ই-ৰিক্সা চালক সকলৰ বাবে কেইবাটাও নিৰ্দেশনা পৌৰসভাৰ



 কার্যালয়ৰ নিৰ্দেশনা

ইয়াৰ দ্বাৰাই নাহৰকটীয়া নগৰবাসী তথা ই-ৰিক্সা চালক সকলৰ জ্ঞাতার্থে জনোৱা যায় যে, অহা ইংৰাজী ১ জুন,২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ নাহৰকটীয়া পৌৰসভাৰ দ্বাৰা পঞ্জীয়ণভুক্ত হোৱা ই-ৰিক্সা চালক সকলে তলত উল্লেখ কৰা নির্দেশনা মানি নাহৰকটীয়া নগৰ এলেকাত ই-ৰিক্সা চলাচল কৰিব পাৰিব। আনহাতে জাৰি কৰা নির্দেশনা অমান্য কৰা দৃষ্টিগোচৰ হ'লে বিভাগৰ দ্বাৰা ই-ৰিক্সাৰ পঞ্জীয়ণ বাতিল কৰা হ'ব।

১। ই-ৰিক্সাসমূহ সোঁফালৰ দিশত গ্রীলেৰে সুৰক্ষিতভাবে বন্ধ থাকিব লাগিব।
২। ব্রেক, হর্ণ, লুকিং গ্লাছ কার্যক্ষম হৈ থাকিব লাগিব।
৩। ই-ৰিক্সাত হালধীয়া ৰি-ফ্লেক্টৰ টেপ লগোৱাটো বাঞ্চনীয়।
৪। চালকে নিচাযুক্ত বা ৰাগিয়াল দ্রব্য সেবন কৰিব নোৱাৰিব।
৫। চালকৰ বাহিৰে চালকৰ আসনত অন্য যাত্রীক বহুৱাব নোৱাৰিব।
৬। চালকৰ অনুজ্ঞাপত্ৰ সকলো সময়তে লগত ৰাখিব লাগিব।
৭। তিনিআলি, চাৰিআলি সমূহত ই-ৰিক্সা চালকে ১০ মিটাৰ আঁতৰত যাত্রী উঠোৱা-নমোৱা কৰিব লাগিব আৰু
 যাত্রী উঠোৱা-নমোৱাৰ কৰা স্থানত ই-ৰিক্সা সমূহ বেছি সময় ৰখাব নোৱাৰিব।
৮। ই-ৰিক্সাত যাত্রী চালকসহ ৫ জনতকৈ বেছি হ'ব নোৱাৰিব।
৯। নগৰৰ মুখ্যপথত চালকে ই-ৰিক্সাসমূহ চলাচল কৰাৰ ক্ষেত্ৰত যান-যট সৃষ্টি নোহোৱাৰ প্ৰতি লক্ষ্যৰাখিব লাগিব।
১০। ই-ৰিক্সা তীব্র গতিত চলাব নোৱাৰিব।
১১। ই-ৰিক্সা চলাই থকাৰ সময়ত চালকে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব।
১২। সময়ে সময়ে চৰকাৰী নির্দেশনা অনুসৰি ই-ৰিক্সাৰ নিয়ম সমূহ সাল-সলনি কৰা হ'ব।
১৩। ই-ৰিক্সা সমূহত টিনপাত, লোহা, বাঁহ-কাঠ আৰু অন্যান্য আচবাব সামগ্রী সমূহ কঢ়িয়াব নোৱাৰিব।
১৪। ই-ৰিক্সা নীতি নিয়ম সমূহ মানি চলাব লাগিব।
১৫। ওপৰত উল্লেখ কৰা নিয়ম সমূহ অমান্য কৰিলে পৌৰসভাই নিৰ্দ্ধাৰণ কৰা অনুসৰি জৰিমনা বিহাৰ লগতে অনুমোদন নাকচ কৰা হ'ব।

Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব