ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা Preamble of Indian Constitution



আমি ভাৰতৰ জনগণে ভাৰতক এখন সার্বভৌম সমাজবাদী
ধৰ্মনিৰপেক্ষ লোক তান্ত্রিক গণৰাজ্যৰূপে গঠন কৰিবলৈ, তথা
ইয়াৰ সকলো নাগৰিকৰ বাবে, সামাজিক, অর্থনৈতিক আৰু
ৰাজনৈতিক ন্যায়, চিন্তা, অভিব্যক্তি, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ
স্বাধীনতা, প্রতিষ্ঠা আৰু সুযোগৰ সমতা লাভ কৰিবলৈ আৰু
তেওঁলোকৰ সকলোৰে মাজত ব্যক্তিৰ মৰ্যদা তথা জাতীয় ঐক্য
আৰু সংহতি সুনিশ্চিতকাৰী ভ্ৰাতৃভাৱ বৃদ্ধি কৰিবলৈ নিষ্ঠা
সহকাৰে সংকল্প কৰি- আমাৰ এই সংবিধান সভাত আজি
১৯৪৯ চনৰ নৱেম্বৰ মাহৰ ষষ্ঠবিংশদিৱসত এই সংবিধান গ্রহণ
কৰিছোঁ, অধিনিয়মিত কৰিছোঁ আৰু নিজকে অর্পণ কৰিছোঁ।
Post a Comment (0)
Previous Post Next Post