২৬ আগষ্ট ২০২৬ ৰ পুৱা প্ৰায় ৯:০০ বজাত সংঘটিত হৈছিল। সেইদিনা নেপালৰ উত্তৰে থকা চীনৰ অন্তৰ্গত তিব্বতৰ ৰচুৱাগঢ়ী সীমান্তৱৰ্তী অঞ্চলৰ সমীপত পুৱা ৮:২০ বজাত ২.৬ প্ৰাৱল্যৰ এটা মৃদু কঁপনি অনুভূত হয় আৰু তাৰ পিছত ৮:৩৭ বজাত ৫.২ প্ৰাৱল্যৰ এক ভূমিস্খলন সংঘটিত হয়, ফলত প্ৰায় ৫২০০ মিটাৰ উচ্চতাত থকা হিমবাহৰ তলৰ অংশটো ভাঙি ১২০০ মিটাৰ তলৰ লেন্দী নদীৰ উপত্যকাত খহি পৰে। এনে এটা বিশাল হিমবাহ খহি পৰাৰ ফলত ৰচুৱা জিলাত ভূকম্পন সদৃশ সংকেত লাভ কৰা হৈছিল আৰু সেই বিশাল হিমবাহ লেন্দী নদীত পৰি নদীত বান্ধৰ সৃষ্টি কৰিছিল আৰু পানীৰ স্বাভাৱিক সোঁত বন্ধ কৰি দিয়ে।
বৰফৰ টুকুৰা, শিল, মাটি আদি একেলগে খহি অহাক Ice Rock Avalanche বুলি কোৱা হয়। লেন্দী নদীত বিশাল হিমবাহে পানীৰ সোঁত বন্ধ কৰি দিয়াত পানী বৃদ্ধি পোৱাত বিশাল হিমবাহৰ বান্ধ ভাঙি তীব্ৰ বেগত বৈ আহি ভটেকোশী নদীত মিলিত হয়। ভটেকোশী নদীখন ৰচুৱা জিলাৰ মূল নদী। ভটেকোশী নদী ত্ৰিশূলী নদীত মিলিত হৈছে।
সেই প্ৰচণ্ড পানীৰ সোঁত তাতে শিল, বৰফৰ টুকুৰা, মাটি সকলো মিলি নেপালৰ সেই ঠাইৰ ঘৰ, দলং, বজাৰ আৰু বিদ্যুৎ প্ৰকল্প আদি উটুৱাই লৈ যায়, লগতে সীমান্তৱৰ্তী চীনৰো ক্ষতিসাধন কৰে। নেপালত হোৱা বানপানীত মৃতকৰ সংখ্যা ৭৮৮ জনলৈ বৃদ্ধি, ২,৫০০ ৰো অধিক লোক সন্ধানহীন হোৱা খবৰ পোৱা গৈছে, তাৰে ১৪৯ জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰা হৈছে আৰু অসমৰ ১১ গৰাকী লোক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে।
