ইন্দ্ৰজাল ৰেঞ্জাৰ: শত্ৰু পক্ষক SUV গাড়ীৰ পৰাই দিব প্ৰত্যুত্তৰ



ইন্দ্ৰজাল ৰেঞ্জাৰ: Anti-Drone Patrol Vehicle বাহনখনে ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত আৰু এখোজ টনকিয়াল কৰিবলৈ সক্ষম হৈছে। ইন্দ্রজাল ৰেঞ্জাৰ (Indrajaal Ranger) বাহনখন ২৬ নৱেম্বৰ, ২০২৫ চনত হায়দৰাবাদত উন্মোচন কৰা হৈছিল।

 "Grene Robotics" নামৰ হায়দৰাবাদৰ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰযুক্তিৰ সৈতে কাম কৰা প্ৰতিষ্ঠান যিয়ে নতুন নতুন AI চালিত প্ৰযুক্তিৰ উদ্ভাৱন কৰি আহিছে আৰু প্ৰতিৰক্ষা প্ৰযুক্তিৰ ক্ষেত্ৰতো Grene Robotics কোম্পানীয়ে ইন্দ্রজাল ৰেঞ্জাৰ নামৰ বাহনখন নিৰ্মাণ কৰি উলিয়াইছে। বৰ্তমান Grene Robotics নামৰ কোম্পানীটোৰ (CEO) মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালন সঞ্চালক হৈছে কিৰণ ৰাজু। টয়তা কোম্পানীৰ Toyota HILUX 4×4 বাহনখনত ভিত্তি কৰি ইন্দ্রজাল ৰেঞ্জাৰ বাহনখন সম্পূৰ্ণ তৈয়াৰ কৰিছে। 

ইন্দ্রজাল ৰেঞ্জাৰ বাহনখনে SkyOSTM নামৰ AI চালিত Command System ব্যৱহাৰ কৰে। ইন্দ্রজাল ৰেঞ্জাৰ বাহনখনত থকা SkyOSTM Command System য়ে বায়ুমণ্ডলত শত্ৰুপক্ষৰ ড্ৰ'ন ভাবুকি সমূহ ধৰা পেলাই, শ্ৰেণীভুক্ত কৰে আৰু অবিৰত ভাৱে সুৰক্ষা প্ৰদান কৰে।

indrajaal.in



ইন্দ্রজাল ৰেঞ্জাৰে ড্ৰ'ন ১০ কিলোমিটাৰৰ দুৰলৈকে ধৰা পেলাব পৰা ক্ষমতা আছে। তাৰে ইন্দ্রজাল ৰেঞ্জাৰৰ পৰা দুই কিলোমিটাৰ ভিতৰত Hard Kill Zone অৰ্থাৎ যিবোৰ আক্ৰমণে ইলেকট্ৰনিক ব্যৱস্থাত সঁহাৰি নিদিয়ে সেইবোৰ আক্ৰমণ দুই কিলোমিটাৰৰ ভিতৰত ইন্দ্রজাল ৰেঞ্জাৰ বাহনত বিকল্প হিচাপে থকা Zombee Interceptor ড্ৰ'নে গতিশীল আক্ৰমণ কৰিব পাৰে।

Soft Kill Zone অৰ্থাৎ ইন্দ্রজাল ৰেঞ্জাৰ গাড়ীখনৰ পৰা তিনি কিলোমিটাৰ ভিতৰত থকা শত্ৰুপক্ষৰ ড্ৰ'নক GNSS Spoofing আৰু উচ্চ শক্তিসম্পন্ন RF Jamming য়ে নিয়ন্ত্ৰণ সংকেত আৰু Navigation ত ব্যাঘাত জন্মায় ফলত শত্ৰুপক্ষৰ ড্ৰ'ন নিষ্ক্ৰিয় হয়।

ইন্দ্রজাল ৰেঞ্জাৰ বাহনখনৰ পৰা চাৰি কিলোমিটাৰলৈকে Soft Capture Zone ত ধৰা হয়। এইখিনি দূৰত্বত শত্ৰুপক্ষৰ ড্ৰ'ন হাইজেক (Hijack) কৰি নিৰপদে লেণ্ড কৰাব পাৰে।

Detection & Tracking Zone হৈছে ইন্দ্রজাল ৰেঞ্জাৰ বাহনখনৰ পৰা দহ কিলোমিটাৰৰ ভিতৰত বিভিন্ন ধৰণৰ ড্ৰ'ন ধৰা পেলাব পাৰে যেনে - Off-the-shelf ড্ৰ'ন, Racing ড্ৰ'ন, Swarm ড্ৰ'ন ইত্যাদি।

ইন্দ্রজাল ৰেঞ্জাৰ বাহনখনত থকা AI প্ৰযুক্তিসম্পন্ন C5ISRT (Command, Control, Computing, Communications, Cyber, Intelligence, Surveillance, Reconnaissance and Targeting) য়ে ধৰা পেলোৱা, বাস্তৱ সময়ৰ চেন্সৰ সংযোজন, Autonomous detect and decision making system, Neutralize aerial threats, Autonomous mission execution capabilities ইত্যাদি সম্ভৱ হৈ উঠিছে।

ইন্দ্রজাল ৰেঞ্জাৰ বাহনখনে সীমান্ত নিৰাপত্তা, কনভয় (Convoy) সেৱা, সামৰিক দিশত সেৱা আৰু স্পৰ্শকাতৰ অঞ্চলসমূহত সেৱা আগবঢ়াবলৈ সক্ষম।

Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব