ৰিলছ আৰু আমাৰ ধৈৰ্য

 

বৰ্তমান সময়ত আমি সামাজিক গণমাধ্যম যেনে ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, ইউটিউব ইত্যাদি চায়েই থাকো। এইসমূহ বাদ দি আমি যেন আধৰুৱা অনুভৱ কৰো।
ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, ইউটিউব ইত্যাদিত Shorts Video সমূহে আমাক বাৰুকৈয়ে আকৰ্ষিত কৰে আৰু বিভিন্ন নতুন নতুন কথা অতি কম সময়ৰ ভিতৰত জানিব পাৰো। হঠাৎ কিবা বিষয়ৰ ওপৰত চাব লগীয়া থাকিলে কম সময়ৰ ভিতৰত চাব পৰাকৈ Shorts Video ৰিলছ কেইটাহে পোনেই চোৱা হয় আৰু সহজে আকৰ্ষিতও কৰে। 

ৰিলছ Shorts Video সমূহে আমাক যেনেকৈ উপকাৰ কৰে ঠিক তেনেকৈ অপকাৰো কৰে। আচলতে যিকোনো বস্তুৰ ভাল দিশৰ লগতে বেয়া দিশো থাকে। 

আজি আমি ৰিলছ আৰু আমাৰ ধৈৰ্যৰ সম্পৰ্কে কিছু কথা আলোচনা কৰিম। আচলতে অত্যাধিক Shorts Video ৰিলছ চোৱাৰ ফলত আমাৰ মানসিক, শাৰীৰিক  দিশত কেনেধৰণৰ প্ৰভাৱ পৰিব পাৰে সেই সম্পৰ্কে বৰ্তমান সময়ত জনাটো প্ৰয়োজন বুলি ভাৱো।

ৰিলছ Shorts Video য়ে আমাৰ মনত তৎক্ষণাত সন্তুষ্টি প্ৰদান কৰিব পাৰে, ইটোৰ পিছত সিটো বিভিন্ন প্ৰকাৰৰ, বিভিন্ন বিষয়ৰ ওপৰত নিৰ্মিত ৰিলছ চাই থকাৰ ফলত আমি অহৰহ উদ্দীপনা লাভ কৰো, তৎক্ষণাত সন্তুষ্টি লাভ কৰো আৰু আমাৰ অপেক্ষা কৰাৰ ক্ষমতাত নেতিবাচক প্ৰভাৱ পৰে। বিভিন্ন বিষয়বস্তুৰ সানমিহলি থকা ৰিলছ সমূহ চাই চাই মগজুৰ পুৰস্কাৰ (reward)ব্যৱস্থা সক্ৰিয় কৰে আৰু "feel-good" ৰাসায়নিক পদাৰ্থ ড'পামিন (Dopamine) মুক্ত হয় ফলত অবিৰতভাৱে ৰিলছ Shorts Video চোৱাত উৎসাহিত কৰে। এনেদৰে ৰিলছ সমূহ চাই মগজুৰ পুৰস্কাৰ (reward)ব্যৱস্থা, মগজুৰ "feel-good" ৰাসায়নিক পদাৰ্থ ড'পামিন মুকলি আৰু ই নিচাৰ সৃষ্টি কৰিব পাৰে। এটা ৰিলছ যদি বেংকিং খণ্ডৰ চাইছে, তাৰ পিছৰটো গাড়ীৰ, আৰু তাৰ পিছৰটো ফাষ্ট-ফুডৰ ৰিলছ। এনেকৈ অধিক ৰিলছ,
মগজুৰ অধিক পুৰস্কাৰ (reward)ব্যৱস্থা সক্ৰিয় কৰে, অধিক "feel-good" ড'পামিন মুকলি,  ফলত সময়ৰ লগে লগে মনোযোগৰ ক্ষমতা আৰু অপেক্ষা কৰাৰ ক্ষমতাত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।

যেতিয়া আমি কিবা এটা পুৰস্কাৰজনক বস্তুৰ সন্মুখীন হওঁ, তেতিয়া মগজুৰ ড’পামিন মুকলি হয় আৰু আনন্দৰ অভিজ্ঞতা সৃষ্টি কৰে আৰু মগজুক সংকেত দিয়ে যে আচৰণটো পুনৰাবৃত্তি কৰাৰ যোগ্য।


Asia-Pacific Academy of Ophthalmology (APAO) Congress ৰ সভাপতি  ড° ললিত ভাৰ্মাই কয় যে - “ৰিলবোৰ হয়তো মনোৰঞ্জনদায়ক আৰু অল্পকালীন হ’ব পাৰে, কিন্তু চকুত—আৰু মগজুত—ইয়াৰ প্ৰভাৱ গভীৰ আৰু দীৰ্ঘম্যাদী হ’ব পাৰে,”

সেয়ে আমি ৰিলছ Shorts Video ইত্যাদি প্ৰয়োজন সাপেক্ষে চাবলৈ চেষ্টা কৰিব পাৰো।
Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব