ৰৈ ৰৈ বিনালে অসমীয়া চলচ্চিত্ৰ অহা ৩১ অক্টোবৰ ২০২৫ তাৰিখে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত থকা বহু সংখ্যক চলচ্চিত্ৰ গৃহতে মুক্তি পাব। ৰৈ ৰৈ বিনালে চিনেমাই হ'ব জুবিন গাৰ্গে নিজেই লিখা, প্ৰযোজনা কৰা, সংগীত পৰিচালনা কৰা আৰু অভিনয় কৰা শেষৰখন চিনেমা। চিনেমাখন ৰাজেশ ভূঞা আৰু জুবিন গাৰ্গে পৰিচালনা কৰিছে। বৰ্তমান ৰৈ ৰৈ বিনালে চিনেমা অনলাইনত টিকেট অহা ৬ নৱেম্বৰলৈকে বুকিং হৈছে। "ৰৈ ৰৈ বিনালে" (Roi Roi Binale) এখন ৰোমান্টিক সাংগীতিক চিনেমা।
ৰৈ ৰৈ বিনালে চলচ্চিত্ৰখনত অভিনয় কৰিছে জুবিন গাৰ্গ, মৌচুমী আলিফা, আচুৰ্য বৰপাত্ৰ, নীল আকাশ, ৰাহুল গৌতম শৰ্মা, জয় কাশ্যপ ইত্যাদিয়ে।
ৰৈ ৰৈ বিনালে চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছে জুবিন গাৰ্গ আৰু পৰাণ বৰকটকীয়ে। ৰৈ ৰৈ বিনালে চিনেমাখন Dolby Atmos (Dolby's advanced audio technology) ত নিৰ্মিত প্ৰথম অসমীয়া চিনেমা।
ৰৈ ৰৈ বিনালে চিনেমাখন অসমৰ ৮০ টা ছবি গৃহত মুক্তি পোৱাৰ উপৰিও ভাৰতৰ বিভিন্ন প্ৰান্তৰ ছবি গৃহত মুক্তি লাভ কৰিব অহা ৩১ অক্টোবৰ, ২০২৫ তাৰিখে। পৰৱৰ্তী সময়ত ৰৈ ৰৈ বিনালে চিনেমাখন দেশৰ বাহিৰতো মুক্তি দিব পাৰে।
ৰৈ ৰৈ বিনালে চিনেমাখনক লৈ জুবিন দাৰ বহুতো আশা আছিল, সেই আশাসমূহ আমি অসমবাসীয়ে পূৰণ কৰিব লাগিব। তেওঁ বিচাৰিছিল অসমৰ চলচ্চিত্ৰ উদ্যোগটো আন আন চলচ্চিত্ৰ উদ্যোগৰ দৰে গঢ় লৈ উঠক সেই ভাবিয়েই তেওঁ সংগীতৰ লগতে চিনেমাৰ কাম-কাজটো লাগিছিল। অসমত চলচ্চিত্ৰ গৃহৰ বৃদ্ধি কৰিবলৈ যথেষ্ট চেষ্টা কৰিছিল। জুবিন গাৰ্গে ২০২২ চনত জাগীৰোডৰ এটা সাংস্কৃতিক অনুষ্ঠানত কৈছিল "জাগীৰোডৰ বন্ধ হৈ থকা চিনেমা হলটো আকৌ খুলিব লাগিব, মই এখন ডাঙৰ চিনেমা বনাই আছোঁ ৰৈ ৰৈ বিনালে"।
জুবিন দাই কোৱা সেই কথাষাৰ বৰ্তমান আখৰে আখৰে প্ৰতিফলিত হৈছে। ৩১ অক্টোবৰত মুক্তি পাবলগীয়া ৰৈ ৰৈ বিনালে চলচ্চিত্ৰৰ বাবে জাগীৰোডৰ ছবি গৃহটো সাজু কৰি তোলা হৈছে। এয়াই আমাৰ অসমৰ আবেগ, অসমৰ সম্পদ জুবিন গাৰ্গ। তেওঁ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন আগুৱাই লৈ যোৱা বাটকটীয়াস্বৰূপ।
ৰৈ ৰৈ বিনালে চিনেমাখনৰ টিকেট মুকলি কৰা পিছতে ১ ঘণ্টাত প্ৰায় ৫ লাখ ৫০ হাজাৰ হিচাপত টিকেট বুকিং হৈছিল।
Mall, Guwahati,
Matrix Cinemas: Matrix Mall, Beltola, Guwahati,
Anuradha Cineplex: Guwahati,
INOX: Aurus, Guwahati,
Galleria Cinema: HUB Mall, Guwahati, Grand Royal Cines, Sixmile: Guwahati, Aideo Cinema Hall: ASFFDC, Panjabari,
Guwahati, Silver Screen (AC Dolby 7.1): Bijoynagar, Gold Cinema: Narengi, RR Cinemas: Guwahati আদিত চাব পাৰিব।
ৰৈ ৰৈ বিনালে চিনেমাখন যোৰহাটৰ Eleye Multiplex: Jorhat, INOX: ABS Mall, Jorhat, Smriti Gopal Cinema Hall: Jorhat আদিত চাব পাৰিব।
ৰৈ ৰৈ বিনালে চিনেমাখন অসমৰ লগতে ভাৰতৰ যিকোনো প্ৰান্তত থকা ছবি গৃহত চাবলৈ তলত দিয়া bookmyshow.com ৰ লিংকত ক্লিক কৰি আপোনাৰ ঠাইৰ নাম চাৰ্চ কৰি আপোনাৰ অঞ্চলৰ আশে-পাশে থকা ছবি গৃহত ৰৈ ৰৈ বিনালে চিনেমাখন চাব পাৰিব।