ব'হাগ বিহুৰ ঐতিহ্য আৰু পৰম্পৰা


ব'হাগ বিহুৰ ঐতিহ্য আৰু পৰম্পৰা


বিহু অসম আৰু অসমীয়া জনজীৱনৰ এক সমৃদ্ধিশালী জাতীয় উৎসৱ। অসমৰ সকলো জাতি-জনজাতি নিৰ্বিশেষে একেলগে এই বিহু পালন কৰা হয়। অসমীয়াৰ প্ৰাণ তিনিটা বিহু ক্ৰমে ব'হাগ বিহু, কাতি বিহু আৰু মাঘ বিহুৰ ভিতৰত ব'হাগ বিহু অতি উলহ-মালহেৰে পালন কৰা হয়। মূলতঃ তিনিটা বিহুৱেই অসম আৰু অসমীয়াৰ প্ৰধান জীৱিকা কৃষিক কেন্দ্ৰ কৰিয়েই সৃষ্টি হৈছে। বিহু মূলতঃ মংগোলীয় আৰু অষ্ট্ৰিক সকলৰ অৱদান।



       ব'হাগ মানেই ৰং, আনন্দ। সেয়ে ব'হাগ বিহুক ৰঙালী বিহু বুলিও কোৱা হয়। ব'হাগ বিহু বসন্তৰ আগমনত মনোমোহা পৰিবেশত শ্ৰমজীৱী কৃষকে মনৰ আনন্দত আত্মহাৰা হৈ উদযাপন কৰা এক আনন্দ উৎসৱ। গছত - কপৌ, তগৰে আৰু আকাশত কুলি, কেতেকী আৰু নানান চৰাইৰ মতে সকলোৰে মন ইছাত-বিচাত কৰে আৰু ব'হাগৰ বতৰা কঢ়িয়াই আনে। ব'হাগ বিহুক যৌৱনৰ উৎসৱ বুলিও কোৱা হয়, ৰাতি বিহু পাতি ডেকা-গাভৰুৱে নিজ নিজ পছন্দৰ জীৱন সংগী বাছি উলিয়াই। বৰ্তমান সময়ত ৰাতি বিহু ডেকা-গাভৰুৱে আছুতীয়াকৈ বিহু মৰা দেখিবলৈ পোৱা নাযায়।

           বিহু পূৰ্বতে গছতল কেন্দ্ৰীক আছিল, পৰৱৰ্তী পৰ্যায়ত আহোম ৰজা স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ ৰাজত্বকালত (১৫৯৫-১৭১৪) চনত বিহুক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল আৰু বিহু আনুষ্ঠানিক ভাৱে উপভোগ কৰিবলৈ সুবিধা কৰি দিছিল। বিহু ৰংঘৰৰ বাকৰিত ৰজাই উপভোগ কৰিছিল আৰু বিভিন্ন ৰং-ধেমালি যেনে কুকুৰা যুঁজ, ম'হ যুঁজ ইত্যাদি আয়োজন কৰা হৈছিল।



           চ'তৰ সংক্ৰান্তিৰ পৰা সাতদিন ধৰি ব'হাগ বিহু মূলতঃ পালন কৰা হয়। সাত দিন ধৰি পালন কৰা বাবে এই ব'হাগ বিহুৰ প্ৰথম সাতদিনক সাতবিহু বুলি কোৱা হয়। প্ৰতি সাতটা দিনৰে নিৰ্দিষ্ট নাম থাকে, সেই সাতবিহু হল -

১/ চ'ত বিহু 
২/ ৰাতি বিহু
৩/ গৰু বিহু
৪/ মানুহৰ বিহু
৫/ কুটুম বিহু
৬/ হাট বিহু
৭/ চেৰা বিহু


১/ চ'ত বিহু :- চ'ত বিহুত ৰাতি ডেকা-গাভৰুৱে বিহুৰ আখৰা কৰে।

২/ ৰাতি বিহু :- চ'ত বিহুৰ আখৰাৰ পিছৰ ৰাতি বিহু মৰা কার্যক ৰাতি বিহু বুলি কোৱা হয়।

৩/ গৰু বিহু :- এই গৰু বিহু চ'তৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয়। গৰুক লাও-বেঙেনা খুৱাই, পুখুৰী বা নদীত গা ধুৱাই নতুন তৰা পঘাৰে বন্ধা হয় আৰু গধূলি ধূপ-চাকি জ্বলাই, খেৰ-তুহ, বিহলঙনি, দীঘলতী, মাখিয়তী, মৰলীয়া, কেঁয়াকটাল আদিৰে জাগ দিয়া হয় আৰু পিঠা খাবলৈ দিয়া হয়।

৪/ মানুহৰ বিহু :- পহিলা ব'হাগৰ দিনা মানুহ বিহু পালন কৰা হয়। এই মানুহ বিহু দিনা সকলোৱে নতুন বস্ত্ৰ পৰিধান কৰে, ডাঙৰক সেৱা-শুশ্ৰূষা কৰে আৰু বস্ত্ৰদান কৰা হয়। এই মানুহৰ বিহু দিনা বিহু হুঁচৰি আদি গাই আনন্দ কৰা হয়। গাঁও বা চুবুৰী ঢোল-পেঁপাৰ মতে ব'হাগৰ বতৰা কঢ়িয়াই আনে।

৫/ কুটুম বিহু :- এই কুটুম বিহুৰ দিনা মিতিৰ-কুটুমৰ ঘৰলৈ ফুৰিবলৈ যোৱাৰ নিয়ম। এই কুটুম বিহুত ইষ্ট-কুটুম্বই ইজনে সিজনক আদৰ-সাদৰ কৰে।

৬/ হাট বিহু :- এই হাট বিহুত পথাৰৰ মাজত গাভৰু সকলে এডাল গছক কেন্দ্ৰ কৰি বিহু নৃত্য কৰে আৰু গছজোপালৈ তামোল-পান, গামোচা আদি আগবঢ়াই।

৭/ চেৰা বিহু :- এই চেৰা বিহু দিনাখন সকলোৱে বিহু নাচি সমাপ্তি কৰে। 


বিহু যিহেতু কৃষিভিত্তিক উৎসৱ, সেয়ে অসমীয়াৰ বাবে গৰু হালেই প্ৰধান সম্পত্তি। খেতি কৰিবলৈ গৰুহাল নহলেই নহয়, সেয়ে বিহুৰ প্ৰথম দিনা গৰুক মাহ-হালধিৰে গা ধুৱাই, নীতি-নিয়মৰ মাজেৰে আগবঢ়া হয়। গৰুক দীঘলতী-মাখিয়তীৰে কোবাই "দীঘলতী দীঘল পাত, মাখি মাৰো জাত জাত" বুলি গাই গৰু বোৰক পানীত নমাই গৰুলৈ লাও, বেঙেনা, থেকেৰা আদি মাৰি "লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা/ মাৰ সৰু, বাপেৰ সৰু, তই হ'বি বৰ বৰ গৰু" এনেকৈ গোৱা হয়। গৰুৰ বাবে ব্যৱহাৰ কৰা লাও, বেঙেনা, থেকেৰা আদি নানাবিধ পাচলিৰ সৈতে বনোৱা চাটৰ এডাল ভঁৰালত গুজি থোৱাৰ নিয়ম আছে, এনে কৰিলে গৰু-ম'হ বছৰটোৰ বাবে বেমাৰৰ পৰা হাত সাৰে বুলি বিশ্বাস কৰা হয়।





গৰু বিহুৰ দিনা সকলোৱে পুৱা গৰু গা ধুৱাই জলপান খাই ঘৰত আৰু ৰাজহুৱা স্থানত কণী যুজঁ পাতে। কণী যুজঁৰ ইতিহাস প্ৰাচীন আৰু ব'হাগ বিহুৰ লগত সংগতি ৰাখি পালন কৰি অহা হৈছে।

       গৰুবিহুৰ দিনা আমলৰি পৰুৱাৰ টোপ কণীৰ সৈতে ভাজি খোৱাটো নিয়ম। 
        
       সন্ধিয়া গৰু গোহালি সুন্দৰকৈ মচি গৰুক নতুন তৰা পঘাৰে বন্ধা হয়। গৰু মহ-দাহৰ পৰা ৰক্ষা পাবলৈ বিহলঙনি, দীঘলতী, মাখিয়তী, মৰলীয়া, কেঁয়াকটাল, খেৰ, তুহ আদিৰে জাগ দিয়া হয়। গৰুক সন্ধিয়া পিঠা খুওৱা পৰম্পৰা পালন কৰা হয়। বিভিন্ন ধৰণৰ দুৰ্যোগৰ লগতে প্ৰাকৃতিক দুৰ্যোগৰ পৰা হাত সাৰিবলৈ গৰু বিহুৰ দিনা  নাহৰৰ পাতত মহাদেৱ শিৱৰ "দেৱ দেৱ মহাদেৱ, নীল গ্ৰীৱ জটাধাৰ/ বাত বৃষ্টি হৰং দেৱ, মহাদেৱ নমঃ স্ততে" স্তুতি শ্লোক লিখি ঘৰৰ আৰু ভঁৰালৰ মূল দুৱাৰৰ ওপৰত গুজি থোৱা হয়। এই লোক বিশ্বাস অতি পুৰণি।

              এই গৰু বিহু দিনা এশ এবিধ শাক খোৱাৰ পৰম্পৰা আছে। এশ এবিধ শাকৰ ঔষধি গুণে মানুহক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে বুলি কোৱা হয় আৰু এই পৰম্পৰা চলি আহিছে।

        এশ এবিধ শাক সমূহৰ ভিতৰত মাটি কাঁদুৰী, বৰ মানিমুনি, সৰু মানিমুনি, টিকনি বৰুৱা, ভেদাইলতা, টেঙেচি শাক, দ্ৰোণ বন ইত্যাদি।




        পহিলা ব'হাগৰ দিনটো মানুহৰ বিহু। মানুহৰ বিহুৰ দিনা সৰুয়ে ডাঙৰক সেৱা আৰু ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে। মানুহৰ বিহুৰ দিনা বস্ত্ৰ দান কৰা হয় (বস্ত্ৰদান কৰিলে বৈকুণ্ঠত স্থান পাই বুলি বিহু নামত পোৱা যায়)। মানুহৰ বিহুৰ দিনা পুৱাতে মাহ-হালধিৰে গা ধোৱা নিয়ম, গা ধুই নতুন কাপোৰ পিন্ধি জ্যেষ্ঠ জনক সেৱা কৰি জলপান, পিঠা-পনা, দৈ আদি খোৱা হয়। মানুহৰ বিহুৰ দিনা আছুতীয়াকৈ বোৱাৰীসকলে স্বামীৰ বাবে আৰু গাভৰুসকলে আপোনজনৰ বাবে সাঁচি থোৱা মৰমৰ বিহুৱানখন দিয়ে। ৰাতিলৈ বিহু হুঁচৰি গাই ৰং-ধেমালি কৰা হয় আৰু গাঁও-চুবুৰীৰ চৌপাশ ঢোল-পেঁপাৰ মতে মুখৰিত কৰি তোলে।

✍ কল্পজ্যোতি বৰগোহাঁই

Post a Comment

2 Comments