Mobile Security এতিয়া হ'ব সহজ — Sanchar Saathi য়ে কৰিব মোবাইল চুৰি প্ৰবঞ্চনা ৰোধ

 

ভাৰত চৰকাৰৰ দ্বাৰা Department of Telecommunications (DoT)ৰ এক পদক্ষেপ ভাৰতীয় মোবাইল ব্যৱহাৰকাৰী প্ৰতিজন নাগৰিকৰ সুৰক্ষাৰ বাবে ১৭ জানুৱাৰী ২০২৫ তাৰিখে সঞ্চাৰ সাথী এপ Sanchar Saathi মোবাইল এপ্লিকেচন মুকলি কৰিছে ।
মূলতঃ Sanchar Saathi হৈছে দূৰসংযোগ বিভাগৰ নাগৰিক কেন্দ্ৰিক পদক্ষেপ, সেয়ে চৰকাৰে ভাৰতৰ বাবে মোবাইল প্ৰস্তুত কৰা প্ৰতিটো কোম্পানীলৈ নিৰ্দেশনা জাৰি কৰিছে যে ভাৰতৰ নাগৰিকৰ বাবে নিৰ্মিত প্ৰতিটো মোবাইলতে Sanchar Saathi Application টো ইনষ্টল হৈ থাকিব লাগিব। Sanchar Saathi এপৰ জৰিয়তে মোবাইল ফোন হেৰালে অভিযোগ আৰু ব্লক, বিভিন্ন ধৰণৰ জালিয়াতিৰ অভিযোগ, মোবাইল সংযোগ সমূহ, সন্দেহজনক আন্তৰাষ্ট্ৰীয় ফোন কলৰ অভিযোগ, আপোনাৰ নামত কিমান ফোন নম্বৰ সংযোগ হৈ আছে, IMEI ( International Mobile Equipment Identity )নম্বৰ চিনাক্তকৰণ সেই সমূহৰ বিষয়ে জানিব পাৰিব আৰু অভিযোগ দাখিল কৰিব পাৰিব। Sanchar Saathi Application ৰ পৰা সেৱা সমূহ লাভ কৰিবলৈ আপোনাৰ মোবাইলত গুগল প্লে ষ্টৰৰ পৰা Sanchar Saathi App টো ইনষ্টল কৰি আপোনাৰ মোবাইলৰ চিম registration কৰি লব লাগিব।  তাৰ পিছত ওপৰত উল্লেখিত সেৱা সমূহ Sanchar Saathi Application ৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব। বৰ্তমানলৈকে Sanchar Saathi App টো ব্যৱহাৰ কৰি ভাৰতৰ লাখ লাখ জনতা উপকৃত হৈছে বুলি Sanchar Saathi ৱেবচাইটৰ পৰা জানিব পৰা গৈছে। BLOCK YOUR LOST / STOLEN MOBILE HANDSET বিভাগৰ অভিযোগ 42.38 লাখ মোবাইল ব্লক কৰিছে, 26.28 লাখ মোবাইলৰ গতি বিধি নিৰীক্ষণ কৰিবলৈ সক্ষম হৈছে।
KNOW MOBILE CONNECTIONS IN YOUR NAME বিভাগৰ 294.03 লাখ অনুৰোধ লাভ কৰিছে তাৰে 257.78 লাখ অনুৰোধ সমাধান কৰা হৈছে।
CHAKSHU - REPORT SUSPECTED FRAUD COMMUNICATION বিভাগৰ 6.66 lakh অভিযোগ লাভ কৰিছে আৰু  41.54 lakh অভিযোগ কাৰ্যকৰী কৰা হৈছে।

Sanchar Saathi মোবাইল এপ্লিকেচনটো গুগল প্লে ষ্টৰত ১২ জানুৱাৰী ২০২৫ তাৰিখে মুকলি কৰা হৈছিল আৰু Version 1.5.0 টো ৫ অক্টোবৰ ২০২৫ তাৰিখে আপডেট কৰা হৈছে।  Sanchar Saathi App টো Android 9 আৰু ওপৰৰ Version সমূহৰ বাবে কাৰ্যকৰী কৰিবলৈ সক্ষম হ'ব।

Sanchar Saathi সঞ্চাৰ সাথী মোবাইল এপ্লিকেচনে কি কি তথ্য বিচাৰিব?

১/ Camera
৩/ Telephone (read phone status and Identity)
৪/ SMS
৫/ Storage
৬/ Other

Sanchar Saathi এপ্লিকেচনে No data collected ৰ বিষয়ে উল্লেখ কৰিছে। (The developer says that this app doesn't collect user data)

Sanchar Saathi মোবাইল এপ্লিকেচনটো বৰ্তমানলৈকে ২৩ টা আঞ্চলিক ভাষাত উপলব্ধ হৈছে অৰ্থাৎ ভাৰতৰ প্ৰতিজন নাগৰিকক সামৰি লবলৈ চেষ্টা কৰিছে কাৰণ বৰ্তমান সময়ত চাইবাৰ সুৰক্ষাৰ কথা আহি পৰিছে। প্ৰতিদিনে মোবাইলৰ লগত জড়িত অভিযোগ, প্ৰবঞ্চনা ইত্যাদিয়ে ভাৰতৰ নাগৰিক সকলক জুৰুলা কৰি তুলিছে।

Sanchar Saathi App টো English, Hindi, Assamese, Bangla, Bodo, Dogri, Gujarati, Kannada, Kashmiri, Konkani, Malayalam, Manipuri, Marathi, Maithili, Nepali, Odiya, Punjabi, Sanskrit, Santhali, Sindhi, Tamil, Telugu, Urdu ইত্যাদি ভাষা সামৰি লৈছে।


Sanchar Saathi এপটো গুগল প্লে ষ্টৰৰ পৰা ইয়াত ক্লিক কৰি ডাউনলোড কৰিব পাৰিব।


Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

Good Samaritan আইনৰ বিষয়ে

আপুনি জানেনে কি আছে এইখন আইনত? Good Samaritan আইনে কোনসকল লোকক আইনী সুৰক্ষা প্ৰদান কৰে?

সম্পূৰ্ণ পঢ়ক →