১ জুলাই ৰাষ্ট্ৰীয় চিকিৎসক দিৱস National Doctors' Day



প্ৰখ্যাত চিকিৎসক তথা পশ্চিম বংগৰ দ্বিতীয় মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্ম জয়ন্তী উপলক্ষে ১৯৯১ চনত ১ জুলাইৰ পৰা ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস হিচাপে নিৰ্ধাৰণ কৰিছিল।
তেখেতৰ স্মৃতিত প্ৰতি বছৰে ১ জুলাইত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰা হয়। ডাঃ বিধান চন্দ্ৰ ৰায় ১৯৬১ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন বঁটা লাভ কৰিছিল।
ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্ম হৈছিল ১৮৮২ চনৰ ১ জুলাই, বাংকিপুৰ, পাটনাত আৰু মৃত্যু হৈছিল ১ জুলাই ১৯৬২ চনত কলিকতাত ৮০ বছৰ বয়সত।

ডাঃ বিধান চন্দ্ৰ ৰায় অস্ত্ৰোপচাৰ বিশেষজ্ঞ আছিল। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী লাভ কৰি লণ্ডনত  অধ্যয়ন কৰি ৰয়েল কলেজ অৱ ফিজিচিয়ান (MRCP) Member of the Royal College of Physicians ৰ সদস্য আৰু ৰয়েল কলেজ অৱ চাৰ্জনছ (FRCS) Fellow of the Royal College of Surgeons ৰ ফেলো হৈছিল।
তেওঁ ডক্টৰেট অৱ চাইন্স (D.Sc.) ডিগ্ৰীও লাভ কৰিছিল। 


ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ লক্ষ্য হৈছে - সমাজত চিকিৎসক সকলৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে । তেওঁলোকৰ ত্যাগ,নিষ্ঠা আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত যি অৱদান আগবঢ়াই আহিছে সেই সমূহৰ স্বীকৃতি আৰু প্ৰশংসা কৰা হয়। চিকিৎসক সকলে জীৱন ৰক্ষা, স্বাস্থ্যৰ প্ৰসাৰ আৰু নিৰৱচ্ছিন্নভাৱে সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত তেওঁলোকৰ অক্লান্ত প্ৰচেষ্টাক এই দিনটোক কৃতজ্ঞতা প্ৰকাশৰ দিন হিচাপে পালন কৰা হয় আৰু তেওঁলোকৰ বাবে উছৰ্গা কৰা হয়।  এই ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ যোগেদি চিকিৎসাক্ষেত্ৰৰ লগত জড়িত লোকসকলে সন্মুখীন হোৱা বিভিন্নধৰণৰ প্ৰত্যাহ্বানসমূহৰ বিষয়েও সজাগতা সৃষ্টি কৰা হয় আৰু ভৱিষ্যত প্ৰজন্মক এই বৃত্তিত যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰা হয়।

২০২৫ চনৰ ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ বিষয়বস্তু হৈছে - “Behind the Mask: Who Heals the Healers?” “মাস্কৰ আঁৰত: কোনে ৰোগ নিৰাময়কাৰীসকলক সুস্থ কৰে?” ।

Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব