ডিজিপিন কি হয়?
DigiPin ডিজিপিন হৈছে আইআইটি হায়দৰাবাদ (IIT Hyderabad) আৰু এনআৰএছচি, ইছৰোৰ (NRSC -National
Remote Sensing Centre, ISRO) সহযোগত ডাক বিভাগে বিকশিত কৰা এটা মুক্ত উৎসৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক নতুন ডিজিটেল ঠিকনা
প্ৰদান ব্যৱস্থা। ডিজিপিন (DIGIPIN) ভাৰতীয় ডাক সেৱা ব্যৱস্থাত ২০২৫ চনৰ ২৭ মে’ তাৰিখে মুকলি কৰা হয়। এই ডিজিপিন ব্যৱস্থাত সমগ্ৰ
দেশৰ প্ৰতিটো 4মিটাৰ x 4মিটাৰ গ্ৰীড আৰু প্ৰতিটো গ্ৰীডক অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ স্থানাংকৰ ওপৰত ভিত্তি কৰি এটা অনন্য ১০ আখৰৰ
আলফানিউমেৰিক ক'ড প্ৰদান কৰা হয়, ফলত নিৰ্দিষ্ট স্থান চিনাক্তকৰণ সম্ভৱ হয়।
ডিজিটেল ডাক সূচকাংক নম্বৰ (DigiPin ডিজিপিন ) বৃহৎ অঞ্চল সামৰি লোৱা আগৰ ৬ সংখ্যাৰ পিন ক'ডৰ দৰে নহয়, ডিজিপিন
ব্যৱস্থাত নিৰ্দিষ্ট স্থানসমূহ চিনাক্ত কৰিবলৈ ই ১০ আখৰৰ আলফানিউমেৰিক ক'ড ব্যৱহাৰ কৰে। ফলত যিমানেই জটিল বৃহৎ অঞ্চল হলেও
ডিজিপিনৰ সহায়ত ডাক বিভাগে বিচাৰি ওলিয়াব পাৰিব।
উদাহৰণ স্বৰূপে নতুন দিল্লীৰ ইন্ডিয়া গেটৰ ডিজিপিন হৈছে - 39J-429-LM8F
DigiPin ডিজিপিন ব্যৱস্থাৰ জৰিয়তে ডেলিভাৰী, নেভিগেচন, আৰু সঠিক ঠিকনা ইত্যাদি উন্নত কৰিবলৈ ডিজাইন কৰা হৈছে।
বৰ্তমান সময়ত ঘৰৰ ঠিকনা বা অন্যান্য ঠিকনা অতি সহজে দিব পৰা যাব আৰু DigiPin ৰ সহায়ত ভাৰতীয় ডাক ব্যৱস্থাও খৰতকীয়া হব।
ডিজিপিন DIGIPIN ৰ ৱেবচাইটৰ লিংক - https://dac.indiapost.gov.in/mydigipin/home