বৰ্তমান সময়ত ডিজিটেল পেমেণ্ট বা UPI আমাৰ দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। তিনিআলিৰ চকত চাহ খোৱাৰ পৰা আৰম্ভ কৰি শ্বপিং মলত বজাৰ কৰাৰ বিল পেমেন্টলৈকে সকলোতে UPI ব্যৱহাৰ হয়। শেহতীয়াকৈ National Payments Corporation of India (NPCI)ৰ এক জাননী অনুসৰি UPI লেনদেনক লৈ এক নতুন নিয়ম আহিছে। অহা ১৫ অক্টোবৰ, ২০২৬ ৰ পৰা ২০০০ টকাতকৈ অধিক টকাৰ UPI পেমেণ্টৰ ক্ষেত্ৰত ০.৪% MDR (Merchant Discount Rate) প্ৰযোজ্য হ'ব।
এই জাননী ১৫ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে প্ৰকাশ কৰা হৈছিল। NPCI ৰ নেতৃত্বত থকা UPI and Services Steering Committee য়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সৰু ব্যৱসায়ীয়ে মাহত ১ লাখ টকালৈকে UPI ৰ জৰিয়তে পইচা গ্ৰহণ কৰে, তেওঁলোকৰ বাবে ২০০০ টকাৰ ওপৰৰ লেনদেনতো কোনো চাৰ্জ নালাগে। ৰে'লৱে, চৰকাৰী ইউটিলিটি বিল যেনে- কাৰেণ্টৰ বিল, পে'ট্ৰল পাম্প, বীমা আদিৰ ক্ষেত্ৰত ২০০০ টকাৰ ওপৰৰ লেনদেনত ০.৪% ৰ সলনি মাত্ৰ ৫ টকাহে কাটিব। এই ০.৪% MDR দোহাই দি কোনো UPI এপে গ্ৰাহকৰ পৰা এই পেমেণ্টসমূহৰ বাবে কোনো ধৰণৰ প্লেটফৰ্ম চাৰ্জ ল'ব নোৱাৰিব। শ্বেয়াৰ বজাৰ, মিউচুৱেল ফাণ্ডৰ লেনদেনৰ ক্ষেত্ৰত এই চাৰ্জ মাত্ৰ ০.০২% হ'ব; সৰ্বোচ্চ ৩০০ টকা।
এই UPI লেনদেনৰ ক্ষেত্ৰত ০.৪% MDR চাৰ্জ কেৱল ব্যৱসায়ীয়েহে বহন কৰিব লাগিব, গ্ৰাহকে নহয়। আপুনি যদি দোকানত ৬,০০০ টকা পেমেণ্ট কৰে, আপোনাৰ একাউণ্টৰ পৰা ৬,০০০ টকাই কাটিব, কিন্তু দোকানীজনে পেমেণ্ট গ্ৰহণ কৰাৰ বাবদ কিছু চাৰ্জ ভৰিব লাগিব।
২,০০০ টকা বা তাতকৈ কম পৰিমাণৰ UPI লেনদেনৰ ক্ষেত্ৰত কোনো ধৰণৰ অতিৰিক্ত চাৰ্জ নালাগে। তাৰ ওপৰত অধিক লেনদেন কৰিলে ০.৪% হাৰত MDR (Merchant Discount Rate) চাৰ্জ প্ৰযোজ্য হ'ব।
UPI ৰ ৭৫,০০০ টকাৰ ওপৰৰ যিকোনো লেনদেনত কেৱল ৩০০ টকাই কাটিব। অৰ্থাৎ ডাঙৰ অংকৰ লেনদেনৰ ক্ষেত্ৰত এই চাৰ্জৰ সৰ্বোচ্চ সীমা প্ৰতিটো লেনদেনত ৩০০ টকা নিৰ্ধাৰণ কৰা হৈছে।
(P2P) ব্যক্তিৰ পৰা ব্যক্তিলৈ লেনদেনৰ ক্ষেত্ৰত আগৰ দৰেই সম্পূৰ্ণ বিনামূলীয়া হৈ থাকিব আৰু (P2M) গ্ৰাহকৰ পৰা ব্যৱসায়ীলৈকে এই UPI লেনদেনৰ নতুন নিয়ম ০.৪% MDR (Merchant Discount Rate) প্ৰযোজ্য হ'ব।
২,০০০ টকালৈকে: ০ টকা (কোনো ধৰণৰ MDR চাৰ্জ নালাগে) তাৰ পিছত ২০০৩ টকা হ'লে ০.৪% = ৮.০১ টকা আৰু ২০৯৯ টকাৰ ক্ষেত্ৰত ০.৪% MDR = ৮.৪০ টকা।
৩,০০০ টকা: ১২ টকা
১০,০০০ টকা: ৪০ টকা
২০,০০০ টকা: ৮০ টকা
৫০,০০০ টকা: ২০০ টকা
৭৫,০০০ টকা আৰু তাৰ ওপৰত সৰ্বোচ্চ ৩০০ টকাই লাগিব তাৰ ওপৰত কোনো ধৰণৰ MDR চাৰ্জ নালাগে, সেয়া লাগিলে ১ লাখ বা ৩ লাখেই নহওক কিয় (Fixed Cap)।
