ইকিগাই আৰু জাপানী সকলৰ সুখী জীৱন Ikigai



জাপানী সকলৰ ইকিগাই ধাৰণাটোৰ উৎপত্তি হৈছিল হেইয়ান যুগত (Heian Period) (৭৯৪ চনৰ পৰা ১১৮৫ খ্ৰীষ্টাব্দ)।  সেই সময়খিনি জাপানী সংস্কৃতিৰ সোণালী যুগ হিচাপে জনা যায়।
ইকিগাই ধাৰণাটো শতিকাজুৰি আছিল যদিও ২০ শতিকাত ই জনপ্ৰিয় হৈ উঠে, বিশেষকৈ ১৯৬৬ চনত জাপানী মনোৰোগ বিশেষজ্ঞ, শিক্ষক মিয়েকো কামিয়াৰ (Mieko Kamiya) "ইকিগাই-নি-টছুইট" "Ikigai-ni-tsuite" (“On the Meaning of Life”) নামৰ কিতাপখন প্ৰকাশৰ লগে লগে। পিছলৈ ২০১৬ চনত হেক্টৰ গাৰ্চিয়া, ফ্ৰান্সেস্ক মিৰালেছৰ Ikigai: The Japanese Secret to a Long and Happy Life নামৰ গ্ৰন্থখন প্ৰকাশ হৈছিল আৰু গ্ৰন্থখন ৬৩টা ভাষালৈ অনুবাদ কৰা হৈছে। ২০১৬ চনত মুক্তি পোৱাৰ পিছত Ikigai: The Japanese Secret to a Long and Happy Life গ্ৰন্থখন ৩০ লাখতকৈ অধিক কপি বিক্ৰী হৈছে।

ইকিগাই মানে কি বুজায়?

জাপানী ভাষাৰ ইকিগাই ( 生き甲斐 ) শব্দটোৱে জীৱনৰ এটা উদ্দেশ্য থকাক বুজায় লগতে প্ৰেৰণাৰ উৎসও বুলি ক'ব পাৰি। প্ৰতিদিনে পুৱা বিচনাৰ পৰা উঠি যোৱাৰ কাৰণ, যিয়ে দৈনন্দিন কাম-কাজত আনন্দ প্ৰদান কৰা এক আবেগ আৰু ই নিজৰ কাম, চখ বা আনকি সম্পৰ্কৰ সৈতেও জড়িত হ’ব পাৰে আৰু মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে কয়।

Ikigai: The Japanese Secret to a Long and Happy Life নামৰ গ্ৰন্থখনৰ সহ-লেখক হেক্টৰ গাৰ্চিয়াই কয় যে, পৃথিৱীৰ কোনো ঠাইতে ইয়াৰ দৰে শব্দ নাই। ইকিগাই থকাটোৱেই হৈছে সুস্থ শৰীৰ আৰু মনৰ সুখী জীৱন যাপনৰ চাবিকাঠি বুলি কয়।


ইকিগাইৰ চাৰিটা ধাৰণা কি কি?

জীৱনৰ চাৰিটা মৌলিক উপাদান একেলগে আহি ইকিগাই সৃষ্টি কৰে:- আসক্তি, উদ্দেশ্য, পেছা, বৃত্তি।মুঠতে, য’ত “আপুনি কি ভাল পায়”, “আপুনি কি কামত ভাল” আৰু  “আপুনি কি কামৰ বাবে দৰমহা পায়” তাৰ লগতে  “বিশ্বই কি বিচাৰে” এই চাৰিওটা উপাদান উপস্থিত থকাটো প্ৰয়োজন।

আপোনাৰ আসক্তি (আপুনি যি ভাল পায়)

আপোনাৰ বৃত্তি (আপুনি কি কামত ভাল)

আপোনাৰ উদ্দেশ্য (পৃথিৱীক যি লাগে)

আপোনাৰ পেছা (কিহৰ বাবে আপোনাক ধন দিব পাৰি)


ইকিগাইৰ ১০টা নিয়ম:- 

১/ সক্ৰিয় হৈ থাকক; অৱসৰ ল’ব নালাগে (Stay active; don’t retire)
২/ লাহে লাহে লওক ( Take it slow)
৩/ পেট ভৰাই নিদিব (Don’t fill your stomach)
৪/ ভাল বন্ধুৰ সৈতে নিজকে ঘেৰি ৰাখক (Surround yourself with good friends)
৫/ আপোনাৰ পৰৱৰ্তী জন্মদিনৰ বাবে শাৰীৰিক অৱস্থা ভাল কৰক (Get in shape for your next birthday)
৬/ হাঁহি (Smile)
৭/ প্ৰকৃতিৰ সৈতে পুনৰ সংযোগ স্থাপন কৰক (Reconnect with nature)
৮/ ধন্যবাদ দিয়ক (Give thanks)
৯/ বৰ্তমান মুহূৰ্তত জীয়াই থাকক (Live in the moment)
১০/ আপোনাৰ ইকিগাই অনুসৰণ কৰক (Follow your ikigai)

1 Comments

Post a Comment
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব