পথ সুৰক্ষা সজাগতা: ৰাজপথত গাড়ী চলাওঁতে ল’বলগীয়া সাৱধানতা আৰু প্ৰয়োজনীয় প্ৰশ্নোত্তৰ

 



বৰ্তমান সময়ত অসমৰ ৰাজপথত যান-বাহনৰ নিৰাপত্তাৰ বাবে সজাগতা বৃদ্ধিৰ খুবেই প্ৰয়োজন হৈ পৰিছে। সেই উদ্দেশ্যেই আজিৰ এই বিশেষ পোষ্টটো আপোনালোকৰ বাবে আগবঢ়ালোঁ। এই পোষ্টত উল্লেখ কৰা প্ৰশ্নসমূহ যদিও আগতে বিভিন্ন ড্ৰাইভাৰ পদৰ চাকৰি পৰীক্ষাত আহিছিল আৰু মই এটা ব্লগ পোষ্টত দিছিলোঁ, তথাপিও ৰাজহুৱা সজাগতাৰ খাতিৰত মই আজি এইসমূহ পুনৰাই আগবঢ়ালোঁ।

​ৰাজপথত গাড়ী চলাওঁতে প্ৰতিটো সৰু-সুৰা দিশ জনাটো খুবেই দৰকাৰী। বিশেষকৈ ঠাণ্ডা দিনত ডাঠ কুঁৱলীৰ বাবে ৰাস্তাত গাড়ী চলাওঁতে অত্যন্ত সাৱধান হ'ব লাগে। তেনে সময়ত সদায় লো-বীম (Low beam) লাইট ব্যৱহাৰ কৰিব লাগে; কিয়নো কুঁৱলীৰ সময়ত হাই-বীম (High beam) ব্যৱহাৰ কৰিলে পোহৰ প্ৰতিফলিত হৈ চালকৰ নিজৰ চকুত পৰে আৰু বিপৰীত দিশৰ পৰা অহা চালকৰো অসুবিধা হয়। কুঁৱলীৰ সময়ত ফগ লাইট (Fog light) ব্যৱহাৰ কৰিব লাগে আৰু পৰাপক্ষত গাড়ী অত্যন্ত লেহেমীয়া গতিৰে চলাব লাগে। 
ৰাজপথত যান বাহন চলাওঁতে Pass Light ৰ সঠিক ব্যৱহাৰ কৰিব লাগে। Pass Light হৈছে যান বাহনৰ High Beam লাইটো এক চেকেণ্ডৰ বাবে জ্বলোৱা (Headlight Flashing)। Pass Light (পাছ লাইট) গাড়ী Overtaking কৰা সময়ত দিব পাৰে যাতে আপোনাৰ সন্মুখত গৈ থকা গাড়ীখনে আপোনাক বাট এৰি দিয়ে, Pass Light ৰ দ্বাৰা বিপৰীত দিশৰ পৰা আহি থকা গাড়ী গতিবেগ কম কৰাৰ নিৰ্দেশ দিব পৰা যায় যাতে সন্মুখত ঠেক ৰাস্তা বা কম ঠাইত কোন আগেই যাব সেয়া নিশ্চিত কৰিব পাৰি, Pass Light ৰ দ্বাৰা বিপৰীত দিশৰ পৰা অহা গাড়ীৰ চালকক সাৱধান কৰিবৰ বাবেও ব্যৱহাৰ কৰা হয়। বিপৰীত দিশৰ পৰা অহা যান বাহনৰ High Beam পোহৰে অসুবিধাৰ সৃষ্টি কৰা ফলত Pass Light ব্যৱহাৰ কৰি High Beam ৰ পৰা Low Beam কৰিবলৈ অনুৰোধ জনাব পাৰে। 
​বৰ্তমান সময়ত প্ৰায়ে বাতৰি কাকত বা টিভিত দেখিবলৈ পোৱা যায় যে ৰৈ থকা বাহনত চলন্ত গাড়ীয়ে খুন্দা মাৰি দুৰ্ঘটনা সংঘটিত কৰিছে। এনেবোৰ ঘটনাৰ বাবে আচলতে দায়ী কোন? আনহাতে, পথত মুক্তভাৱে ঘূৰি ফুৰা জীৱ-জন্তু, গৰু-ছাগলী আদিয়েও যাতায়তত ব্যাপক অসুবিধাৰ সৃষ্টি কৰে; ইয়াৰ বাবেও জানো আমি সজাগ হোৱা উচিত নহয়? সেয়ে যান-বাহন চলাওঁতে ৰাজপথৰ প্ৰতিটো দিশ চাই সাৱধানে আগুৱাই যাব লাগে আৰু লাইটৰ সঠিক ব্যৱহাৰ কৰিব লাগে।
তলত যান-বাহনৰ সৈতে জড়িত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আগবঢ়োৱা হ’ল। আশা কৰোঁ আপোনালোক ইয়াৰ দ্বাৰা উপকৃত হ’ব।

১/ তলৰ চিহ্নতোৰ অৰ্থ কি?



(a) সোঁকাষত আলি কেঁকুৰী/ ভাঁজ আছে

(b) ইউ টাৰ্ন নিষেধ

(c) সোঁকাষে ঘূৰা নিষেধ

(d) বাওঁকাষে ঘূৰা নিষেধ

উত্তৰ:- (b) ইউ টাৰ্ন নিষেধ

২/ এজন পথাচাৰীয়ে 'জেব্ৰা ক্ৰচিং' নথকা স্থানেদি ৰাস্তা পাৰ হ'লে আপুনি -


(a) তীব্ৰ গতিত আগবাঢ়িব

(b) তেওঁৰ সেইটো অধিকাৰ বুলি মানি ল'ব

(c) অসাৱধান পথাচাৰী বুলি নিজে সতৰ্কতাৰে আগবাঢ়িব

(d) গতিবেগ কমাই পথাচাৰীক সাৱধান কৰিব

উত্তৰ:- (d) গতিবেগ কমাই পথাচাৰীক সাৱধান কৰিব

৩/ মটৰ চাইকেলৰ সৰ্বোচ্চ অনুমোদিত গতিবেগ -


(a) প্ৰতি ঘণ্টাত ৭০ কিলোমিটাৰ

(b) প্ৰতি ঘণ্টাত ৬০ কিলোমিটাৰ

(c) প্ৰতি ঘন্টাত ৫০ কিলোমিটাৰ

(d) কোনো সীমা নাই

উত্তৰ:- (c) প্ৰতি ঘন্টাত ৫০ কিলোমিটাৰ

৪/ ৰঙা ট্ৰেফিক লাইটটো জ্বলা-নুমা কৰি থকাৰ অৰ্থ কি?


(a) গাড়ীখন ৰখাওক আৰু নিৰাপদ যেন দেখিলে আগবাঢ়ক

(b) গতি কমাওক আৰু অগ্ৰসৰ হওঁক

(c) গতি তীব্ৰ কৰক

(d) সেউজীয়া লাইটটো নজ্বলা পৰ্যন্ত গাড়ীখন ৰখাওক

উত্তৰ:- (a) গাড়ীখন ৰখাওক আৰু নিৰাপদ যেন দেখিলে আগবাঢ়ক

৫/ পৰিবাহক গাড়ী চলোৱাৰ যোগ্য বয়স -


(a) ২১ বছৰ

(b) ১৮ বছৰ

(c)  ২৫ বছৰ

(d) ২০ বছৰ

উত্তৰ:- (d) ২০ বছৰ

৬/ তলৰ চিহ্নটোৰ অৰ্থ কি?





