আজি ২৫ জুন ২০২৫ তাৰিখে নাছা আৰু স্পেচএক্সৰ অংশীদাৰিত্বৰে মহাকাশলৈ প্ৰেৰণ কৰিব এক্সিয়াম ফ'ৰ।
আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ (International Space Station) চতুৰ্থটো ব্যক্তিগত মহাকাশচাৰী অভিযান এক্সিয়াম মিছন ৪ উৎক্ষেপণৰ লক্ষ্য লোৱা হৈছে।
ফ্ল’ৰিডাৰ নাছাৰ কেনেডি স্পেচ চেণ্টাৰৰ লঞ্চ কমপ্লেক্স ৩৯এৰ পৰা দিনৰ ১২.০১ বজাত ৰাওনা হ'ব।
স্পেচএক্স (SpaceX) কোম্পানীটোৰ ড্ৰেগন মহাকাশযানেৰে কক্ষপথৰ পৰীক্ষাগাৰলৈ যাত্ৰা কৰিব ৪ জন মহাকাশচাৰীয়ে।
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মহাকাশচাৰী শুভাংশু শুক্লাই পাইলট হিচাপে কাম কৰিব।
আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ শুভাংশু শুক্লাৰ সৈতে যাব তিনি মহাকাশচাৰী। তেওঁলোক হৈছে - এই বাণিজ্যিক অভিযানৰ কমাণ্ডাৰ হৈছে - নাছাৰ প্ৰাক্তন মহাকাশচাৰী তথা এক্সিয়াম স্পেচৰ মানৱ মহাকাশ উৰণৰ সঞ্চালক পেগী হুইটছন। আনহাতে মিছন বিশেষজ্ঞ দুজন হৈছে পোলেণ্ডৰ ই এছ এ ESA (European Space Agency) প্ৰকল্পৰ মহাকাশচাৰী স্লাৱোছ উজনানস্কি-উইছনিউস্কি, আৰু হাংগেৰীৰ হুন’ৰ (Hungarian to Orbit) মহাকাশচাৰী টিবৰ কাপু।
ৰাকেশ শৰ্মাৰ পিছত মহাকাশলৈ যাত্ৰা কৰিব দ্বিতীয়গৰাকী ভাৰতীয় শুভাংশু শুক্লাই।
Tags:
জানিবলগীয়া কিছু কথা