IndiGo বিমান চলাচল স্থগিত — পৰিস্থিতিৰ সৃষ্টি কেনেকৈ হল?



InterGlobe Aviation Limited ৰ IndiGo Flight বিমান চলাচল ২ ডিচেম্বৰ ২০২৫ তাৰিখৰ পৰা ভাৰতৰ ভিতৰত ১০০ খনতকৈ বেছি বিমান বাতিল কৰা হৈছিল আৰু ৩ ডিচেম্বৰত ২০০ খনতকৈ অধিক তেনেদৰে ৪ ডিচেম্বৰত ৫৫০ খনতকৈ অধিক আৰু ৫ ডিচেম্বৰত ১৬০০ খন বিমান চলাচল বাতিল কৰা হৈছে। কাৰণ আছিল চৰকাৰৰ FDTL আইন অৰ্থাৎ (Flight Duty Time Limitation) যিখন ভাৰতৰ বিমান পৰিচালনা সংস্থা DGCA (Directorate General of Civil Aviation) ৰ দ্বাৰা পৰিচালিত হয়। এই FDTL ৰ নিয়ম অনুসৰি বিমানৰ পাইলট আৰু ক্ৰু সদস্যসকলৰ জিৰণিৰ বাবে সময় দিয়া আৰু সুৰক্ষিত বিমান যাত্ৰা নিশ্চিত কৰা।
আগতে বিমানৰ পাইলট আৰু ক্ৰু সদস্যসকলৰ জিৰণিৰ সময় আছিল সপ্তাহত কমেও ৩৬ ঘণ্টা আৰু বৰ্তমানৰ FDTL নিয়ম অনুসৰি সপ্তাহত ৪৮ ঘণ্টা জিৰণি বাধ্যতামূলক কৰিছে। FDTL নিয়মৰ লগত সমস্যা আহি পৰিছিল যে ইণ্ডিগ' বিমান কৰ্তৃপক্ষৰ লগত ক্ৰু মেম্বাৰ আৰু পাইলটৰ অভাৱ আছিল বাবে নতুন আইনখনৰ লগত খাপ খাব পৰা নাছিল।

ইণ্ডিগ' বিমান সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানৰ নৱেম্বৰ মাহৰ শেষলৈ পাইলট আৰু ক্ৰু মেম্বাৰৰ কৰ্ম সূচী প্ৰস্তুত কৰা ছফ্টৱেৰত খেলি মেলিৰ সৃষ্টি হৈছিল ফলত কোনজন কৰ্মচাৰীৰ ডিউটি কেতিয়া সময় সূচী আদিত অসুবিধাৰ সন্মুখীন হৈছিল।

ইণ্ডিগ' বিমান সেৱা ২ ডিচেম্বৰৰ পৰা আচলাৱস্থা হোৱাৰ পিছত যাত্ৰী সকলৰ অনেক অসুবিধাৰ সন্মুখীন হৈছিল। সেই সময়ত আন আন বিমান সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান সমূহৰ বিমান টিকটৰ মূল্য অত্যাধিক হৈছিল, যাত্ৰী সকলে বিমান কৰ্তৃপক্ষৰ পৰা আগতীয়াকৈ কোনো ধৰণৰ জাননী লাভ নকৰাৰ ফলত অসুবিধাত পৰিছিল, বিমান সেৱা বাতিলৰ ফলত যাত্ৰী সকলৰ চিকিৎসা সময় মতে দেখাবলৈ যাবলৈ অসুবিধা হৈছে, কোনো লোকে পৰিয়ালৰ বিয়া, অনুষ্ঠানত উপস্থিত থাকিব পৰা নাই ইত্যাদি সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে।

IndiGo বিমান সেৱা প্ৰতিষ্ঠান ২০০৫ চনত স্থাপন কৰা হৈছিল দুজন উদ্যোগীৰ প্ৰচেষ্টাত, তেওঁলোক আছিল ৰাহুল ভটিয়া আৰু ৰাকেশ গংগৱাল। IndiGo বিমান সেৱা ভাৰতত আৰম্ভ হৈছিল ৪ আগষ্ট ২০০৬ চনত, তেতিয়া IndiGo Airline ৰ মুঠ বিমানৰ সংখ্যা আছিল ৬ খন Airbus A320 আৰু ১০০ খন বিমানৰ বাবে ২০০৫ চনতে Airbus কোম্পানীত অৰ্ডাৰ কৰিছিল। IndiGo বিমান প্ৰথম ৪ আগষ্ট ২০০৬ চনত দিল্লীৰ পৰা গুৱাহাটী হৈ মণিপুৰৰ ইম্ফললৈ যাত্ৰা আৰম্ভ কৰিছিল। IndiGo বিমান কোম্পানীৰ লক্ষ্য আছিল সুলভ মূল্যতে যাত্ৰা কৰোৱা আৰু তেওঁলোকৰ প্ৰতিখন বিমান বন্দৰত মাত্ৰ আধা ঘণ্টা থকাৰ পিছতে পুনৰ যাত্ৰা আৰম্ভ কৰা, ফলত IndiGo বিমান কোম্পানী আন আন বিমান সেৱা আগবঢ়োৱা কোম্পানীতকৈ পৃথক আছিল আৰু কোম্পানীৰ লাভাংশও বেছি আছিল। বৰ্তমান IndiGo বিমান সেৱা প্ৰতিষ্ঠানে ভাৰতত একচেতিয়া ব্যৱসায় কৰি আছে (Monopoly Business) ৬৫% শতাংশ ২০২৫ চনত আৰু বৰ্তমান IndiGo বিমান সেৱা কোম্পানীৰ লগত আছে মুঠ ২,২০০ খনতকৈ অধিক বিমান।


Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব