৰু আদালতলৈ যাব লগীয়া হব পাৰে নেকি ইত্যাদি চিন্তাই আগুৰি ধৰে। কিন্তু আপুনি জানেনে? আপোনাৰ এই ভয় দূৰ কৰিবলৈ আৰু দুৰ্ঘটনাত পতিত লোকৰ প্ৰাণ ৰক্ষা কৰিবলৈ ভাৰত চৰকাৰে আৰম্ভ কৰিছে এক যুগান্তকাৰী আইন। আইন খনৰ নাম Good Samaritan আইন।

​কি এই Good Samaritan আইন?

বিগত দহ বছৰত ভাৰতত পথ দুৰ্ঘটনাই ১৩ লাখৰো অধিক লোকৰ প্ৰাণ কাঢ়ি নিছে। ভাৰতীয় আইন আয়োগৰ (Law Commission of India) মতে, এই দুৰ্ঘটনাৰ বলি হোৱা ৫০ শতাংশ লোকৰে মৃত্যুৰ কাৰণ আছিল এনে কিছুমান আঘাত, যিবোৰ প্ৰতিৰোধ কৰিব পৰা গ’লহেঁতেন। যদিহে তেওঁলোকে সঠিক সময়ত চিকিৎসা পালেহেঁতেন। পথ দুৰ্ঘটনাৰ সময়ত প্ৰতিটো চেকেণ্ড অতি গুৰুত্বপূৰ্ণ, বিশেষকৈ সংকটজনক প্ৰথম ৬০ মিনিটত বা Golden Hour ত যদি সঠিক চিকিৎসা পোৱা যায়, তেন্তে মৃত্যুৰ হাৰ ৩০ শতাংশলৈ হ্ৰাস কৰিব পৰা যায়।  ভাৰতত আইনী মেৰপাক আৰু আৰক্ষীৰ হাৰাশাস্তিৰ ভয়ত পথচাৰীসকলে আহত লোকক সহায় কৰিবলৈ কুণ্ঠাবোধ কৰিছিল। তেনেক্ষেত্ৰত এই সমস্যা সমাধানৰ বাবে Good Samaritan আইন প্ৰৱৰ্তন কৰা হৈছে।

​সহজ অৰ্থত ক’বলৈ গ’লে, যি ব্যক্তিয়ে পথ দুৰ্ঘটনাত আহত হোৱা কোনো লোকক সহায় কৰে বা চিকিৎসালয়লৈ লৈ যায়, তেওঁকেই Good Samaritan বোলা হয়। এনে লোকসকলক উৎসাহিত কৰিবলৈ আৰু তেওঁলোকক আইনী সুৰক্ষা প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এই আইন প্ৰৱৰ্তন কৰিছে।

ভাৰতৰ Good Samaritan আইনখন ২০১৬ চনৰ ৩০ মাৰ্চত ভাৰতৰ উচ্চতম ন্যায়ালয়ে এখন বিধেয়ক হিচাপে অনুমোদন জনাইছিল। ইয়াৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে সহায়কাৰীসকলৰ সুৰক্ষাৰ বাবে কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাজপথ মন্ত্ৰালয়ে জাৰি কৰা নীতি-নিৰ্দেশনাসমূহক 'আইনী শক্তি' প্ৰদান কৰে।
​ইয়াৰ পৰৱৰ্তী সময়ত বিভিন্ন ৰাজ্য চৰকাৰসমূহে নিজাকৈ চৰকাৰী নিৰ্দেশনা জাৰি কৰে। এই গুৰুত্বপূৰ্ণ ব্যৱস্থাসমূহক ২০১৯ চনৰ মটৰ বাহন সংশোধনী আইনত (Motor Vehicles Act 2019)  ধাৰা 134A অধীনত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰা হয় আৰু ২০২০ চনত Good Samaritan নীতিসমূহ অধিসূচিত কৰিছিল।

এজন Good Samaritan ক আৰক্ষীয়ে বলপূৰ্বকভাৱে থানালৈ মাতিব নোৱাৰে। যদি বিচাৰে নিজৰ পৰিচয় গোপন ৰাখিব পাৰে। চিকিৎসালয়েও সহায় কৰা লোকক কোনো প্ৰশ্ন কৰি হাৰাশাস্তি কৰিব নোৱাৰিব।

আপুনি জানেনে -

শেহতীয়া তথ্য অনুসৰি ভাৰতত -
কেৱল ভাৰততে প্ৰতি বছৰে ২,০০,০০০ (২ লাখ) তকৈ অধিক লোকে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায়।

ভাৰতৰ পথত প্ৰতি ঘণ্টাত গড়ে ১৭ জন লোকৰ মৃত্যু হয়।

বছৰি প্ৰায় ৪.০৭ লাখ লোক দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হয়।

এই দুৰ্ঘটনাসমূহৰ ফলত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ (GDP) প্ৰায় ৩ শতাংশ অৰ্থনৈতিক ক্ষতি হয়।

এক সমীক্ষাত প্ৰকাশ পোৱা মতে, পথ দুৰ্ঘটনাৰ বলি হোৱা ৫০ শতাংশ লোকৰ মৃত্যুৰ মূল কাৰণ হ’ল সময়মতে চিকিৎসাৰ অভাৱ। যদি দুৰ্ঘটনাৰ প্ৰথম ১ ঘণ্টাৰ ভিতৰত উপযুক্ত চিকিৎসা প্ৰদান কৰিব পৰা যায়, তেন্তে মৃত্যুৰ হাৰ যথেষ্ঠ হ্ৰাস পাব। Good Samaritan আইনখনে সেই ক্ষেত্ৰত সাহস দিবলৈ চেষ্টা কৰিছে।

​Good Samaritan আইনৰ অন্তৰ্ভুক্ত অৰ্থ লাভ কৰিব পৰা পুৰস্কাৰ ২০২৬ চন অনুসৰি-

পথ দুৰ্ঘটনাত আহত ব্যক্তিক চিকিৎসালয়লৈ লৈ অহা সহায়কাৰীক কেন্দ্ৰীয় চৰকাৰে ২৫,০০০ টকাৰ পুৰস্কাৰ প্ৰদান কৰিব।
দুৰ্ঘটনাত আহত ব্যক্তিয়ে ১,৫০,০০০ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব।
​ এই সাহায্যৰ ধন পথ সুৰক্ষা পুঁজি আৰু গাড়ী কিনাৰ সময়ত কৰা থাৰ্ড পাৰ্টী বীমাৰ জৰিয়তে প্ৰদান কৰা হ’ব বুলি ভাৰতৰ কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাদকাৰীয়ে ৮ জানুৱাৰী, ২০২৬ চনৰ এক বৈঠকত ঘোষণা কৰিছে।

​এই ​Good Samaritan আঁচনিৰ অধীনত সহায়কাৰীসকলক এতিয়াৰ পৰা 'ৰাহবীৰ' (Rahveer) বুলি অভিহিত কৰা হ'ব বুলিও তেওঁ কয়।

Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →
নতুন আপডেট

ভোগৰ উৎসৱ ভোগালী: শৈশৱৰ মাঘ বিহুৰ সোঁৱৰণি আৰু পৰম্পৰা

মাঘ বিহুৰ বিষয়ে ভোগালী বিহু অসমীয়া সংস্কৃতিৰ এক অমূল্য সম্পদ।

সম্পূৰ্ণ পঢ়ক →