অম্বুবাচী মেলা আৰু আহাৰৰ হাত লগা Ambubachi Mela


কামাখ্যায়ে বৰদে দেৱী নীলপৰ্ৱতাৱাসিনী ।
 ত্বং দেবী জগত মাতা যোনিমুদ্রে নমোস্তুতে ॥

লোকবিশ্বাস আৰু পৰম্পৰা অনুসৰি, আহাৰ মাহৰ সাত তাৰিখে পৃথিৱী ঋতুমতী হয়। এই সময়ছোৱাক অতি পবিত্ৰ সময় বুলি গণ্য কৰা হয়। এই সময়ছোৱাক মা কামাখ্যাৰ ৰজস্বলাৰ সময় বুলি জ্ঞান কৰা হয়। অম্বুবাচীৰ অৰ্থ হৈছে  অম্বু মানে পানী আৰু বাচিৰ অৰ্থ উৎফুলন অৰ্থাৎ বৃদ্ধি । অম্বুবাচীৰ জৰিয়তে যি পৃথিৱীৰ উৰ্বৰতা বৃদ্ধি কৰে আৰু ইয়াক উৎপাদনক্ষম কৰি তুলে বুলি লোকবিশ্বাস আৰু পৰম্পৰা চলি আহিছে আৰু এই সময়ছোৱাক পৃথিৱীৰ উৰ্বৰতাৰ উৎসৱ হিচাপেও গণ্য কৰা হয়। অম্বুবাচীৰ প্ৰথম তিনিদিন চুৱা আৰু চতুৰ্থদিনা শুদ্ধি বুলি এক লোক-পৰম্পৰা আছে। এই সময়ছোৱাত কিছুমান কাম কৰা নিষেধ, যেনে- মাটি চহোৱা, বীজ সিঁচা আদি আৰু কোনোধৰণৰ মাংগলিক কাৰ্য সম্পন্ন কৰা নহয়।
আহাৰ মাহৰ সাত লগা সময়তে গুৱাহাটী মহানগৰৰ নীলাচল পাহাৰৰ বুকুত অৱস্থিত মা কামাখ্যা মন্দিৰত অম্বুবাচী উৎসৱৰ সময়ত  এক বৃহৎ মেলা অনুষ্ঠিত হয়।  অম্বুবাচী উৎসৱৰ সময়ত কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ থাকে।  এই সময়ত ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে দেশ-বিদেশৰ অগনন ভক্তই মা কামাখ্যাৰ চৰণত আশিস লাভ কৰিবলৈ কামাখ্যা মন্দিৰৰ চৌহদত ভিৰ কৰেহি ।


 ভাৰতৰ পবিত্ৰ ভূমিৰ বিভিন্ন প্ৰান্তত অৱস্থিত ৫১টা শক্তিপীঠৰ দৰ্শন আৰু পূজা কৰিলে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ হয় বুলি বিশ্বাস কৰা হয় ।  তেনে এটি শক্তিপীঠ আছে যাক মহা শক্তিপীঠ বুলি কোৱা হয় আৰু সেয়াই হৈছে ‘মা কামাখ্যা মন্দিৰ’। 
 অম্বুবাচী মেলা, মনসা, দুৰ্গা পূজা আৰু ভিন্ন তন্ত্ৰ সাধনাৰ কেন্দ্ৰস্থল মা কামাখ্যা শক্তিপীঠ বিভিন্ন প্ৰান্তত অৱস্থিত ৫১ টা শক্তিপীঠৰ আটাইতকৈ  শ্ৰেষ্ঠ বুলি কোৱা হয়। এই মা - কামাখ্যাৰ শক্তিপীঠ আন শক্তিপীঠতকৈ অলপ পৃথক বুলি কোৱাৰ কাৰণ হৈছে এই ঠাইখনত তন্ত্ৰ সাধনাৰ বাবে বিখ্যাত।
লোকবিশ্বাস অনুসৰি সৰ্পভয় নিবাৰণৰ বাবে অম্বুবাচীৰ সময়ছোৱাত এঁৱা গাখীৰ, কল, আম ইত্যাদি খোৱা উচিত বুলি কোৱা হয়।
অম্বুবাচী উৎসৱ ২০২৫ চনৰ ২২ জুন অর্থাৎ ৭ আহাৰৰ দিনা ২ বাজি ৫৭ মিনিটৰ পৰা ২৫ জুন অর্থাৎ ১০ আহাৰৰ দিনা নিবৃত্তিঃ অর্থাৎ সমাপ্ত হব। 

Post a Comment (0)
Previous Post Next Post


নতুন আপডেট

"কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষা"

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ SHe-Box

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব