নীলা জলৰাশিত ভাৰতৰ নতুন শক্তি ‘সমুদ্ৰ প্ৰতাপ’ - কিয় বিশেষ ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ এই জাহাজ

 

Goa Shipyard Limited চমুকৈ GSL য়ে ভাৰতৰ প্ৰথমখন থলুৱাভাৱে নিৰ্মাণ কৰা প্ৰদূষণ নিয়ন্ত্ৰণকাৰী জাহাজ ‘সমুদ্ৰ প্ৰতাপ (Samudra-class pollution control vessel)
ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীযুত ৰাজনাথ সিঙে ৫ জানুৱাৰী, ২০২৬ তাৰিখে ৬০ শতাংশতকৈ অধিক থলুৱা সামগ্ৰীৰে নিৰ্মিত এই ‘সমুদ্ৰ প্ৰতাপ’ নামৰ ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ জাহাজখন গোৱাত দেশবাসীক উৎসৰ্গা কৰে।

এই ‘সমুদ্ৰ প্ৰতাপ’ নামৰ ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ জাহাজখনে কেৱল সাগৰীয় প্ৰদূষণ ৰোধ কৰাই নহয়, অগ্নিনিৰ্বাপক সেৱা, সামুদ্ৰিক সুৰক্ষা আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰতো শক্তিশালী ভূমিকা পালন কৰিব।

সমুদ্ৰ প্ৰতাপ শব্দৰ অৰ্থ হ’ল - ‘সাগৰৰ মহিমা’ (Majesty of the Seas)। সমুদ্ৰ প্ৰতাপ জাহাজখনৰ ওজন প্ৰায় ৪,১৭০ টন আৰু ইয়াৰ দৈৰ্ঘ্য ১১৪.৫ মিটাৰ
Indian Coast Guard Ship (ICGS) সমুদ্ৰ প্ৰতাপ জাহাজখনৰ লক্ষ্য হৈছে ভাৰতৰ সাগৰৰ পানী প্ৰদূষণমুক্ত আৰু সুৰক্ষিত কৰি ৰখা।

ভাৰতৰ বিশাল উপকূলীয় অঞ্চল সুৰক্ষিত কৰিবলৈ আৰু সামুদ্ৰিক আইন বলবৎ কৰিবলৈ ব্যৱহাৰ কৰা জাহাজসমূহক ICGS বুলি কোৱা হয়, তাৰ ভিতৰত সমুদ্ৰ প্ৰতাপ অনন্য।
সমুদ্ৰ প্ৰতাপ জাহাজৰ গতিবেগ ঘণ্টাত ২২ নটতকৈও অধিক, অর্থাৎ ICGS সমুদ্ৰ প্ৰতাপ জাহাজখনে সাগৰৰ বুকুত ঘণ্টাত প্ৰায় ৪০.৭৪ কিলোমিটাৰ বেগেৰে যাত্ৰা কৰিব পাৰে।
এই জাহাজখনত দুটা ৭,৫০০ কিলোৱাটৰ ডিজেল ইঞ্জিন ব্যৱহাৰ কৰাৰ লগতে থলুৱাভাৱে বিকশিত কৰা Controllable Pitch Propellers আৰু গিয়াৰবক্স ব্যৱহাৰ কৰা হৈছে।
সমুদ্ৰ প্ৰতাপ জাহাজখনে একেৰাহে ৬,০০০ নটিকেল মাইল পথ অতিক্ৰম কৰাৰ ক্ষমতা ৰাখে অর্থাৎ ইন্ধন ভৰোৱাৰ পিছত একেৰাহে প্ৰায় ১১,১১২ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে

ICGS সমুদ্ৰ প্ৰতাপ হৈছে উপকূলৰক্ষী বাহিনীৰ প্ৰথমখন জাহাজ য’ত মহিলা বিষয়াক নিযুক্তি দিয়া হৈছে। সমুদ্ৰ প্ৰতাপ জাহাজৰ প্ৰধান কাম হ’ল সাগৰত হোৱা তেলৰ নিৰ্গমন আৰু অন্যান্য ৰাসায়নিক প্ৰদূষণ ৰোধ কৰা, সাগৰৰ মাজত অন্য কোনো জাহাজত জুই লাগিলে তাক নিৰ্বাপন পৰাকৈ ইয়াত উন্নত মানৰ 'Fire-fighting' ব্যৱস্থা উপলব্ধ কৰা হৈছে।
নিৰাপত্তাৰ বাবে জাহাজখনত এটা ৩০ মিমি CRN-91 Gun আৰু দুটা ১২.৭ মিমি Stabilised Remote-Controlled Guns আছে, যিবোৰ আধুনিক 'fire-control' ব্যৱস্থাৰ দ্বাৰা পৰিচালিত।

Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব