আহমেদাবাদৰ বিমান দুৰ্ঘটনা আৰু ইটো সিটো


২০২৫ চনৰ ১২ জুন তাৰিখে আহমেদাবাদৰ চৰ্দাৰ বল্লভ ভাই পেটেল আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা Air India ৰ Boeing 787-8 Dreamliner বিমানখন Gatwick বিমান বন্দৰ, লণ্ডনলৈ উৰা মৰাৰ ক্ষন্তেক পিছতে চহৰখনৰ মেঘানীনগৰৰ বি জে মেডিকেল কলেজৰ চিকিৎসক থকা এটা হোষ্টেলৰ ভৱনত পৰি দুৰ্ঘটনাত পতিত হয় ফলত সৰ্বমুঠ ২৭৪ জনৰ মৃত্যু হয়। বিমানখনত ২৩০ জন যাত্ৰী, ২ জন পাইলট, ১০ জন Cabin Crew সদস্য আছিল আৰু বাকী ৩৩ জন BJ Medical College ৰ ডাক্তৰ, শিক্ষাৰ্থী, কৰ্মচাৰী ইত্যাদি আছিল। দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়াৰ Boeing 787-8 Dreamliner বিমানখনৰ পাইলট Captain Sumeet Sabharwal আৰু Co-pilot Clive Kunder আছিল। ভয়ংকৰ বিমান দুৰ্ঘটনাটোত বিমানখনৰ চিট নম্বৰ 11A ত বহা যাত্ৰী ৰমেশ বিশ্বাসকুমাৰৰ প্ৰাণ ৰক্ষা পৰে। ২৭ বছৰৰ আগতে এটা বিমান দুৰ্ঘটনা ঘটিছিল থাইলেণ্ডত। চিট নম্বৰ 11A ত বহা থাই অভিনেতা Ruangsak Loychusak মৃত্যু মুখৰ পৰা ৰক্ষা পৰিছিল। ১১ ডিচেম্বৰ, ১৯৯৮ চনত থাই এয়াৰৱেজৰ বিমান TG261 দক্ষিণ থাইলেণ্ডৰ চুৰাট থানি বিমান বন্দৰত অৱতৰণ কৰিবলৈ চেষ্টা কৰা সময়তে দুৰ্ঘটনাগ্ৰস্ত হৈছিল, থাইলেণ্ডৰ বিমানখনত থকা ১৪৬ জন লোকৰ ভিতৰত ১০১ জনৰ মৃত্যু হৈছিল। আহমেদাবাদৰ দুৰ্ঘটনাত পতিত হোৱা বিমানখন প্ৰায় ১২ বছৰ হৈছিল। আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ মূল কাৰণ বিমান খনৰ Black Box ৰ পৰাহে জানিব পৰা যাব। আহমেদাবাদৰ পৰা লণ্ডনলৈ উৰা মৰা Boeing 787-8 Dreamliner বিমানখনৰ ইন্ধন ক্ষমতা ১,২৬,৯০৩ লিটাৰ। আহমেদাবাদৰ পৰা লণ্ডনলৈ বিমানত সময় লাগে প্ৰায় ৯ ঘণ্টা, ৪০ মিনিট। 

 Boeing 787-8 Dreamliner বিমানখনৰ শীৰ্ষ গতিবেগ ঘণ্টাত ৯৫৪ কিলোমিটাৰ। আসনৰ সংখ্যা - ২৫০, ইঞ্জিনৰ প্ৰকাৰ - Rolls-Royce Trent 1000, General Electric GEnx , বিমানখনৰ দাম ২০১৩ চন অনুসৰি - ২১১,৮০০,০০০- ২১১,৮০০,০০০ মাৰ্কিন ডলাৰ। ৰেঞ্জ - ১৩,৬২০ কিলোমিটাৰ। Wingspan - 60 m, Cruise Speed - 913 কিলোমিটাৰ প্ৰতি ঘণ্টাত। 

বিমান দুৰ্ঘটনা আচলতে Rarest of Rare বুলি কোৱা হয়, সকলোতকৈ সুৰক্ষিত ভ্ৰমণৰ ক্ষেত্ৰত বিমান ভ্ৰমণ সুৰক্ষিত বুলি ইণ্টাৰনেটত প্ৰকাশ পাইছে। Baggett Law. com ত প্ৰকাশ কৰা অনুসৰি বাণিজ্যিক বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱা সম্ভাৱনা প্ৰায় ০.০০০০০০১% । ৮১৬,৫৪৫,৯২৯ জনৰ ভিতৰত ১ জন বিমান দুৰ্ঘটনাত মৃত্যু হোৱাৰ সম্ভাৱনা থাকে বুলি উল্লেখ কৰিছে।

Post a Comment

Previous Post Next Post