আজি ২ অক্টোবৰ, অসমৰ গৌৰৱ তথা দেশৰ তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁইৰ জন্মদিন। এই বিশেষ দিনটোতেই তেওঁ সমগ্ৰ ভাৰতবৰ্ষলৈ কঢ়িয়াই আনিলে এক অমূল্য উপহাৰ। জাপানৰ আইচি আৰু নাগোয়া চহৰত ১৯ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰ, ২০২৬ লৈ অনুষ্ঠিত এছিয়ান গেমছত ভাৰতবৰ্ষলৈ সোণৰ পদক আনি তেওঁ ইতিহাসৰ পাতত নিজৰ নাম পুনৰবাৰ লিপিবদ্ধ কৰিলে।
মহিলাৰ ৭৫ কেজি শাখাৰ বক্সিং ফাইনেলত লাভলীনা বৰগোহাঁই মুখামুখি হৈছিল চীনৰ শক্তিশালী প্ৰতিদ্বন্দ্বী জিয়ি বাওৰ সৈতে। এই ফাইনেল মেচখনত জিয়ি বাওক ৫-০ ব্যৱধানত পৰাস্ত কৰি লাভলীনাই এছিয়ান গেমছত নিজৰ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে, এছিয়ান গেমছৰ বক্সিঙত সোণৰ পদক জয় কৰা লাভলীনা হৈছে দ্বিতীয়গৰাকী ভাৰতীয় মহিলা খেলুৱৈ। প্ৰথমগৰাকী ভাৰতীয় মহিলা সোণৰ পদক বিজয়ী - এম চি মেৰী কম (২০১৪ চন, ইনচিয়ন, ৫১ কেজি)।
