ভোগৰ উৎসৱ ভোগালী: মোৰ শৈশৱৰ মাঘ বিহুৰ সোঁৱৰণি আৰু পৰম্পৰা

 


আৰম্ভণিঃ-

অসমীয়া জনজীৱনৰ আটাইতকৈ হেঁপাহৰ উৎসৱ হৈছে বিহু। অসমৰ জাতীয় উৎসৱ বিহু তিনিটা- ব'হাগ বিহু, মাঘ বিহু আৰু কাতি বিহু  । এই তিনিটা বিহুৰ ভিতৰত মাঘ বিহু হ’ল  আনন্দ আৰু ভোগৰ উৎসৱ সেয়ে এই মাঘ বিহুক ‘ভোগালী বিহু’ বুলিও কোৱা হয়। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা ভোগৰ উৎসৱ ভোগালী বিহু পালন কৰা হয়। মাঘ মাহত পালন কৰা বাবে ইয়াক মাঘ বিহু বুলি কোৱা হয়। খেতি চপোৱাৰ পিছত ভঁৰালত উপচি পৰা খাদ্য শষ্যৰ সময়তে এই বিহু পালন কৰা হয় । 

এনে সময়ত গাঁৱৰ চহা কৃষিজীৱী ৰাইজৰ আনন্দৰ সীমা নোহোৱা হয়। বহাগ মাহৰ শেষৰ পৰা কঠিয়াতলীত - পথাৰত হাল-কোঁৰ বাই কঠিয়া সিচি জেঠ, আহাৰ, শাওন মাহত ভুই ৰুই উঠি আঘোণ-পুহ মাহত খেতি চপাই, মৰণা মৰি ভঁৰালত ধান-চাউল উভৈনদী কৰি মাঘ বিহুৰ বাবে সাজু হয়। এইখিনি সময়ত কৃষিজীৱী খেতিয়ক সকলে খেতিৰ পৰা পোৱা কিছু ফচল বিক্ৰী কৰি ঘৰখনলৈ বিহুৰ বজাৰ, লৰা-পোণাটিক দুই-এপদ সামগ্ৰী উপহাৰ হিচাপে দিয়ে। 

বিহুৰ প্ৰস্তুতি আৰু উৰুকাঃ-

মাঘ বিহুৰ মূল আয়োজন আৰম্ভ হয় পুহ মাহৰ শেষৰ পৰাই। বিহুলৈ ১০-১১ দিন থকাৰ আগৰ পৰাই গাঁৱৰ ডেকা ল’ৰাসকলে মেজিৰ বাবে খৰিৰ সন্ধানত পথাৰৰ এচুকৰ হাবিলৈ যায় বা কেতিয়াবা কেতিয়াবা গাঁৱৰ কোনোজন লোকে মাঘ বিহুৰ মেজিৰ বাবে খৰি যোগান ধৰে। খৰিৰ সন্ধানত ঘূৰিফুৰা ডেকাসকলৰ মন-প্ৰাণ সেই সময়ৰ পৰাই ভোগালী-ভোগালী লাগে, পথাৰৰ মাজৰ এচাতি কোমল বতাহে মন চুই যায়। সেই সময়ত গাৱৰ জীয়ৰী-বোৱাৰী, নবৌ - পেহীহতে চুবুৰীৰ তিনি-চাৰিঘৰকৈ লগ লাগি ঢেকীত চিৰা, পিঠা খুন্দাত লাগে। ঢেকিশালৰ চালিৰ কাষতে তেল পিঠা, তিল পিঠা তৈয়াৰ কৰে আৰু চাহ খাই খাই কথা পাতি কৰা হাঁহিৰ খিলখিলনিয়ে গাওঁখনত ভোগালী বিহুৰ আগমনৰ কথাকে যেন কয়। ল’ৰাহতে মেজিৰ বাবে খৰিৰ যোগাৰ কৰাৰ পিছতে পথাৰত নৰা কাটি ‘ভেলাঘৰ’ আৰু ওখকৈ ‘মেজি’ সাজে। বাঁহ, কাঠেৰে মেজিটো ধুনীয়াকৈ সজোৱা হয়।

উৰুকাৰ আগদিনা পুৱা ডেকা ল’ৰাসকলে ঘৰে ঘৰে উৰুকাৰ ভোজৰ বাবে টকা সংগ্ৰহ কৰে আৰু বিলত-পুখুৰীত মাছ ধৰে। সেই সময়ত মাঘ বিহুৰ বাবে ঘৰে ঘৰে বাৰীত থকা কাঠ আলু, মূলা, শাক-পাচলি ইত্যাদি ৰাইজে যোগাৰ কৰে।

বিহুৰ আগদিনাক ‘উৰুকা’ বোলা হয়। উৰুকাৰ পুৱা গাঁৱৰ ডেকা ল’ৰাসকলে বজাৰলৈ যায় নিশাৰ ভোজৰ বাবে বজাৰ কৰিবলৈ আৰু ১২-১৫ বছৰীয়া গাঁৱৰ লৰা সকল ভোজৰ বাবে চুবুৰীৰ প্ৰতিঘৰৰ পৰাই চাউল সংগ্ৰহ কৰিবলৈ যায়। ডেকা ল’ৰাসকল বজাৰৰ পৰা আহি উৰুকাৰ ভোজৰ বাবে আয়োজনত লাগি যায়। জীয়ৰী, বোৱাৰী সকলে শাক-পাচলি কটা আদি কামত সহায় কৰি দিয়ে। উৰুকাৰ নিশা গাঁৱৰ সকলো ৰাইজ একেলগে মিলি মেজি- ভেলাঘৰৰ কাষতে ভোজ-ভাত খায়। মাছ-মাংস আৰু বিবিধ ব্যঞ্জনেৰে এই নিশা অতি আনন্দদায়ক হৈ পৰে। নিশাটো ডেকা ল’ৰাসকল ভেলাঘৰত থাকে আৰু পৰাম্পৰা অনুসৰি চাৰি-পাঁচজনকৈ গাঁৱৰ প্ৰতিঘৰত চুৰ কৰিবলৈ যায় (আজিকালি কিন্তু এনে কাম সমাজে গ্ৰহণ নকৰে), চুৰ মানে বিশেষ নহয়, নঙলা এডাল খুলি ঘৰৰ কাষতে লুকুৱাই থৈ অহা, আগফালৰ চকী এখন নি পিছফালে থৈ অহা এনে ধৰণৰ ধেমালী কৰা হয়। উৰুকাৰ ৰাতি আইমাতৃসকলে ঘৰত বিভিন্ন ধৰণৰ পিঠাপনা, সান্দহ, চিৰা, মুড়ি আদি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰে।

মেজি জ্বলোৱা আৰু মাংগলিক নিয়মঃ-

বিহুৰ দিনা পুৱাই সকলো ৰাইজ গা-পা ধুই তিল আৰু মাহ লৈ মেজিৰ কাষলৈ যায়, কোনোবাজনে ৰাইজলৈ চাহ-জলপান যোগাৰ কৰি নিয়ে। অগ্নিদেৱতাক সেৱা জনাই এজনে মেজিত জুই লগাই দিয়ে। মেজিৰ জুইত পুৰণি বছৰটোৰ সকলো দুখ, অপায় - অমঙ্গল নাশ হওক বুলি প্ৰাৰ্থনা কৰা হয় আৰু মেজিৰ জুইত তিল-মাহ অৰ্পণ কৰি আশীৰ্বাদ লোৱা হয় যাতে অনাগত বছৰটো সকলোৰে শুভ হয়।  মেজি জ্বলোৱাৰ পিছত ঘৰৰ ডাঙৰক সেৱা জনোৱা হয় আৰু ইজনে সিজনক বিহুৰ জলপান আপ্যায়ন আৰু উপহাৰ প্ৰদান কৰা হয়। এই উৎসৱে মানুহৰ মাজত মিলাপ্ৰীতি, একতা আৰু ভাতৃত্ববোধ বৃদ্ধি কৰে।

মাঘ বিহুৰ খাদ্যসম্ভাৰঃ-

ভোগালী বিহুৰ মুখ্য আকৰ্ষণ হ’ল ইয়াৰ জুতি লগা খাদ্যসমূহ। তিল পিঠা, ঘিলা পিঠা, সুতুলি পিঠা, চুঙা পিঠা, নাৰিকলৰ লাড়ু, তিলৰ লাড়ু, মুড়িৰ লাড়ু আদি বিভিন্ন খাদ্যসামগ্ৰী তৈয়াৰ কৰা হয়। দৈ-চিৰা, ক্ৰীম আৰু সান্দহৰ জলপান ভোগালী বিহুৰ অপৰিহাৰ্য অংগ। আলহী-অতিথিক বিহুৰ জলপানেৰে আদৰা অসমীয়া সংস্কৃতিৰ এক অন্যতম বৈশিষ্ট্য।

খেল-ধেমালি আৰু সামাজিক গুৰুত্বঃ-

মাঘ বিহু কেৱল খোৱা-বোৱাৰ উৎসৱেই নহয়, ই নানা পৰম্পৰাগত খেল-ধেমালিৰো সময়। আগৰ দিনত ম’হ যুঁজ, কুকুৰা যুঁজ, বুলবুলি চৰাইৰ যুঁজ আৰু কণী যুঁজ বিহুৰ অবিচ্ছেদ্য অংশ আছিল। বৰ্তমান সময়ত যদিও কিছুমান খেলত আইনগত বাধাৰ বাবে সীমিত হৈছে, তথাপিও গ্ৰাম্য অঞ্চলত ইয়াৰ উৎসাহ এতিয়াও দেখিবলৈ পোৱা যায়। 

মাঘ বিহু প্ৰকৃতিৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত। ধান চপোৱাৰ পিছত চহা কৃষকৰ মনত যি প্ৰশান্তি আহে, তাৰেই প্ৰতিফলন ঘটে এই মাঘ বিহুত। অগ্নিক পূজা কৰাৰ পৰম্পৰাই প্ৰকৃতিৰ শক্তিৰ প্ৰতি মানুহৰ শ্ৰদ্ধা প্ৰদৰ্শন কৰে। 

সামৰণিঃ-

মাঘ বিহু বা ভোগালী বিহু অসমীয়া সংস্কৃতিৰ এক অমূল্য সম্পদ। এই ভোগৰ উৎসৱে আমাক আমাৰ কৃষিভিত্তিক পৰম্পৰাৰ কথা সোঁৱৰাই দিয়ে। যদিও বৰ্তমান সময়ত আধুনিকতাৰ পৰশত বিহুৰ বাহ্যিক ৰূপ কিছু সলনি হৈছে, তথাপিও ইয়াৰ মূল সত্তা একেই আছে। আমাৰ কৰ্তব্য হ’ল এই সুন্দৰ পৰম্পৰাটোক সঠিকভাৱে ৰক্ষা কৰি ভৱিষ্যৎ প্ৰজন্মলৈ আগবঢ়াই দিয়া।

Magh Bihu
Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব