আজি ২৯ ছেপ্টেম্বৰ 'বিশ্ব হৃদযন্ত্ৰ দিৱস' সমগ্ৰ বিশ্বতে
পালন কৰা হৈছে। বৰ্তমান সময়ত আমাৰ অস্বাস্থ্যকৰ জীৱনশৈলী
আৰু খাদ্যাভ্যাসৰ বাবে হৃদৰোগৰ সমস্যা ইমানেই বৃদ্ধি পাইছে
যে, আনকি ২০-৩০ বছৰীয়া যুৱক-যুৱতীসকলো হাৰ্ট এটেকৰ দৰে
গুৰুতৰ ৰোগৰ বলি হ'বলগীয়া হৈছে। বিশ্ব স্বাস্থ্য সংস্থা (WHO)
ৰ সহযোগত World Heart Federation - WHF
নামৰ সংস্থাটোৱে পোনপ্ৰথমে 'বিশ্ব হৃদযন্ত্ৰ দিৱস'ৰ আৰম্ভণি
কৰিছিল। ৱৰ্ল্ড হাৰ্ট ফেডাৰেচনৰ তদানীন্তন সভাপতি Antoni
Bayés de Luna ই ১৯৯৭ চনৰ পৰা ১৯৯৯ চনৰ ভিতৰত
এই দিৱস পালনৰ ধাৰণাটো আগবঢ়াইছিল।
২০০০ চনৰ ২৪ ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে বিশ্ব হৃদযন্ত্ৰ দিৱস
পালন কৰা হৈছিল। পৰৱৰ্তী সময়ত, ২০১২ চনত এই
তাৰিখ সলনি কৰি প্ৰতি বছৰে ২৯ ছেপ্টেম্বৰত পালন কৰাৰ
সিদ্ধান্ত লোৱা হয়।
বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, সমগ্ৰ বিশ্বতে মৃত্যুৰ প্ৰধান
কাৰণ হৈছে কাৰ্ডিঅ'ভাছকুলাৰ ৰোগ (CVD)।
প্ৰতি বছৰে বিশ্বত প্ৰায় ১.৮ ৰ পৰা ১.৯ কোটি লোকৰ
কেৱল হৃদৰোগৰ ফলতেই মৃত্যু হয়, যিটো মুঠ মৃত্যুৰ প্ৰায় ৩২%।
হৃদৰোগত (CVD) মৃত্যুৰ শেহতীয়া পৰিসংখ্যা (২০১৫ - ২০২৫)
| বৰ্ষ | মৃত্যুৰ সংখ্যা | বিশ্বৰ মুঠ মৃত্যুৰ হাৰ | |
|---|---|---|---|
| ২০১৫ | ১.৭৭ কোটি | ৩১% | - |
| ২০২২ | ১.৯৮ কোটি | ৩২% | ৮৫% মৃত্যু কেৱল হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ বাবে |
| ২০২৪-২০২৫ | ২.০৫ কোটি | শেহতীয়া আনুমানিক তথ্য |
উৎস: বিশ্ব স্বাস্থ্য সংস্থা (WHO) আৰু ৱৰ্ল্ড হাৰ্ট ফেডাৰেচন (WHF)
বিশ্ব হৃদযন্ত্ৰ দিৱস পালনৰ মূল লক্ষ্য হৈছে:-
হৃদৰোগৰ ভয়াবহতাৰ বিষয়ে মানুহৰ মাজত সজাগতা সৃষ্টি কৰা।
ৰক্তচাপ, ডায়েবেটিচ আৰু কলেষ্টেৰলৰ দৰে বিপদাশংকাৰ কাৰকবোৰৰ পৰীক্ষা আৰু নিয়ন্ত্ৰণ কৰা।
সকলোৰে বাবে হৃদযন্ত্ৰৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিবলৈ চৰকাৰক আহ্বান জনোৱা।
২০২৬ চনৰ বিশ্ব হৃদযন্ত্ৰ দিৱসৰ বিষয়বস্তু হৈছে - “Don’t Miss a Beat”
কেনেদৰে হৃদযন্ত্ৰ সুস্থ ৰাখিব পাৰি:-
হৃদযন্ত্ৰ সুস্থ ৰাখিবলৈ আমি জীৱনশৈলীত কিছুমান সৰু সৰু পৰিৱৰ্তন অনাটো অতি প্ৰয়োজনীয়। তলত হৃদযন্ত্ৰ সুস্থ ৰাখিবলৈ কিছুমান কাম উল্লেখ কৰা হৈছে।
হৃদযন্ত্ৰ স্বাস্থ্যৰ বাবে কি কি কৰিব লাগে:-
দিনটোত অন্ততঃ ৩০ মিনিট খোজকঢ়া, প্ৰতি সপ্তাহত কমেও ১৫০ মিনিট মজলীয়া ধৰণৰ ব্যায়াম কৰক। চাইকেল চলোৱা বা সাঁতোৰাৰ দৰে অভ্যাস গঢ়ি তোলক।
দৈনিক ৭-৮ ঘণ্টাৰ টোপনি শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। মানসিক চাপ হ্ৰাস কৰিবলৈ যোগাসন বা গভীৰ উশাহ-নিশাহৰ অনুশীলন কৰা উচিত।
ৰক্তচাপ, ব্লাড চুগাৰ আৰু কলেষ্টেৰল পৰীক্ষা কৰাওক উচ্চ ৰক্তচাপৰ প্ৰায়ে কোনো লক্ষণ নাথাকে, সেয়ে ইয়াক নিৰৱ ঘাতক বুলি কোৱা হয়।
শৰীৰৰ অতিৰিক্ত মেদ, পেটৰ চৰ্বিয়ে হৃদৰোগৰ আশংকা বঢ়ায়, সেয়েহে সঠিক ওজন বজাই ৰাখিবলৈ চেষ্টা কৰক।
হৃদযন্ত্ৰ স্বাস্থ্যৰ বাবে কি কি কৰিব নালাগে:-
ধপাত বা চিগাৰেটে ৰক্তবাহী নলীৰ ক্ষতি কৰে আৰু হাৰ্ট এটেকৰ আশংকা বহুগুণে বৃদ্ধি কৰে।
অত্যধিক মদ্যপানে ৰক্তচাপ বৃদ্ধি কৰে, যি হৃদযন্ত্ৰৰ বাবে অতি ক্ষতিকাৰক।
একেঠাইতে দীৰ্ঘ সময় ধৰি বহি থকা অভ্যাস ত্যাগ কৰক। কৰ্মক্ষেত্ৰত মাজতে উঠি অলপ খোজ কাঢ়িবলৈ চেষ্টা কৰক।
বুকুত বিষ বা হেঁচা মাৰি ধৰা, অকাৰণত ভাগৰ লগা, উশাহ চুটি হোৱা, বাওঁ হাত আৰু ডিঙিলৈ বিষ বিয়পি পৰিলে লগে লগে চিকিৎসকৰ কাষ চাপক।
হৃদযন্ত্ৰৰ স্বাস্থ্য ভালে ৰাখিবলৈ কি কি খাব আৰু কি কি নাখাব:-
হৃদযন্ত্ৰৰ বাবে উপকাৰী খাদ্য:-
আপেল, কমলা, জামুক, পালেং শাক, বিলাহী আৰু গাজৰ আদি প্ৰচুৰ পৰিমাণে খাওক।
ওটছ, ব্ৰাউন ৰাইচ আৰু গোটা ঘেঁহুৰ ব্যৱহাৰ কৰক, যিয়ে বেয়া কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে।
কাঠবাদাম, আখৰোট, চিয়া চিডছ আদিত স্বাস্থ্যকৰ ফেট থাকে।
দাইল, ৰাজমাহ, বুট আদি উদ্ভিদভিত্তিক প্ৰটিনৰ উৎস। ৰন্ধন কাৰ্যত অত্যাধিক ঘিউ বা মাখনৰ সলনি অলিভ অইল বা পৰিষ্কাৰ মিঠাতেল পৰিমিত ৰূপত ব্যৱহাৰ কৰিব পাৰে।
হৃদযন্ত্ৰৰ বাবে ক্ষতিকাৰক খাদ্য:-
চিপছ, পেকেটজাতীয় খাদ্য, ইনষ্টেণ্ট নুডলছ আদিত ট্ৰেন্স ফেট আৰু অতিৰিক্ত নিমখ থাকে। মিঠাই, বেকাৰী সামগ্ৰী আৰু শীতল পানীয় পৰিহাৰ কৰক। অত্যাধিক তেলত ভজা বস্তুত অস্বাস্থ্যকৰ চৰ্বি থাকে। ৰেড মিট, প্ৰচেছড ৰেড মিট আদিত চৰ্বি থাকে। এই চৰ্বিয়ে তেজত থকা বেয়া কলেষ্টেৰলৰ (LDL) মাত্ৰা অস্বাভাৱিকভাৱে বৃদ্ধি কৰে। সংৰক্ষণ কৰি ৰখা ৰেড মিটত ছচেজ, বেকন আৰু প্ৰচুৰ পৰিমাণে ছ'ডিয়াম আৰু কৃত্ৰিম ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়।
"বিশেষ দ্ৰষ্টব্য: এই লেখাটো কেৱল সাধাৰণ সজাগতা আৰু শিক্ষাৰ বাবেহে আগবঢ়োৱা হৈছে। কোনো স্বাস্থ্যজনিত পৰামৰ্শ বা চিকিৎসাৰ বাবে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।"
প্ৰতি বছৰে বিশ্ব হৃদযন্ত্ৰ দিৱস (World Heart Day) কেতিয়া পালন কৰা হয়?
A) ২২ অক্টোবৰ
B) ২৯ ছেপ্টেম্বৰ
C) ১৯ আগষ্ট
D) ৭ এপ্ৰিল
উত্তৰ:- B) ২৯ ছেপ্টেম্বৰ
কোনটো সংস্থাই পোনপ্ৰথমে বিশ্ব হৃদযন্ত্ৰ দিৱস পালনৰ ধাৰণাটো আগবঢ়াইছিল?
A) ৱৰ্ল্ড হাৰ্ট ফেডাৰেচন
B) ইণ্টাৰনেচনেল ৰেড ক্ৰছ
C) বিশ্ব স্বাস্থ্য সংস্থা
D) ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ
উত্তৰ:- A) ৱৰ্ল্ড হাৰ্ট ফেডাৰেচন
মানুহৰ হৃদযন্ত্ৰত কেইটা কোঠালি থাকে?
A) ৬ টা
B) ২ টা
C) ৩ টা
D) ৪ টা
উত্তৰ:- D) ৪ টা
হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা আৰু স্পন্দন পৰীক্ষা কৰিবলৈ সাধাৰণতে কোনটো পৰীক্ষা কৰা হয়?
A) MRI
B) EMG
C) ECG
D) EEG
উত্তৰ:- C) ECG
এজন সুস্থ প্ৰাপ্তবয়স্ক মানুহৰ হৃদযন্ত্ৰ এক মিনিটত সাধাৰণতে কিমানবাৰ Heartbeat হয়?
A) ৫০-৬০ বাৰ
B) ৪০-৫০ বাৰ
C) ১০০-১২০ বাৰ
D) ৬০-১০০ বাৰ
উত্তৰ:- D) ৬০-১০০ বাৰ
Reference links -
- https://www.who.int/news-room/fact-sheets/detail/cardiovascular-diseases-(cvds)
- https://world-heart-federation.org/
- https://www.who.int/southeastasia/news/detail/29-09-2024-world-heart-day
- https://adityabirlahospital.com/blogs/heart-rate-guide
- https://www.netmeds.com/c/health-library/post/world-heart-day-2026-theme-significance-faqs-and-7-ways-to-protect-your-heart-naturally
