জীৱনধাৰাৰ তিনিটা পথ: সাত্বিক, ৰাজসিক আৰু তামসিক আহাৰ



 গীতাত শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত আমাৰ খাদ্যৰ ভাগ তিনিটা বুলি উল্লেখ কৰিছিল। সেইকেইটা হৈছে - সাত্বিক আহাৰ, ৰাজসিক আহাৰ আৰু তামসিক আহাৰ।

ভাল খাদ্যই আমাৰ শৰীৰ সুস্থ সবল কৰাৰ লগতে একোটা ভাল মন,  সুস্থ চিন্তাৰেহে ভাল কামত মনেনিবেশ কৰিব পাৰি বুলি ঋষি মুনি সকলে কৈ গৈছে।

হিন্দু ধৰ্মৰ দৰ্শনত সাত্বিক, ৰাজসিক, আৰু তামাসিক এই তিনিটা মৌলিক গুণ যিয়ে আমাৰ কৰ্ম, চিন্তা, আনকি খাদ্যকে ধৰি অস্তিত্বৰ সকলো দিশকে প্ৰভাৱিত কৰে। এই তিনিটা মৌলিক গুণে বিভিন্ন সত্তাৰ অৱস্থাক প্ৰতিনিধিত্ব কৰে।

সাত্বিক জ্ঞান - সাত্বিক জ্ঞানে শান্তি, স্পষ্টতা আৰু মংগলৰ প্ৰসাৰ ঘটোৱা বিশুদ্ধ, সত্য আৰু নৈতিক প্ৰজ্ঞা আৰু বুজাবুজিক বুজায়।
সাত্বিক জীৱনশৈলীত প্ৰাকৃতিক, স্বাস্থ্যকৰ খাদ্য, মধ্যমীয়া খাদ্যাভ্যাস আৰু জীৱনৰ প্ৰতি সুষম দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব দিয়া হয়।
যি জ্ঞানৰ সহায়ত অসংখ্য বেলেগ বেলেগ ৰূপলৈ বেলেগ হৈ থকা জীৱসমূহৰ মাজত এটা অবিভক্ত আধ্যাত্মিক তত্ত্বক দেখিবলৈ পোৱা যায়, তাকে সাত্বিক জ্ঞান বোলা হয়।

ৰাজসিক জ্ঞান -  গীতাৰ মতে, ৰাজসিক জ্ঞান হৈছে যি জ্ঞানৰ সহায়ত কোনো এজন ব্যক্তিয়ে দেখে যে প্ৰতিটো বেলেগ বেলেগ দেহতে একোটাকৈ পৃথক জীৱসত্তা আছে, বিভিন্ন বস্তু আৰু দেহত থকা পাৰ্থক্যসমূহৰ অনুভৱ কৰে। নিজৰ চাৰিওকাষৰ জগতখনক বুজি পোৱাৰ চেষ্টা কৰে আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ জ্ঞান আহৰণ কৰে।সেই জ্ঞানকে ৰাজসিক জ্ঞান বোলা হয়।

তামসিক জ্ঞান - তামসিক জ্ঞান সেই জ্ঞানক বুজোৱা হয়, যি জ্ঞানৰ দ্বাৰা কোনো এজন ব্যক্তিক এটা নিৰ্দিষ্ট কামত আবদ্ধ কৰি ৰাখে, য'ত সত্যতাৰ গভীৰতা নাথাকে আৰু যি জ্ঞান পৰিমাণত অলপীয়া, সেই জ্ঞানক তামসিক জ্ঞান বোলা হয়।


সাত্বিক গুণ হৈছে সুখী আৰু জ্ঞানৰ দ্বাৰা পৰিচালিত, মনৰ পবিত্ৰতা, শুদ্ধ চিন্তা, সত্য আৰু ন্যায়ৰ পথত পৰিচালিত হয়। 
সাত্বিক খাদ্য শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে উপকাৰী হোৱাৰ লগতে আয়ুস বৃদ্ধি কৰে। 
সাত্বিক খাদ্য কিছুমান হৈছে - বিভিন্ন শাক-পাচলি, ফলমূল, গোটা শস্য, বাদাম, বীজ, গাখীৰ-দৈ আদি।

ৰাজসিক গুণ হৈছে ভোগ-বিলাসৰ প্ৰতি আসক্ত, অধিক কামুক, উচ্চাকাংখী মনৰ গৰাকী। ৰাজসিক গুণৰ ফলত মনত উত্তেজনা, অস্থিৰতাই দেখা দিয়ে। 
ৰাজসিক খাদ্য অধিক মছলা আৰু তেলযুক্ত। ভজা খাদ্য, টেঙা খাদ্য, পিয়াঁজ, নহৰু,জলকীয়া, বেঙেনা, চাহ, কফি, বেছি নিমখীয়া খাদ্য, অতি গৰম খাদ্য আদি।

তামসিক গুণ অজ্ঞানতা, আলস্য, মোহ, হতাশাৰ অৱস্থা।
তামসিক খাদ্যসমূহ হজম কৰিবলৈ কঠিন আৰু শাৰীৰিক আৰু মানসিক স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পৰে।
তামসিক খাদ্য ৰন্ধাৰ তিনি ঘণ্টাৰ ভিতৰত খাব লাগে।
মাছ, মাংস, কণী, মদ, মচুৰ দাইল, নহৰু, পিয়াঁজ, পুনৰ গৰম কৰা খাদ্য, কৃত্ৰিম সংৰক্ষণত থকা খাদ্য, অত্যধিক তেলীয়া খাদ্য আদি তামসিক খাদ্যৰ অন্তৰ্গত।

লগতে চাওক -


Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব