Air Quality Index AQI কি হয় আৰু ইয়াৰ প্ৰয়োজনীয়তা

 

AQI অৰ্থাৎ Air Quality Index হৈছে - এনে এক সঁজুলি যাৰ দ্বাৰা দৈনিক বায়ুৰ গুণাগুণৰ সুচাংক উলিওৱা হয়।

AQI য়ে বায়ু প্ৰদূষক আৰু কণাযুক্ত পদাৰ্থ যেনে -  অ'জন, নাইট্ৰজেন ডাই অক্সাইড, চালফাৰ ডাই অক্সাইড, কাৰ্বন মনক্সাইড, PM10 আৰু PM2.5 কণাযুক্ত পদাৰ্থ (Particulate Matter) যত ২.৫ মাইক্ৰ'মিটাৰতকৈ কম ব্যাসৰ আৰু ১০ মাইক্ৰ'মিটাৰতকৈ কম ব্যাসৰ কঠিন আৰু তৰল কণা গণনাৰ বাবে নিৰীক্ষণ কৰে। (ভাৰতৰ দৰে ঠাইত Air Quality Index ত ওপৰত উল্লেখ কৰা বায়ু প্ৰদূষক আৰু কণাযুক্ত পদাৰ্থ সমূহৰ লগতে এমোনিয়া, সীহ আদি পৰীক্ষা কৰে) ইত্যাদি পৰীক্ষা কৰি বায়ু কিমান প্ৰদূষণ হৈছে আৰু পূৰ্বানুমান কৰাৰ লগতে মানুহৰ স্বাস্থ্য সুৰক্ষিত কৰিবলৈ সিদ্ধান্ত লোৱাত Air Quality Index AQI য়ে সহায় কৰে।

আমেৰিকাৰ AQI সংস্থা NAAQS (National Ambient Air Quality Standards) য়ে অ'জন, নাইট্ৰজেন ডাই অক্সাইড, চালফাৰ ডাই অক্সাইড, কাৰ্বন মনক্সাইড, PM10 আৰু PM2.5 কণাযুক্ত পদাৰ্থ বায়ুৰ গুণাগুণৰ সম্পৰ্কে জানিবলৈ পৰীক্ষা কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই মুঠ ৬ টা বায়ু প্ৰদূষক গণনাৰ বাবে নিৰীক্ষণ কৰে।

ভাৰতৰ বায়ু গুণাগুণৰ সূচাংক পইণ্ট ব্যৱস্থাৰ দ্বাৰা বায়ুৰ গুণাগুণ ভাল বেয়া হোৱাৰ ইংগিত বহন কৰে। কম পইণ্ট অৰ্থাৎ ভাল আৰু বেছি পইণ্ট অৰ্থাৎ বায়ুৰ গুণাগুণ বেয়া। 

০-৫০ - ভাল (Good) 


৫০-১০০ - সন্তোষজনক (Satisfactory) 


১০০-২০০ - মধ্যমীয়া (Moderate) 


২০০-৩০০ - Poor 


৩০০-৪০০ - Very Poor 


৪০০-৫০০ Severe /or Hazardous (গুৰুতৰ / বিপদজনক)


0 - 50

ভাল — Good

50 - 100

সন্তোষজনক — Satisfactory

100 - 200

মধ্যমীয়া — Moderate

200 - 300

Poor

300 - 400

Very Poor

400 - 500

গুৰুতৰ / বিপদজনক — Severe / Hazardous


বায়ু প্ৰদূষণৰ পৰা মানুহৰ হৃদযন্ত্ৰৰ ৰোগ, কেন্সাৰ, কাহ, মূৰৰ বিষ, শ্বাস-প্ৰশ্বাসত অসুবিধা, বিভিন্ন ধৰণৰ ছালৰ ৰোগ আৰু উদ্ভিদৰ ক্ষতি, প্ৰাণীৰ দেহত ৰোগ, জলবায়ু পৰিৱৰ্তন, এচিড বৰষুণ ইত্যাদি হয়।

বিশ্ব স্বাস্থ্য সংস্থা (WHO - World Health Organization) ৰ মতে ঘৰৰ আৰু বাহিৰৰ যৌথ বায়ু প্ৰদূষণৰ ফলত প্ৰতি বছৰে ৭০ লাখ লোকৰ অকাল মৃত্যু হয়। মৃত্যুৰ হাৰ বৃদ্ধি কাৰণ সমূহ - হাওঁফাওঁৰ কৰ্কট ৰোগ, হৃদৰোগ, ষ্ট্ৰোক, তীব্র শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ, দীৰ্ঘদিনীয়া হাওঁফাওঁৰ ৰোগ।

Air Quality Index AQI ৰ দৈনিক বায়ুৰ গুণাগুণ প্ৰদূষণৰ মাত্ৰা ভাৰতৰ Ministry of Earth Science, Govt. of India ৰ অন্তৰ্গত System of Air Quality and Weather Forecasting and Research (SAFAR) য়ে প্ৰধান মহানগৰ সমূহৰ বৰ্তমান সময়ৰ বায়ুৰ গুণাগুণ আৰু পূর্বাভাস প্ৰদান কৰে।


Real-time Air Quality Index AQI


Post a Comment (0)
Previous Post Next Post
Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →