আৰম্ভণি:-
নমস্কাৰ বন্ধু-বান্ধৱীসকল। আপোনালোক সকলোকে আমাৰ ব্লগলৈ স্বাগতম জনালো। যদিও এই ব্লগত আগতে কৃত্ৰিম বুদ্ধিমত্তা (AI) ৰ সম্পৰ্কে আলোচনা কৰা হৈছিল তথাপিও সাম্প্ৰতিক পৰিস্থিতিত কৃত্ৰিম বুদ্ধিমত্তা (AI) ৰ সুবিধা, অসুবিধা, ভাৰতত কৃত্ৰিম বুদ্ধিমত্তাই কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে সেই সম্পৰ্কে আলোচনা কৰা হৈছে। বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তা সকলোৱেই আকোৱালি লৈছে বুলিব পাৰি। মানুহ আজি শংকিত হৈছে কিজানি কৃত্ৰিম বুদ্ধিমত্তাৰ ফলত জীৱন-জীৱিকা স্তব্ধ হয়! সেয়ে আজি আমি কৃত্ৰিম বুদ্ধিমত্তা (AI) য়ে কেনেদৰে দৈনন্দিন কাম-কাজৰ পৰা অফিচ, চাকৰিক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিছে আৰু ইয়াৰ ভাল বেয়া দিশসমূহৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছো। statista.com ৰ তথ্য অনুসৰি বৰ্তমান বিশ্বত ৬ বিলিয়ন মানুহে ইন্টাৰনেট ব্যৱহাৰ কৰে। সেই ইন্টাৰনেট ব্যৱহাৰ কৰা প্ৰায়ভাগ মানুহেই দৈনিক কাম-কাজ সম্পন্ন কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তা (AI) ৰ সহায় হয়তো নিশ্চয় লয়। কৃত্ৰিম বুদ্ধিমত্তা (AI) য়ে যেনেকৈ আমাক সহায় কৰিছে তাৰ তুলনামূলকভাৱে কিছুমান ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।
কৃত্ৰিম বুদ্ধিমত্তা (AI) হৈছে - মানুহৰ বুদ্ধিমত্তাক যন্ত্ৰ বা কম্পিউটাৰ প্ৰগ্ৰামৰ জৰিয়তে অনুকৰণ কৰা প্ৰক্ৰিয়াটোকেই কৃত্ৰিম বুদ্ধিমত্তা বা Artificial Intelligence (চমুকৈ - AI) বুলি কোৱা হয়। যিদৰে মানুহে অভিজ্ঞতাৰ পৰা শিকে, তথ্য বিশ্লেষণ কৰি সিদ্ধান্তসমূহ গ্ৰহণ কৰিব পাৰে আৰু নতুন পৰিৱেশৰ সৈতে নিজকে খাপ খুৱাই লয়, ঠিক তেনেকৈ (AI) কৃত্ৰিম বুদ্ধিমত্তায়েও তথ্য (Data) আৰু এলগৰিথমৰ জৰিয়তে নিজে নিজক উন্নত কৰিবলৈ সক্ষম হৈছে। আজিৰ দিনত আমাৰ সকলোৰে হাতৰ থকা স্মাৰ্টফোনটোৰ পৰা প্ৰযুক্তিৰ সকলোবোৰ ক্ষেত্ৰতে AI-ৰ উপস্থিতি অনুভৱ কৰিব পাৰি।
কৃত্ৰিম বুদ্ধিমত্তা (AI) য়ে আমাৰ সমাজৰ বাবে আশীৰ্বাদ আৰু অভিশাপ দুয়োধৰণৰ ভূমিকা পালন কৰিছে বুলি ভাৱো।কৃত্ৰিম বুদ্ধিমত্তা (AI) য়ে যেনেকৈ আমাক সহায় কৰিব পৰা অপৰিসীম ক্ষমতা আছে, ঠিক তেনেদৰে ইয়াৰ কিছুমান ভয়াৱহ অসুবিধাও আছে। তলত ২০ টাকৈ সুবিধা আৰু অসুবিধা আলোচনা কৰা হ’ল:-
কৃত্ৰিম বুদ্ধিমত্তাৰ ২০ টা সুবিধা (Advantages of Artificial Intelligence):-
১/ নিৰৱচ্ছিন্ন কৰ্মক্ষমতা প্ৰদান:-
কৃত্ৰিম বুদ্ধিমত্তা (AI) কেতিয়াও ভাগৰি নপৰে। ই দিনে-ৰাতিয়ে ২৪ ঘণ্টাই অবিৰতভাৱে কাম কৰিব পাৰে।
২/ মানৱীয় ভুল হ্ৰাস:-
সঠিকভাৱে প্ৰগ্ৰাম কৰিলে কৃত্ৰিম বুদ্ধিমত্তাই (AI) য়ে মানুহতকৈ বহু বেছি নিখুঁত ফলাফল দিয়ে।
৩/ বিপদজনক কামত ব্যৱহাৰ:-
খনিৰ কামসমূহ, বোমা নিষ্ক্ৰিয় কৰা বা মহাকাশ গৱেষণাৰ দৰে বিপদজনক কামত কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ ৰবট ব্যৱহাৰ কৰি মানুহৰ প্ৰাণ ৰক্ষা কৰিব পাৰি।
৪/ দ্ৰুত সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা:-
কৃত্ৰিম বুদ্ধিমত্তা (AI) ই মানুহতকৈ বহু হাজাৰ গুণ বেছি দ্ৰুতগতিৰে তথ্য বিশ্লেষণ কৰি সিদ্ধান্তসমূহ ল’ব পাৰে।
৫/ পুনৰাবৃত্তিমূলক কামৰ পৰা মুক্তি:-
আমনিদায়ক আৰু একেধৰণৰ কামবোৰ (যেনে- ডাটা এন্ট্ৰি) কৃত্ৰিম বুদ্ধিমত্তা (AI) ই সহজতে কৰি দিয়ে।
৬/ ডিজিটেল সহায়কাৰী:-
Apple Siri, Amazon Alexa, ChatGPT, Google Gemini, Perplexity, Google Assistant আদিয়ে আমাৰ দৈনিক কামবোৰ অতি সহজ কৰি তুলিছে।
৭/ চিকিৎসা বিজ্ঞানত উন্নতি:-
ৰোগ নিৰ্ণয় আৰু জটিল অস্ত্ৰোপচাৰত কৃত্ৰিম বুদ্ধিমত্তা (AI)ই অভূতপূৰ্ব সফলতা দেখুৱাইছে।
৮/ ব্যক্তিগত অভিজ্ঞতা প্ৰদান:-
নিজ নিজ পছন্দ অনুসৰি গান, চিনেমা বা বস্তুৰ পৰামৰ্শ (Recommendations) কৃত্ৰিম বুদ্ধিমত্তা (AI)ই দিব পাৰে।
৯/ নতুন আৱিষ্কাৰ:-
জটিল বৈজ্ঞানিক সূত্ৰ আৰু নতুন ঔষধ আৱিষ্কাৰত কৃত্ৰিম বুদ্ধিমত্তা (AI)ই বিজ্ঞানীসকলক সহায় কৰে।
১০/ ভাষাৰ বাধা দূৰীকৰণ:-
কৃত্ৰিম বুদ্ধিমত্তা (AI) ৰ জৰিয়তে পৃথিৱীৰ যিকোনো ভাষা পলকতে অনুবাদ কৰিব পাৰি আৰু বিশ্বৰ সকলো ভাষীলোকৰ সৈতে সংযোগ স্থাপন কৰিব পাৰি।
১১/ পৰিবহনৰ সুবিধা:-
কৃত্ৰিম বুদ্ধিমত্তা (AI) ৰ দ্বাৰা চালকবিহীন গাড়ী, ড্ৰোন ডেলিভাৰীৰ দ্বাৰা যাতায়ত ব্যৱস্থা উন্নত হৈছে।
১২/ বিত্তীয় ব্যৱস্থাপনাত সহায়ক:-
বেংকিং খণ্ডত জালিয়াতি (Fraud) ধৰা পেলোৱাত কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ জৰিয়তে সহজ আৰু অতি কাৰ্যকৰী হৈ পৰিছে।
১৩/ শিক্ষা খণ্ডত সহায়ক:-
প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ নিজা মেধা অনুসৰি পাঠদান কৰাত কৃত্ৰিম বুদ্ধিমত্তা (AI)ই সহায় কৰে।
১৪/ স্মাৰ্ট কৃষি ব্যৱস্থা:-
কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ দ্বাৰা বতৰৰ আগজাননী আৰু মাটিৰ উৰ্বৰতা পৰীক্ষা কৰা আদি সমূহৰ পৰা খেতিয়কৰ সহায় হৈছে।
১৫/ সময়ৰ ৰাহি:-
যি কাম কৰিবলৈ মানুহক কেইবাদিনো লাগিছিল, কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ ফলত সেই কাম কেইছেকেণ্ডমানতে কৰিব পাৰে।
১৬/ ই-কমাৰ্চ:-
ব্যৱসায়ীসকলে গ্ৰাহকৰ চাহিদা বুজিবলৈ কৃত্ৰিম বুদ্ধিমত্তা (AI) ব্যৱহাৰ কৰে।
১৭/ তথ্য ব্যৱস্থাপনা:-
বিশাল পৰিমাণৰ ডাটা (Big Data) চম্বালিবলৈ কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ বিকল্প নাই বুলিব পাৰি।
১৮/ সুৰক্ষা আৰু তদাৰক:-
কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ মুখ চিনাক্তকৰণ (Face Recognition) ৰ জৰিয়তে অপৰাধী ধৰা সহজ হৈ পৰিছে।
১৯/ পৰিৱেশ সংৰক্ষণত ভূমিকা:-
শক্তিৰ অপচয় ৰোধ আৰু গোলকীয় উষ্ণতা নিৰ্ণয়ত কৃত্ৰিম বুদ্ধিমত্তা (AI)ই সহায় কৰে।
২০/ সৃষ্টিশীল কামত সহায়:-
ছবি অঁকা, গান লিখা, ভিডিঅ’ এডিট কৰা, ভিডিঅ' প্ৰস্তুত কৰা, কোডিং কৰা কামৰ সহায়ত কৃত্ৰিম বুদ্ধিমত্তা (AI) ই নতুন মাত্ৰা প্ৰদান কৰিছে।
কৃত্ৰিম বুদ্ধিমত্তাৰ ২০ টা অসুবিধা (Disadvantages of Artificial Intelligence):-
১/ নিবনুৱা সমস্যা:-
কৃত্ৰিম বুদ্ধিমত্তা (AI)ই মানুহৰ ঠাই লোৱাৰ বাবে বহুতো সাধাৰণ চাকৰি নাইকিয়া হৈ পৰিব।
২/ উচ্চ নিৰ্মাণ ব্যয়:-
কৃত্ৰিম বুদ্ধিমত্তা (AI) প্ৰযুক্তি তৈয়াৰ কৰিবলৈ আৰু ইয়াৰ চোৱাচিতা কৰিবলৈ বহুত টকাৰ প্ৰয়োজন হয়।
৩/ আৱেগহীনতা:-
কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ কোনো মানৱীয় অনুভূতি বা সহানুভূতি নাই। ই কেৱল লজিকত চলে সেইবাবে কেতিয়াবা ভুল কৰিব পাৰে।
৪/ সৃষ্টিশীলতাৰ অভাৱ:-
কৃত্ৰিম বুদ্ধিমত্তা (AI)ক কেৱল শিকাই থোৱা তথ্যৰ ওপৰত কাম কৰে, ইয়াৰ নিজস্ব মৌলিক চিন্তা নাই, যদিও সৃষ্টিশীলতাৰ কাম কৰি দেখুৱাই সেয়া লজিকমতে কৰি দিয়ে।
৫/ মানুহৰ এলেহুৱা প্ৰবৃত্তি:-
সকলো কাম কৃত্ৰিম বুদ্ধিমত্তা (AI)ই কৰি দিয়াৰ বাবে মানুহ শাৰীৰিক আৰু মানসিকভাৱে এলেহুৱা হৈ পৰিছে।
৬/ নৈতিক সমস্যা:-
যুদ্ধত কৃত্ৰিম বুদ্ধিমত্তা (AI) চালিত অস্ত্ৰ ব্যৱহাৰ কৰিলে সেয়া মানৱতাৰ বাবে চৰম ভাবুকি হ’ব আৰু বিপদ অনিবাৰ্য।
৭/ গোপনীয়তা ভংগ:-
আমাৰ ব্যক্তিগত তথ্যসমূহ কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ কোম্পানীসমূহৰ ওচৰত থকাটো এটা ডাঙৰ বিপদ হব পাৰে।
৮/ ভুল প্ৰশিক্ষণৰ ফলাফল:-
যদি কৃত্ৰিম বুদ্ধিমত্তা (AI)ক ভুল তথ্য দিয়া হয়, তেন্তে ই দিয়া ফলাফলবোৰ অতি বিপদজনক হ’ব পাৰে।
৯/ ডিপফেক (Deepfake):-
কাৰোবাৰ মুখ বা কণ্ঠস্বৰ নকল কৰি অপৰাধ কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তা (AI) ব্যৱহাৰ কৰা হৈছে, ফলত ভাৰতবৰ্ষতে বহুতো বিত্তীয় কেলেংকাৰী আৰু নানান অপৰাধমূলক ঘটনা সংঘটিত হৈছে।
১০/ প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীলতা:-
কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ দ্বাৰা চালিত যন্ত্ৰ বিকল হ’লে বা নেটৱৰ্ক নাথাকিলে মানুহ অসহায় হৈ পৰে।
১১/ চাকৰিৰ অনিশ্চয়তা:-
পুৰণি পেচাদাৰীসকলৰ বাবে নতুন প্ৰযুক্তিৰ লগত খাপ খোৱাটো কঠিন হৈ পৰিছে, কাৰণ ৫০ বছৰৰ এজন ব্যক্তিয়ে কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ দ্বাৰা কাম কৰিবলৈ অসুবিধা পাব পাৰে। যদিও ৫০ বছৰৰ অধিক মানুহে কৃত্ৰিম বুদ্ধিমত্তা (AI)ক আকোৱালি লৈছে, Institute for Healthcare Policy & Innovation
Affiliation: University of Michigan ৰ তথ্য অনুসৰি সামগ্ৰিকভাৱে, ৫০ বছৰ বা তাতকৈ অধিক বয়সৰ ৩৫ শতাংশ লোকে তেওঁলোকৰ দৈনন্দিন জীৱনত AI (কৃত্ৰিম বুদ্ধিমত্তা) ব্যৱহাৰ কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে আৰু ৫০ বছৰ বা তাতকৈ অধিক বয়সৰ ৫৫ শতাংশ লোকে কৈছে যে তেওঁলোকে কথা কোৱা বা টাইপ কৰাত কৃত্ৰিম বুদ্ধিমত্তা (AI) প্ৰযুক্তি বিভিন্ন উদ্দেশ্যত ব্যৱহাৰ কৰিছে, যাৰ ভিতৰত স্বাস্থ্য সম্পৰ্কীয় তথ্য আহৰণ আৰু সামাজিক যোগাযোগ অন্যতম।
১২/ বৈষম্য বৃদ্ধি:-
কৃত্ৰিম বুদ্ধিমত্তা (AI) ৰ এলগৰিদমে কেতিয়াবা জাতি বা ধৰ্মৰ ভিত্তিত পক্ষপাতিত্ব কৰিব পাৰে।
১৩/ চফটৱেৰ হেকিং:-
কৃত্ৰিম বুদ্ধিমত্তা (AI) ৰ দ্বাৰা চালিত চিষ্টেম হেক হ’লে সমগ্ৰ দেশৰ নিৰাপত্তা ব্যৱস্থাত আউল লাগিব পাৰে।
১৪/ পৰিৱেশৰ ওপৰত প্ৰভাৱ:-
কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ মডেলবোৰ চলাই ৰাখিবলৈ বিশাল কম্পিউটাৰ চাৰ্ভাৰ লাগে যিয়ে বহুত বিদ্যুৎ গ্ৰহণ কৰে আৰু তাপৰ সৃষ্টি কৰে।
১৫/ বিচাৰ ক্ষমতাৰ অভাৱ:-
মানুহে পৰিস্থিতি চাই যিমান ভাল বিচাৰ কৰিব পাৰে কিন্তু কৃত্ৰিম বুদ্ধিমত্তা (AI)ই নোৱাৰে।
১৬/ যন্ত্ৰৰ আধিপত্য:-
ভৱিষ্যতে কৃত্ৰিম বুদ্ধিমত্তা (AI) মানুহতকৈ বেছি শক্তিশালী হৈ পৰিলে মানুহক নিয়ন্ত্ৰণ কৰাৰ আশংকা থাকে।
১৭/ সামাজিক বিচ্ছিন্নতা:-
মানুহে কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ যন্ত্ৰৰ লগত বেছি সময় ব্যস্ত থকাৰ বাবে সামাজিক সম্পৰ্কবোৰ দুৰ্বল হৈ পৰা দেখা গৈছে।
১৮/ স্বয়ংক্ৰিয় বিপদ:-
চালকবিহীন গাড়ীৰ চফ্টৱেৰত সৰু ভুল হ’লেও ডাঙৰ দুৰ্ঘটনা ঘটিব পাৰে। কৃত্ৰিম বুদ্ধিমত্তা (AI)ই কেৱল লজিক আৰু এলগৰিদমৰ ওপৰতে পৰিচালনা হয়।
১৯/ আইনী জটিলতা:-
কৃত্ৰিম বুদ্ধিমত্তা (AI)ই কৰা ভুলৰ বাবে কাক দোষী সাব্যস্ত কৰা হ’ব (কোম্পানীক নে মেচিনক), সেয়া এতিয়াও স্পষ্ট নহয়। সেয়ে গুৰুত্বপূৰ্ণ কামত কৃত্ৰিম বুদ্ধিমত্তা (AI)ক প্ৰয়োগ কৰাটো কেনে হ'ব পাৰে সেয়া চিন্তনীয়।
২০/ ক্ষমতাৰ কেন্দ্ৰীকৰণ:-
যিবোৰ দেশ বা কোম্পানীৰ ওচৰত কৃত্ৰিম বুদ্ধিমত্তা (AI) প্ৰযুক্তি আছে, তেওঁলোকে গোটেই বিশ্বক নিয়ন্ত্ৰণ কৰাৰ সম্ভাৱনা থাকে।
কৃত্ৰিম বুদ্ধিমত্তা (AI)ই নিবনুৱা সমস্যা নে নতুন সুযোগৰ সৃষ্টি কৰিব পাৰে?
কৃত্ৰিম বুদ্ধিমত্তা (AI) ক লৈ সকলোৰে মনত চিন্তা হয় যে - "AI এ মানুহৰ চাকৰি কাঢ়ি নিব পাৰে নেকি!
ডাটা এন্ট্ৰি, ল’গ’ ডিজাইন, অনুবাদ, একাউণ্টেন্সিৰ কাম, ফেক্টৰীৰ সাধাৰণ কামসমূহত, গ্ৰাহক সেৱাৰ দৰে কামবোৰত কৃত্ৰিম বুদ্ধিমত্তা (AI)ই মানুহৰ ঠাই ল’বলৈ আৰম্ভ কৰিছে।
কিন্তু আমি যদি চাওঁ দেখিম যে - যেতিয়াই নতুন প্ৰযুক্তি আহে, পুৰণি চাকৰি গ’লেও নতুন শ্ৰেণীৰ চাকৰিৰ সৃষ্টি হয়। এতিয়া আমাৰ দেশত AI Prompt Engineer, Data Scientist, Machine Learning Expert আদি নতুন নতুন পেচাদাৰী মানুহৰ প্ৰয়োজন হ'ব। যিসকলে নিজকে আপডেট কৰি গৈ থাকিব, তেওঁলোকৰ বাবে AI শত্ৰু নহয়, বৰঞ্চ এজন শক্তিশালী সহযোগীহে হ’ব পাৰে। যিয়ে কৃত্ৰিম বুদ্ধিমত্তা AI শিকি অফিচৰ কাম সমাধান, অন্য ক্ষেত্ৰৰ কাম খৰতকীয়াকৈ সম্পন্ন কৰিব পাৰিব, তেনে ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা AI জ্ঞান থকা লোকক প্ৰাধান্য দিব পাৰে।
বৰ্তমান সময়ত কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ সহায়লৈ অসমৰে বহুতো Content Creator য়ে ভাল ভাল কাম কৰিছে সামাজিক মাধ্যমত, বহুতে অফিচৰ ডাঙৰ ডাঙৰ কাম কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ দ্বাৰা তৎক্ষণাৎ কৰিবলৈ সক্ষম হৈছে।
যুৱপ্ৰজন্মৰ মাজত অতি জনপ্ৰিয় সামজিক গণমাধ্যম ইনষ্টাগ্ৰামত অসমৰ Content Creator য়ে AI ৰ দ্বাৰা এনে ভাল ভাল ভিডিঅ' প্ৰস্তুত কৰিছে।
ভাৰতত বৰ্তমান সময়ত কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ স্থিতি:-
ভাৰতবৰ্ষইও AI-ৰ দৌৰত পিছ পৰি থকা নাই। ভাৰত চৰকাৰৰ 'IndiaAI' মিছনৰ অধীনত দেশত AI শিক্ষা আৰু গৱেষণাক প্ৰসাৰ কৰা হৈছে। ২০২৪ চনৰ ৭ মাৰ্চ তাৰিখে ভাৰতৰ কেন্দ্ৰীয় কেবিনেটে 'ইণ্ডিয়া-এআই মিছন' (IndiaAI Mission) অনুমোদন জনাইছিল। IndiaAI হৈছে কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence) সম্পৰ্কীয় ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যোগ আৰু জ্ঞানৰ কেন্দ্ৰ। এয়া এক চৰকাৰী কাৰ্যসূচী, যাৰ লক্ষ্য হৈছে এক শক্তিশালী AI পৰিৱেশ তন্ত্ৰ গঢ়ি তোলা, উদ্ভাৱনক উৎসাহিত কৰা, অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰা আৰু দেশীয় AI কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষমতা বৃদ্ধি কৰি সমাজৰ উন্নতি সাধন কৰা। এই প্ৰকল্পৰ জৰিয়তে গণনামূলক শক্তি প্ৰদান কৰা, তথ্য প্লেটফৰ্ম সৃষ্টি কৰা আৰু দায়িত্বশীল কৃত্ৰিম বুদ্ধিমত্তা AI ব্যৱহাৰক উদগনি যোগোৱাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ মূল মন্ত্ৰ হৈছে- "Making AI in India and Making AI Work for India"।
ভাৰতৰ কৃষিখণ্ডৰ পৰা ডিজিটেল ইণ্ডিয়ালৈকে সকলোতে AI কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰা হৈছে। ভাৰতৰ আঞ্চলিক ভাষাসমূহকো AI কৃত্ৰিম বুদ্ধিমত্তাৰ লগত সংযোজিত কৰাৰ কাম চলি আছে। আজিকালি অসমীয়া ভাষাৰ ক্ষেত্ৰতো কৃত্ৰিম বুদ্ধিমত্তা AI যথেষ্ট আগবাঢ়ি গৈছে।
মুঠৰ ওপৰত সময়ৰ সৈতে নিজক আপডেট কৰি (Re-skilling) নতুন নতুন কৃত্ৰিম বুদ্ধিমত্তা AI প্ৰযুক্তিৰ কৌশল আয়ত্ব কৰি আগবাঢ়ি যোৱাটোহে বুদ্ধিমানৰ কাম হ'ব কিন্তু হতাশ হ'ব নালাগে। কৰি থকা কাম বাদ দি কৃত্ৰিম বুদ্ধিমত্তা AI শিকাতো ভুল হ'ব পাৰে, অন্য কামৰ সমান্তৰালভাৱে কৃত্ৰিম বুদ্ধিমত্তা AI ৰ জ্ঞান লাভ কৰিবলৈ চেষ্টা কৰা উচিত।
সামৰণি:-
আজি কৃত্ৰিম বুদ্ধিমত্তা AI ৰ বিষয়ে ২০ টা সুবিধা আৰু অসুবিধা, AI Prompt Engineer, Data Scientist, Machine Learning Expert আদি নতুন নতুন চাকৰিৰ সৃষ্টি, কৃত্ৰিম বুদ্ধিমত্তা AI জ্ঞান আয়ত্ব কৰি কাম কৰি আগবাঢ়ি যোৱা ইত্যাদি কথা এই লেখনিত লিখিবলৈ চেষ্টা কৰিলো। কৃত্ৰিম বুদ্ধিমত্তা AIক কম্পিউটাৰ, ইন্টাৰনেট জগতৰ ব্রহ্মাস্ত্র বুলিব পাৰি । কৃত্ৰিম বুদ্ধিমত্তাই আমাৰ জীৱনটো সহজ, দ্ৰুত আৰু উন্নত কৰিব পাৰে। আমি কৃত্ৰিম বুদ্ধিমত্তা AI ৰ সৈতে যুঁজ দিয়া, বৰ্জন কৰাৰ পৰিৱৰ্তে ইয়াৰ সৈতে খোজ মিলাই আগবাঢ়িবলৈ নিজকে দক্ষ কৰি তোলাটোৱে বৰ্তমান সময়ৰ আহ্বান, ধন্যবাদ।