(a) বাওঁফাললৈ ঘূৰা নিষেধ

(b) সোঁফাললৈ ঘূৰা নিষেধ

(c) বাওঁফালেদি গাড়ী অতিক্ৰম কৰা নিষেধ

(d) ইউ টাৰ্ন নিষেধ

উত্তৰ:- (b) সোঁফাললৈ ঘূৰা নিষেধ

৭/ অপৰিবাহক বাহনৰ (Non Transport Vehicle) ড্ৰাইভিং লাইচেঞ্চ পাবৰ বাবে প্ৰয়োজনীয় নুন্যতম শিক্ষাগত অৰ্হতা হৈছে - 


a) অষ্টম শ্ৰেণী
b) মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ
c) নৱম শ্ৰেণী উত্তীৰ্ণ
d) জৰুৰী নহয়

উত্তৰ:- d) জৰুৰী নহয়

৮/ সুৰাসক্ত হৈ গাড়ী চালনা কৰাটো প্ৰমাণিত হ'লে চালকৰ হ'ব পাৰে -


(a) ১ বছৰ কঠোৰ জেল

(b) ৬ মাহ পৰ্যন্ত জেল অথবা ২০০০ টকাৰ জৰিমনা বা দুয়োটা

(c) ২ বছৰ কঠোৰ জেল

(d) ১ বছৰ পৰ্যন্ত জেল অথবা ৪০০০ টকাৰ জৰিমনা বা দুয়োটা

উত্তৰ:- (b) ৬ মাহ পৰ্যন্ত জেল অথবা ২০০০ টকাৰ জৰিমনা বা দুয়োটা

৯/ সন্মুখৰ পৰা অহা গাড়ীক আপোনাৰ -


(a) সুবিধাজনক দিশত পাৰ হ'বলৈ দিয়া উচিত

(b) সোঁকাষেদি পাৰহৈ যাবলৈ দিয়া উচিত

(c) ইচ্ছানুযায়ী পাৰ হ'বলৈ দিয়া উচিত

(d) বাওঁকাষেদি পাৰ হৈ যাবলৈ দিয়া উচিত

উত্তৰ:- (b) সোঁকাষেদি পাৰহৈ যাবলৈ দিয়া উচিত

১০/ পথ সংযোগস্থলীত হালধীয়া লাইটটো জ্বলিলে চালকে কি কৰিব লাগে?


(a) শিঙা বজাই তীব্ৰ গতিৰে অগ্ৰসৰ হ'ব

(b) শিঙা বজাই নিজ পথেৰে অগ্ৰসৰ হ'ব

(c) গাড়ীৰ গতি ক্ৰমাৎ কম কৰি বাহনখন ৰখাব

(d) চাৰিওদিশে চাই নিৰাপদ যেন অনুভৱ কৰিলে অগ্ৰসৰ হ'ব

উত্তৰ:- (c) গাড়ীৰ গতি ক্ৰমাৎ কম কৰি বাহনখন ৰখাব

১১/ গাড়ীৰ প্ৰদূষণ পৰীক্ষা কৰিব লাগে প্ৰতি -


(a) ১ বছৰে

(b) ২ বছৰে

(c) ৩ মাহে

(d) ৬ মাহে

উত্তৰ:- (d) ৬ মাহে

১২/ পৰিবাহক বাহন (Transport Vehicle) এখনক কোনটো কথা লক্ষ্য কৰি আন বাহনৰ পৰা পৃথকে চিনি উলিয়াব পাৰি?


a) টায়াৰৰ আকাৰ
b) গাড়ীৰ ৰং
c) গাড়ীৰ আকাৰ
d) পঞ্জীয়ন নম্বৰ ফলক

উত্তৰ:- d) পঞ্জীয়ন নম্বৰ ফলক

১৩/ ট্ৰেক্টৰ চালকে কদাপিও -


a) চালকক ধৰি সৰ্বমুঠ দুজনতকৈ অধিক মানুহ নকঢ়িয়াব

b) চালকৰ বাদে অন্য মানুহ কঢ়িয়াই নিনিব

c) চালকৰ উপৰি তিনিজনতকৈ অধিক মানুহ নকঢ়িয়াব

d) চালকৰ উপৰি দুজনতকৈ অধিক মানুহ নকঢ়িয়াব

উত্তৰ:- b) চালকৰ বাদে অন্য মানুহ কঢ়িয়াই নিনিব

১৪/ তলৰ চিহ্নটোৰ অৰ্থ কি?




a) বাধ্যতামূলকভাবে সোঁদিশে যাওক

b) বাধ্যতামূলকভাবে পোনে পোনে যাওক অথবা সোঁদিশে ঘূৰক

c) সোঁদিশে উপপথ

d) বাধ্যতামূলকভাবে পোনে পোনে যাওক অথবা বাওঁদিশে ঘূৰক

উত্তৰ:- d) বাধ্যতামূলকভাবে পোনে পোনে যাওক অথবা বাওঁদিশে ঘূৰক

১৫/ লানাৰ্চ লাইচেন্সৰ ম্যাদ -


a) ৩০ দিন

b) ৬ মাহ

c) ৪ মাহ

d) মূল লাইচেন্স নোপোৱা পৰ্যন্ত

উত্তৰ:- b) ৬ মাহ

১৬/ স্কুল বাছৰ গতি প্ৰতিঘণ্টাত হোৱা উচিত -


a) ২৫ কিলোমিটাৰ

b) ৪০ কিলোমিটাৰ

c) ৩০ কিলোমিটাৰ

d) ৫০ কিলোমিটাৰ

উত্তৰ:- b) ৪০ কিলোমিটাৰ

১৭/ টেক্সি চালকে কম দূৰত্ব বুলি কাৰণ দৰ্শাই যাত্ৰীক নিবলৈ যদি অস্বীকাৰ কৰে -


a) জেলত যাবলগীয়া হ'ব পাৰে

b) জৰিমনা ভৰিবলগীয়া হ'ব পাৰে

c) চালকৰ অনুজ্ঞাপত্ৰ বাতিল হ'ব পাৰে

d) ওপৰৰ এটাও নহয়

উত্তৰ:- c) চালকৰ অনুজ্ঞাপত্ৰ বাতিল হ'ব পাৰে

১৮/ তলৰ চিহ্নটোৰ অৰ্থ কি?




a) বাওঁফালে কোনো পথ নাই

b) বাওঁফালে নাযাব

c) বাওঁফালে যাব

d) বাওঁদিশে ঘূৰাটো বাধ্যতামূলক

উত্তৰ:- d) বাওঁদিশে ঘূৰাটো বাধ্যতামূলক

১৯/ বিপদজনক গাড়ী চালনা কাক বোলা হয়?


a) ৰঙা ট্ৰেফিক লাইট অৱমাননা
b) ষ্টপ লাইটৰ উলংঘন
c) মোবাইলৰ ব্যৱহাৰ
d) তিনিওটাৰ যিকোনো এটা সংঘটিত হ'লে

উত্তৰ:- d) তিনিওটাৰ যিকোনো এটা সংঘটিত হ'লে

২০/ গাড়ী এখন অতিক্ৰম কৰাৰ আগেয়ে চালকজনে নিশ্চিত হোৱা উচিত -


a) সন্মুখৰ পথছোৱা স্পষ্টভাবে দৃশ্যমান হৈ আছে আৰু অতিক্ৰমৰ বাবে নিৰাপদ

b) সন্মুখত গৈ থকা গাড়ীখন সোঁদিশে ঘূৰিব

c) পিছফালৰ পৰা কোনো গাড়ী অহা নাই

উত্তৰ:- a) সন্মুখৰ পথছোৱা স্পষ্টভাবে দৃশ্যমান হৈ আছে আৰু অতিক্ৰমৰ বাবে নিৰাপদ

২১/ জেব্ৰা লাইনবোৰে কি বুজায়?


a) গাড়ীক প্ৰাধান্য দিয়াটো বুজায়

b) গাড়ীৰ গতি কম কৰাটো নিৰ্দেশ দিয়ে

c) গাড়ীৰ গতিবেগ তীব্ৰ কৰাটো বুজায়

d) পথাচাৰী পথ পাৰ হৈ থকা বুজায়

উত্তৰ:- d) পথাচাৰী পথ পাৰ হৈ থকা বুজায়

২২/ তলৰ চিহ্নটোৰ অৰ্থ কি?




a) ২ মিটাৰতকৈ অধিক প্ৰস্থৰ বাহনৰ প্ৰৱেশ নিষেধ

b) ২ মিটাৰতকৈ অধিক ওখ বাহনৰ প্ৰৱেশ নিষেধ 

c) গতিবেগ প্ৰতিঘণ্টাত

d) ওপৰৰ এটাও নহয়

উত্তৰ:- a) ২ মিটাৰতকৈ অধিক প্ৰস্থৰ বাহনৰ প্ৰৱেশ নিষেধ

২৩/ ভাৰতবৰ্ষত এখন বাহন _____ ।


a) ৰাস্তাৰ সোঁফালে চলোৱা হয় আৰু চালকজন গাড়ীৰ বাওঁফালে বহি থাকে।
b) ৰাস্তাৰ বাওঁফালে চলোৱা হয় আৰু চালকজন গাড়ীৰ সোঁফালে বহি থাকে।
c) ৰাস্তাৰ সোঁফালে চলোৱা হয় আৰু চালকজন গাড়ীৰ সোঁফালে বহি থাকে।
d) ৰাস্তাৰ বাওঁফালে চলোৱা হয় আৰু চালকজন গাড়ীৰ বাওঁফালে বহি থাকে।

উত্তৰ:- b) ৰাস্তাৰ বাওঁফালে চলোৱা হয় আৰু চালকজন গাড়ীৰ সোঁফালে বহি থাকে।

২৪/ এটা শোভাযাত্ৰাৰ কাষেদি যাওঁতে গাড়ীৰ সৰ্বোচ্চ গতিবেগ হ'ব লাগে -


a) ২৫ কিলোমিটাৰ প্ৰতি ঘণ্টাত

b) ১৫ কিলোমিটাৰ প্ৰতি ঘণ্টাত

c) ৩০ কিলোমিটাৰ প্ৰতি ঘণ্টাত

d) ২০ কিলোমিটাৰ প্ৰতি ঘণ্টাত

উত্তৰ:- b) ১৫ কিলোমিটাৰ প্ৰতি ঘণ্টাত

২৫/ তলৰ চিহ্নটোৰ অৰ্থ কি?




a) ব্যক্তিগত বাহনৰ পাৰ্কিং স্থান

b) টেক্সিৰ পাৰ্কিং স্থান

c) ব্যক্তিগত বাহনৰ প্ৰৱেশ নিষেধ

d) পুলিচ বাহনৰ পাৰ্কিং স্থান

উত্তৰ:- b) টেক্সিৰ পাৰ্কিং স্থান

২৬/ অপৰিবাহক বাহনৰ লাৰ্নাছ্ লাইচেঞ্চ প্ৰাপ্ত কৰাৰ পাছত ড্ৰাইভিং লাইচেঞ্চৰ বাবে আবেদন কৰিবলৈ এজন আবেদকে নুন্যতম কিমান সময় অপেক্ষা কৰিব লগা হয়?


a) ৩০ দিন
b) ৬০ দিন
c) ৪৫ দিন
d)৬ মাহ

উত্তৰ:- a) ৩০ দিন

২৭/ গাড়ীৰ হেণ্ড ব্ৰেক কিয় ব্যৱহাৰ কৰিব লাগে?


a) গাড়ীৰ গতিবেগ বঢ়াবৰ বাবে

b) গাড়ীখন এঠাইত পাৰ্কিং কৰি ৰাখোঁতে

c) গাড়ীৰ গতিবেগ কমাবৰ বাবে

d) হঠাৎ গাড়ীখন ৰখাবলৈ হ'লে

উত্তৰ:- b) গাড়ীখন এঠাইত পাৰ্কিং কৰি ৰাখোঁতে

২৮/ নিশা হেডলাইট জ্বলাই গৈ থকা অৱস্থাত সন্মুখৰ পৰা গাড়ী এখন আহি ওচৰ চাপিলে -


a) গাড়ীৰ শিঙা বজাই তীব্ৰ গতিত বাওঁদিশে ঘূৰিব লাগে

b) গাড়ীখন বাওঁদিশলৈ নি আগবাঢ়ি গৈ থাকিব লাগে 

c) হেডলাইটৰ পোহৰ কমাই আৰু বঢ়াই আগবাঢ়ক

d) সন্মুখৰ পৰা অহা গাড়ীখন পাৰ হৈ নোযোৱা পৰ্যন্ত হেডলাইটৰ পোহৰ কমাই ৰাখক

উত্তৰ:- d) সন্মুখৰ পৰা অহা গাড়ীখন পাৰ হৈ নোযোৱা পৰ্যন্ত হেডলাইটৰ পোহৰ কমাই ৰাখক

২৯/ ভাৰতবৰ্ষত এখন বাহনত কোনবিধ শিঙা (Horn) অনুমোদিত?


a) বহুসুৰীয়া শিঙা
b) বৈদ্যুতিক শিঙা
c) বায়ু শিঙা
d) যি কোনো বিধৰ শিঙা

উত্তৰ:- b) বৈদ্যুতিক শিঙা

৩০/ কেতিয়া এজন ব্যক্তিৰ ড্ৰাইভিং লাইচেন্স অযোগ্য ঘোষিত হ'ব পাৰে -


a) গাড়ী চলাই থাকোতে মোবাইল ফোনত কথা পাতিলে

b) গাড়ী চলাওঁতে অনাহকত হৰ্ণ বজাই থাকিলে

c) লগত ড্ৰাইভিং লাইচেন্স নাথাকিলে

উত্তৰ:- a) গাড়ী চলাই থাকোতে মোবাইল ফোনত কথা পাতিলে

৩১/ তলত উল্লেখিত কোনটো স্থানত গাড়ী পাৰ্কিং নিষেধ -


a) পথৰ কাষত

b) ট্ৰেফিক লাইটৰ কাষত

c) পাৰ্কিং কৰাৰ বাবে অনুমোদিত স্থানত

উত্তৰ:- b) ট্ৰেফিক লাইটৰ কাষত

৩২/ অচল গাড়ী এখনক ৰচীৰে বান্ধি আন এখন গাড়ীৰে গেৰেজলৈ নিওঁতে গাড়ী দুখনৰ মাজত ব্যৱধান হ'ব লাগে -


a) ৩ মিটাৰ

b) ৭ মিটাৰ

c) ২ মিটাৰ

d) ৫ মিটাৰ

উত্তৰ:- d) ৫ মিটাৰ

৩৩/ তলৰ চিহ্নটোৰ অৰ্থ কি?




a) পশু কঢ়িওৱা গাড়ী নিষিদ্ধ

b) পশুৰ প্ৰৱেশ নিষেধ

c) পশু জিৰণিৰ স্থান

d) সন্মুখত পথৰ ওপৰত পশু থাকিব পাৰে

উত্তৰ:- d) সন্মুখত পথৰ ওপৰত পশু থাকিব পাৰে

৩৪/ অসমত পঞ্জীকৃত সাধাৰণ লোকৰ গাড়ীৰ নম্বৰ ফলক লিখা হয় -


a) এ এচ্

b) অসম

c) এ এচ্ এ

d) এ এচ্ আৰু অসম

উত্তৰ:- a) এ এচ্ (AS)

৩৫/ অসমত বাছৰ কণ্ডাক্টৰৰ লাইচেঞ্চ পাবৰ বাবে প্ৰয়োজনীয় নুন্যতম শিক্ষাগত অৰ্হতা হৈছে ___________।


a) অষ্টম শ্ৰেণী উত্তীৰ্ণ

b) হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ

c) নৱম শ্ৰেণী উত্তীৰ্ণ

d) বাধ্যতামূলক নহয়

উত্তৰ:- a) অষ্টম শ্ৰেণী উত্তীৰ্ণ

৩৬/ বিপদজনক আৰু ক্ষতিকাৰক সামগ্ৰী কঢ়িওৱা বাহন চালকৰ ড্ৰাইভিং লাইচেঞ্চৰ বৈধতাৰ ম্যাদ হৈছে _____________ ।


a) ১ বছৰ

b) ২ বছৰ

c) ৩ বছৰ

d) ৫ বছৰ

উত্তৰ:- a) ১ বছৰ

৩৭/ পথত থকা জেব্ৰা ক্ৰছিং কিহৰ বাবে ব্যৱহৃত হয়?


a)  গতিবেগ কমাবলৈ

b) পথচাৰী ইপাৰ সিপাৰ হ'বলৈ

c) অন্য গাড়ীক অগ্ৰাধিকাৰ দিবলৈ

d) পশু ইপাৰ সিপাৰ হ'বলৈ

উত্তৰ:- b) পথচাৰী ইপাৰ সিপাৰ হ'বলৈ

৩৮/ ভাৰতবৰ্ষত ড্ৰাইভিং লাইচেঞ্চ লাভ কৰিবৰ বাবে বয়সৰ সৰ্বোচ্চ সীমা হৈছে _____________ ।


a) ৬৫ বছৰ

b) ৭০ বছৰ

c) ৮০ বছৰ

d) বয়সৰ কোনো বাধা নাই

উত্তৰ:- d) বয়সৰ কোনো বাধা নাই

৩৯/ নিচাসক্ত হৈ গাড়ী চালনা কৰিলে প্ৰথম বাৰৰ বাবে সৰ্বোচ্চ শাস্তি হ'ল ________________ ।


a) ৬ মাহ পৰ্যন্ত কাৰাদণ্ড

b) ১০ হাজাৰ টকাৰ জৰিমনা

c) ১০ হাজাৰ টকাৰ জৰিমনা আৰু ৬ মাহ পৰ্যন্ত কাৰাদণ্ড

d) ২০ হাজাৰ টকাৰ জৰিমনা

উত্তৰ:- c) ১০ হাজাৰ টকাৰ জৰিমনা আৰু ৬ মাহ পৰ্যন্ত কাৰাদণ্ড

৪০/ ভাৰতীয় বাহনৰ হালধীয়া বৰণৰ নম্বৰ প্লেটে কি সূচায়?


a) বৈদ্যুতিক বাহন

b) বাণিজ্যিক বাহন

c) এম্বুলেন্স

d) ৰাজ্যপালৰ বাহন

উত্তৰ:- b) বাণিজ্যিক বাহন

৪১/ প্ৰতিৰক্ষা বিভাগীয় গাড়ীৰ বাদে আন গাড়ীত তলত উল্লেখ কৰা কোনটো ৰং নিষিদ্ধ?


a) কমলা

b) গেৰুৱা

c) জলফাই সেউজীয়া

d) ঘন নীলা

উত্তৰ:- c) জলফাই সেউজীয়া

৪২/ ভাৰতবৰ্ষত এখন বৈদ্যুতিক বাহন ( Electric Vehicle) ৰ নম্বৰ প্লেটৰ ৰং ________________ ।


a) বগা

b) হালধীয়া

c) ক'লা

d) সেউজীয়া

উত্তৰ:- d) সেউজীয়া

৪৩/ মটৰ গাড়ীৰ দ্বাৰা সংঘটিত 'হিট এণ্ড ৰান' (Hit and Run) পথ দুৰ্ঘটনাত মৃত্যুজনিত কাৰণত ক্ষতিপূৰণ ধনৰাশি হৈছে _____________ ।


a) ১ লাখ টকা

b) ২ লাখ টকা

c) ২ লাখ ৫০ হাজাৰ টকা

d) ৫০ হাজাৰ টকা

উত্তৰ:- b) ২ লাখ টকা

৪৪/ লঘু বাহন (Light Motor Vehicle) এখনৰ চালকে অত্যাধিক বেগত গাড়ী চলোৱাৰ দণ্ড হৈছে _______________ ।


a) ১ হাজাৰৰ পৰা ২ হাজাৰ টকালৈ

b) ৩ হাজাৰ টকা

c) ৫০০ টকা

d) ৫ হাজাৰ টকা

উত্তৰ:- a) ১ হাজাৰৰ পৰা ২ হাজাৰ টকালৈ

৪৫/ নতুনকৈ পঞ্জীয়ন কৰা এখন বাহনে কিমান দিন সম্পূৰ্ণ কৰিলে প্ৰদূষণ নিয়ন্ত্ৰণ পত্ৰ ল'ব লাগে?


a) ১ বছৰ

b) ২ বছৰ

c) ৬ মাহ

d) ৩ বছৰ

উত্তৰ:- a) ১ বছৰ

৪৬/ পৰিবাহক বাহনৰ (Transport Vehicle) ড্ৰাইভিং লাইচেঞ্চ পাবলৈ আবেদনকাৰীৰ নুন্যতম কিমান বছৰৰ বাবে লঘু বাহনৰ (Light Motor Vehicle) ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব?


a) ৩ বছৰ

b) ১ বছৰ

c) ২ বছৰ

d) ৫ বছৰ

উত্তৰ:- b) ১ বছৰ

৪৭/ ভাৰতৰ পেট্ৰ'ল চালিত বাহন সমূহত তলৰ কোনবিধ সঁজুলি থকাটো বাধ্যতামূলক?


a) জি পি এছ ট্রেকাৰ

b) অনুঘটকীয় ৰূপান্তৰক (Catalytic Converter)

c) ওপৰঞ্চি চকা (Spare Wheel)

d) উইণ্ডশ্বিল্ড ৱাইপাৰ (Windshield Wipers)

উত্তৰ:- b) অনুঘটকীয় ৰূপান্তৰক (Catalytic Converter)

৪৮/ অসমত বাণিজ্যিক বাহনৰ (Commercial Vehicle) ক্ষেত্ৰত নিম্নলিখিত কোনটো বাধ্যতামূলক নহয়?


a) উপযুক্ততাৰ প্ৰমানপত্ৰ

b) প্ৰদূষণ নিয়ন্ত্ৰণত ৰখা

c) নিশা গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰ

d) বাহন পঞ্জীয়ন

উত্তৰ:- c) নিশা গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰ

৪৯/ এম্বুলেন্স সমূহত ৰঙা আৰু নীলা লাইট কিয় ব্যৱহাৰ কৰা হয়?


a) সকলো চালক, আনকি বৰ্ণান্ধ সকলকো, সতৰ্ক কৰিবৰ বাবে

b) দেখাত ভাল লগা হোৱাৰ বাবে

c) ৰঙা ৰঙে বিপদ আৰু নীলা ৰঙে জৰুৰীকালীন অৱস্থা সূচায়

d) দূৰৈৰ পৰা দেখা পোৱা যায়

উত্তৰ:- d) দূৰৈৰ পৰা দেখা পোৱা যায়

৫০/ অসমৰ পৌৰ এলেকাৰ পথত মটৰ চাইকেলৰ বাবে উচ্চতম গতি সীমা হৈছে -


a) ৫০ কিলোমিটাৰ/ঘন্টা

b) ৬০ কিলোমিটাৰ/ঘন্টা

c) ৭০ কিলোমিটাৰ/ঘন্টা

d) ৮০ কিলোমিটাৰ/ঘন্টা

উত্তৰ:- a) ৫০ কিলোমিটাৰ/ঘন্টা

৫১/ ত্ৰিকোণীয় আকৃতিৰ (Triangular Shaped) যান বাহন পথৰ চিহ্নটো যিটো শ্ৰেণীৰ অন্তৰ্ভূক্ত, সেয়া হৈছে ______________ ।





a) জৰুৰীকালীন

b) বাধ্যতামূলক

c) সূচনামূলক

d) সতৰ্কতামূলক

উত্তৰ:- d) সতৰ্কতামূলক




Assam Direct Recruitment Driver Exam Important Questions and Answers
Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"পিতৃৰ দৃষ্টিত জুবিন"

কপিল ঠাকুৰে পুত্ৰ জুবিন গাৰ্গৰ জীৱনৰ আধাৰত লিখা গ্ৰন্থখনৰ কিছু অনুভৱ - ঋতুপৰ্ণ বৰা

সম্পূৰ্ণ পঢ়ক →