জনসংখ্যা বৃদ্ধি Population Growth

 

জনসংখ্যা বৃদ্ধি Population Growth

আৰম্ভণি:-

 জনসংখ্যা বৃদ্ধি এখন দেশৰ অভিশাপস্বৰূপ। জনসংখ্যা দ্ৰুত হাৰত বৃদ্ধিয়ে দেশৰ অৰ্থনীতি, বাসস্থান, উৎপাদন ব্যৱস্থা, কৰ্মহীনতা, খাদ্যৰ অভাৱ আদিত বাৰুকৈয়ে প্ৰভাৱ পেলায়। www.un.org ৰ তথ্য অনুসৰি বিশ্বত ১৯৫০ চনত জনসংখ্যা ২.৫ বিলিয়ন (২৫০ কোটি)। ২০০০ চনত ৬১৪.৪৩ কোটি আৰু ২০২১ চনৰ তথ্য অনুসৰি ৭৮৮.৮৪ কোটি জনসংখ্যা সমগ্র বিশ্বত বৃদ্ধি হৈছে। ভাৰতবৰ্ষত ১৯৫০ চনত ৩৫ কোটি ৯০ লাখ জনসংখ্যা আছিল, ২০০০ চনত সেই সংখ্যা বাঢ়ি হয়গৈ ১০৫.৯৬ কোটি আৰু ২০২৩ চনত চীনক পিছপেলাই ১৪২ কোটি ৮৬ লাখ জনসংখ্যাৰে ভাৰত বিশ্বৰ আটাইতকৈ জনবহুল দেশলৈ ৰূপান্তৰিত হৈছে। আনহাতে ২০২৩ চনত চীনৰ জনসংখ্যা ১৪২ কোটি ৫৬ লাখ। জনসংখ্যা উচ্চ হাৰত বৃদ্ধিয়ে এখন দেশত সৃষ্টি কৰা সমস্যা, জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহ আৰু জনসংখ্যা ৰোধ কৰা উপায়সমূহ তলত উল্লেখ কৰা হৈছে।

জনসংখ্যা বৃদ্ধিৰ কাৰণ:- এখন দেশৰ জনসংখ্যা উচ্চ হাৰত বৃদ্ধি হোৱা অৱস্থাটোকে জনসংখ্যা বিস্ফোৰণ বুলি কোৱা হয়। জনসংখ্যা বিস্ফোৰণ বা জনবিস্ফোৰণৰ ফলত খাদ্যদ্ৰব্যৰ উৎপাদনৰ তুলনাত জনসংখ্যা অধিক হাৰত বৃদ্ধি পায়।

www.worldometers.info ৰ তথ্য অনুসৰি ভাৰতৰ জনসংখ্যা




জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহ:- 

১/ জন্ম হাৰৰ তুলনাত মৃত্যুৰ হাৰ হ্ৰাস:- বৰ্তমান চিকিৎসা বিজ্ঞানৰ উন্নতিৰ ফলস্বৰূপে জন্ম হাৰৰ বৃদ্ধিৰ বিপৰীতে মৃত্যুৰ হাৰ হ্ৰাস পাইছে। বিশ্বৰ উন্নয়নশীল দেশসমূহৰ উন্নয়নমূলক আঁচনিসমূহৰ ফলস্বৰূপে মৃত্যুৰ হাৰ হ্ৰাস পাইছে। এনেদৰে জন্মৰ হাৰ বৃদ্ধি আৰু মৃত্যুৰ হাৰ হ্ৰাসৰ ফলত জনসংখ্যা বৃদ্ধিৰ হাৰ বৃদ্ধি পাইছে।

২/ গৰিষ্ঠ সংখ্যক লোকেই ভৱিষ্যত দৰ্শী নহয়:- জনসংখ্যা বৃদ্ধিৰ ফলত ভৱিষ্যতে হব পৰা সমস্যাসমূহৰ বিষয়ে গৰিষ্ঠ সংখ্যক লোকেই অৱগত নহয়, সেই কথা আগতীয়াকৈ চিন্তা নকৰাৰ বাবেই জনসংখ্যা বৃদ্ধি অভাৱনীয় হাৰত বৃদ্ধি পাইছে।

৩/ অনুপ্ৰৱেশ:- অনুপ্ৰৱেশৰ ফলত দ্ৰুত হাৰত জনসংখ্যা বৃদ্ধি পাইছে। ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ সমূহৰ পৰা প্ৰতিদিনে ভাৰতলৈ কৰ্মৰ সন্ধানত অনুপ্ৰৱেশ বৃদ্ধি পাই আছে। ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ যেনে - বাংলাদেশ, নেপাল, শ্ৰীলংকা, ভূটান, ম্যানমাৰ, আফগানিস্তান আদিৰ পৰা প্ৰব্ৰজন (অনুপ্ৰৱেশ) ঘটি আহিছে।

৪/ নিৰক্ষৰতা:- জনসংখ্যা বৃদ্ধিৰ অন্যতম কাৰণ নিৰক্ষৰতা। পৰিয়াল পৰিকল্পনাৰ বিষয়ে নিৰক্ষৰ লোকসকল জ্ঞাত নহয় বাবে অধিক সন্তান জন্ম দি জনসংখ্যা বৃদ্ধিত অৰিহণা যোগাইছে।

৫/ পুৰণিকলীয়া ৰীতি-নীতি আৰু ধৰ্মীয় অন্ধবিশ্বাস:- বৰ্তমান বিজ্ঞান প্ৰযুক্তিৰ দ্ৰুত উন্নতিয়েও পুৰণিকলীয়া ৰীতি-নীতি আৰু ধৰ্মীয় অন্ধবিশ্বাসক মানুহৰ মন-মগজুৰ পৰা আঁতৰ কৰিব পৰা নাই। জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মানুহে পুৰণিকলীয়া স্থিতিত অটল থকাৰ বাবে সতি-সন্ততি ভগৱানৰ দান, সন্তান জন্মৰ ক্ষেত্ৰত মানুহৰ কোনো নিয়ন্ত্ৰণ নাই বুলি ভাবি লয়। ধৰ্মীয় বিশ্বাসক আগত ৰাখি বহুতো লোকে জন্ম নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা নকৰাৰ ফলতে জনসংখ্যা উচ্চ হাৰত বৃদ্ধি হৈ জনসংখ্যা বিস্ফোৰণ ঘটাইছে।

জনসংখ্যা বৃদ্ধিৰ সমস্যা:-

১/ পৰিবেশৰ ভাৰসাম্যতাৰ অৱনতি:- জনসংখ্যা অধিক হাৰত বৃদ্ধিৰ ফলত পৰিবেশৰ ভাৰসাম্যতাৰ অৱনতি ঘটাই। মানুহে ঘৰ সাজিবৰ বাবে পাহাৰ খহাইছে, খনিজ সম্পদৰ বাবেও পাহাৰ-পৰ্বত ভাঙি পেলাইছে, কাঠৰ বাবে হাবি ধ্বংস কৰিছে, বিল-জলাহ আদি পুতি পেলাই বাসস্থানৰ উপযোগী কৰি তুলিছে। বিদ্যুৎ উৎপাদনৰ বাবে নদীবান্ধ স্থাপন কৰিছে। মানুহে প্ৰকৃতিৰ প্ৰতি এনে আচৰণ কৰাৰ ফলত পৰিবেশৰ ভাৰসাম্যতাৰ চৰম অৱনতি ঘটিছে। ইয়াৰ পৰিণতিত গোলকীয় উষ্ণতা, প্ৰদূষণ, অ'জন গেছ হ্ৰাস, হিম-প্ৰবাহ, বানপানীৰ সমস্যা আদি বিপৰ্যসমূহ অধিক হাৰত হবলৈ ধৰিছে।

২/ খাদ্যৰ অভাৱ:- জনসংখ্যা বৃদ্ধিৰ ফলত খাদ্যৰ অভাৱে দেখা দিয়ে। ভাৰতত জনসংখ্যা অধিক হাৰত বৃদ্ধি পোৱাৰ ফলত খাদ্য যোগানৰ নাটনি আৰু ভূমিৰ ওপৰত প্ৰচণ্ড হেঁচাৰ উদ্ভৱ হৈছে। যদিও ভাৰতৰ মুঠ জনসংখ্যাৰ ৬৪ শতাংশ লোক জীৱিকাৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল তথাপিও নূন্যতম প্ৰয়োজনীয় খাদ্য যোগানত ব্যৰ্থ হবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈছে। কৃষিভূমিত বাসস্থান নিৰ্মাণৰ ফলত কৃষিভূমিৰ পৰিমাণ হ্ৰাস পাইছে ফলত খাদ্য উৎপাদন কমি আহিছে। ভাৰতত ২০১৭ চনত ভোকাতুৰ লোকৰ পৰিসংখ্যা আছিল ১৩.২০%, ২০১৮ চনত - ১৩.৩০%, ২০১৯ চনত - ১৪.৬০%, ২০২০ চনত ভাৰতত ভোকাতুৰ লোকৰ পৰিসংখ্যা বৃদ্ধি পায় হয়গৈ ১৬.৩০% ।

৩/ অৰ্থনৈতিক অনগ্ৰসৰতা:- ভাৰতবৰ্ষত জনসংখ্যা অত্যাধিক বৃদ্ধি পোৱাৰ ফলত দৰিদ্ৰতা আৰু ক্ষুধাই ভাৰতৰ অৰ্থনৈতিক বিকাশক বাধা প্ৰদান কৰিছে। ভাৰতবৰ্ষ অৰ্থনৈতিক ভাৱে পিছপৰি থকা কিছুমান কাৰণ হৈছে - শিক্ষাৰ অভাৱ, দুৰ্নীতি, জাতি ব্যৱস্থা, উৎপাদন প্ৰযুক্তিৰ অভাৱ, জনসংখ্যা বিস্ফোৰণ ইত্যাদি। ভাৰতৰ শিক্ষা ব্যৱস্থাত কাৰিকৰী শিক্ষাক অধিক গুৰুত্ব দিলে দেশৰ মানৱ সম্পদ উন্নয়ন দ্ৰুত ভাৱে বৃদ্ধি হৈ দেশৰ অৰ্থনীতিত মুখ্য ভূমিকা পালন কৰিব পাৰিব।

৪/ মূল্যবৃদ্ধি:- চাহিদাৰ তুলনাত উৎপাদনৰ হাৰ কম হোৱাৰ হেতুকে মূল্যবৃদ্ধিয়ে ভাৰতৰ জনতাক কোঙা কৰি তুলিছে। ভাৰতত হোৱা অত্যাধিক জনসংখ্যা বৃদ্ধি আৰু অনুপ্ৰৱেশৰ সমস্যাই মূল্যবৃদ্ধিত প্ৰভাৱ পেলাইছে। জনসংখ্যা বৃদ্ধিয়ে মূল্যবৃদ্ধিত প্ৰভাৱ পেলোৱাৰ লগতে আমদানি শুল্ক বৃদ্ধি, ইন্ধনৰ শুল্ক বৃদ্ধিয়ে মূল্যবৃদ্ধিত অৰিহণা যোগায়।

৫/ সংস্থাপনহীনতা:- জনসংখ্যা বৃদ্ধিৰ ফলত সংস্থাপনহীনতাই দেখা দিয়ে। দ্ৰুত গতিত জনসংখ্যা বৃদ্ধিৰ সমান্তৰালভাৱে কৰ্মসংস্থানৰ বৃদ্ধি নহয় ফলত দেশত নিবনুৱা অত্যাধিক হাৰত বৃদ্ধি পাইছে। সংস্থাপনহীনতাৰ বাবে দেশত দৰিদ্ৰতা আৰু নানা ধৰণৰ অপৰাধপ্ৰৱণতা বৃদ্ধি পাইছে।

৬/ বাসস্থানৰ অভাৱ:- জনসংখ্যা বৃদ্ধিৰ ফলত বাসস্থানৰ অভাৱে দেখা দিয়ে। পৰিয়ালসমূহৰ সংখ্যা বৃদ্ধি হৈ কেইবাটাও পৰিয়ালত বিভক্ত হোৱাৰ ফলত বাসস্থান, ভূমি, সম্পত্তি আদি বিভাজিত হৈ বাসস্থানৰ অভাৱ, কৃষিভূমিৰ অভাৱে সমস্যাৰ সৃষ্টি কৰে।

৭/ শিক্ষা আৰু স্বাস্থ্যৰ দিশত অভাৱ:- জনসংখ্যা বৃদ্ধিৰ ফলত দেশত শিক্ষা আৰু স্বাস্থ্যৰ অভাৱে দেখা দিয়া পৰিলক্ষিত হৈছে। অত্যাধিক জনসংখ্যাৰ বৃদ্ধি আৰু দৰিদ্ৰতাৰ বাবে প্ৰয়োজনীয় বিত্তীয় আন্তঃগাঁথনিৰ অভাৱত শিক্ষাৰ পৰা বঞ্চিত হব লগা হৈছে যদিও চৰকাৰে বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰিছে, তথাপিও কোনোবাখিনিত থমকি ৰব লগা পৰিস্থিতিৰ সন্মুখীন হৈছে। ঠিক একেদৰে জনসংখ্যা বৃদ্ধিৰ ফলত স্বাস্থ্যৰ দিশত অভাৱ পৰিলক্ষিত হৈছে। অনুন্নত আৰু উন্নয়নশীল দেশত আর্থিকভাৱে পিছপৰা অধিকসংখ্যক জনসাধাৰণে উন্নত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হব লগা হৈছে। অত্যাধিক জনসংখ্যাৰ ফলত অস্বাস্থ্যকৰ পৰিবেশতো মানুহে জীৱন-যাপন কৰাৰ বাবে শাৰীৰিক সমস্যাৰ সৃষ্টি হৈছে।

৮/ মানৱ সম্পদ উন্নয়নৰ অন্তৰায়:- জনসংখ্যা বৃদ্ধিয়ে মানৱ সম্পদ উন্নয়নত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে। মানৱ সম্পদ বুলিলে - সুস্বাস্থ্যৰ অধিকাৰী যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতা সম্পন্ন হৈ উৎপাদনমূলক কামত নিজকে জড়িত কৰে তেওঁকেই মানৱ সম্পদ বুলি কোৱা হয়। মানৱ সম্পদৰ মূল চালিকা শক্তি হৈছে - স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ। 
জনসংখ্যা বৃদ্ধিৰ ফলত উন্নয়নশীল দেশত উপযুক্ত শিক্ষাৰ অভাৱ, সুস্বাস্থ্যৰ অভাৱ আৰু উপযুক্ত প্ৰশিক্ষণৰ অভাৱ ঘটিছে। মানৱ সম্পদ উন্নয়নত বাধাৰ সৃষ্টি কৰা মূল কাৰণ হৈছে দৰিদ্ৰতা আৰু অজ্ঞতা। চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে দেশত মানৱ সম্পদ সৃষ্টিৰ পদক্ষেপ গ্ৰহণ কৰিছে যদিও কিছুসংখ্যক নিৰক্ষৰ অভিভাৱক অজ্ঞতা হোৱাৰ বাবে এনে আঁচনিয়ে সকলোকে সামৰি লবলৈ ব্যৰ্থ হৈছে।

জনসংখ্যা বৃদ্ধি ৰোধ কৰা উপায়:- 

১/ জন্মৰ হাৰ নিয়ন্ত্ৰণ:- জনসংখ্যা বৃদ্ধি ৰোধ কৰিবলৈ দেশত পৰিয়াল পৰিকল্পনাৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰিব লাগিব।

২/ শিক্ষাৰ প্ৰসাৰ:- জনসংখ্যা বৃদ্ধি ৰোধ কৰিবলৈ দেশত শৈক্ষিক পৰিৱেশ উন্নত কৰিব লাগিব। দৰিদ্ৰতা যাতে শিক্ষা লাভৰ বাধা নহয় তাৰ প্ৰতি চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা উচিত। দেশৰ শিক্ষা ব্যৱস্থাত কাৰিকৰী শিক্ষাক অধিক গুৰুত্ব প্ৰদান কৰিলে নিবনুৱা সমস্যা সমাধান হব।

৩/ উৎপাদন বৃদ্ধি:- জনসংখ্যা বৃদ্ধিৰ ফলত সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে কিয়নো চাহিদা অনুসৰি যোগানৰ পৰিমাণ কম হৈছে। বিশেষকৈ খাদ্য সামগ্ৰীৰ অভাৱ পূৰণ কৰিবলৈ দেশৰ কৃষি ব্যৱস্থা আধুনিকীকৰণ কৰিব লাগিব। দেশৰ কৃষকসকলৰ অভাৱ-অভিযোগসমূহ চৰকাৰে গুৰুত্বসহকাৰে লোৱা উচিত। দেশৰ উৎপাদন বৃদ্ধিৰ ফলত চাহিদা অনুসৰি যোগান, মূল্যবৃদ্ধি হ্ৰাস আৰু নিবনুৱা সমস্যা সমাধানৰ পথ প্ৰশস্ত হব।

৪/ অনুপ্ৰৱেশ ৰোধ:- জনসংখ্যা বৃদ্ধি ৰোধ কৰিবলৈ অন্য ৰাষ্ট্ৰৰ পৰা ভাৰতলৈ হোৱা অনুপ্ৰৱেশ ৰোধ কৰিব লাগিব। ভাৰত সীমান্তৰ নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰি গঢ়ি তুলিব লাগিব।

সামৰণি:-

জনসংখ্যা বৃদ্ধিৰ সমস্যাই এখন দেশৰ উন্নয়নত বাৰুকৈয়ে ব্যাঘাত জন্মায়। জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ আৰু প্ৰতিকাৰৰ উপায়সমূহ সুচাৰুৰূপে কাৰ্যকৰী কৰিলে ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল জনবহুল দেশ দ্ৰুত উন্নয়নৰ গতিত আগবাঢ়ি উন্নত ৰাষ্ট্ৰলৈ পৰিণত হ'বলৈ সক্ষম হব।

Post a Comment

Previous Post Next Post