বৰ্তমান সময়ত E Waste ৰ প্ৰাসংগিকতা



E Waste কি হয়?

Electronic Waste চমুকৈ E - Waste হৈছে যিবোৰ ইলেকট্ৰনিক সামগ্ৰীৰ ব্যৱহাৰৰ বাবে অনুপযোগী সেই সমূহ সামগ্ৰীক E Waste শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয়।

EEE - Electrical and Electronic Equipment ত সামগ্ৰী সমূহ ব্যৱহাৰকাৰীয়ে পুনৰ ব্যৱহাৰৰ উদ্দেশ্য নোহোৱাকৈ আৱৰ্জনা হিচাপে পেলাই দিয়া বস্তুক E - Waste হিচাপে বুজা যায়।

WEEE - Waste Electrical and Electronic Equipment আৱৰ্জনা বৈদ্যুতিক আৰু ইলেকট্ৰনিক সঁজুলিত ই-আৱৰ্জনাক বুজাবলৈ ব্যৱহাৰ কৰা হয়। যিবোৰ ইলেকট্ৰনিক সামগ্ৰী যেনে - মোবাইল ফোন, কম্পিউটাৰ, লেপটপ, টিভি ইত্যাদি পেলনীয়া সামগ্ৰী সমূহ ইউৰোপীয় ইউনিয়নে WEEE নিৰ্দেশনা অনুসৰি সংগ্ৰহ, পুনঃ ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে।

কিছুমান E Waste সামগ্ৰী হৈছে -

ফেন, কম্পিউটাৰ, লেপটপ, মোবাইল ফোন, টিভি, বৈদ্যুতিক কুকাৰ, চাৰ্কিত বৰ্ড, প্ৰিন্টাৰ, টিভি ৰিমৰ্ট, স্মাৰ্ট ঘড়ী, লাইট ইত্যাদি।

প্ৰথম E - Waste পুনঃ ব্যৱহাৰৰ প্ৰক্ৰিয়া কেতিয়া আৰম্ভ কৰা হৈছিল?

১৯৯১ চনত ছুইজাৰলেণ্ডত ই-আৱৰ্জনা পুনঃ ব্যৱহাৰৰ ব্যৱস্থা কৰা হৈছিল। তেতিয়া সংগ্ৰহীত সামগ্ৰীৰ তালিকাত ফ্ৰীজ আছিল পিছলৈ বিভিন্ন ধৰণৰ ইলেকট্ৰনিক সামগ্ৰী সমূহ অন্তৰ্ভুক্ত কৰা হৈছিল।



E-Waste পুনঃ ব্যৱহাৰ কৰাটো কিয় গুৰুত্বপূৰ্ণ?

-আৱৰ্জনা পুনঃ ব্যৱহাৰ কৰাৰ ফলত সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস হয়, যি সেউজ গৃহ গেছৰ (GHGs) নিৰ্গমন বৃদ্ধিৰ ফলত তাপ আবদ্ধ কৰি সেউজ গৃহ প্ৰভাৱত অৰিহণা যোগায় আৰু গ্ৰহ উষ্ণ কৰি তোলে। ই - আৱৰ্জনা পুনঃ ব্যৱহাৰৰ ফলত প্ৰাকৃতিক সম্পদ সংৰক্ষণ যেনে কেঁচামালৰ আহৰণ হ্ৰাস পায়, প্লাষ্টিক, খনিজ ধাতু ইত্যাদি সংৰক্ষণ হয় লগতে বিভিন্ন ধৰণৰ পৰিবেশ প্ৰদূষণৰ পৰা হব পৰা মানুহৰ স্বাস্থ্যজনিত বিপদ প্ৰতিৰোধ কৰিব পাৰে।

E - Waste সামগ্ৰী সমূহত কেডমিয়াম, সীহ, পাৰাৰ দৰে বিপদজনক পদাৰ্থ থাকে, সেই সমূহ পদাৰ্থই পৰিবেশৰ ক্ষতি কৰিব পাৰে, যেতিয়া ই-আৱৰ্জনা সমূহ পুনঃ ব্যৱহাৰৰ ফলত এই সমূহ ক্ষতিৰ পৰা হাত সাৰিব পাৰি আৰু পানী, মাটি, বায়ু আদি দূষিত হোৱাৰ পৰা বাধা দিয়ে।

E - Waste পুনঃ ব্যৱহাৰৰ উপযোগী কৰি তোলাৰ ক্ষেত্ৰত অৰ্থনৈতিক ভাৱে লাভ অৰ্জনৰ পথ মুকলি হয়। ই-আৱৰ্জনা পুনঃ ব্যৱহাৰ উদ্যোগ সমূহত চাকৰিৰ সৃষ্টি হয়, যেনে - ই-আৱৰ্জনা সংগ্ৰহ, পুনৰ নিৰ্মাণৰ প্ৰক্ৰিয়াকৰণ ইত্যাদি।

E - Waste ৰ ক্ষেত্ৰত ইলেকট্ৰনিক সামগ্ৰী সমূহত ব্যক্তিগত তথ্য ইত্যাদি থাকিব পাৰে, সেই সমূহ সামগ্ৰী পুনঃ ব্যৱহাৰৰ উপযোগী কৰি তোলাৰ ফলত ব্যক্তিগত তথ্য চুৰি হোৱা আশংকা নাথাকে। যেনে পেলনীয়া কম্পিউটাৰ বা লেপটপৰ Hard Disk, মোবাইল ফোনৰ মেমৰী ইত্যাদি।

HS 8549 কি হয়?

HS (Harmonized System) 8549 এই ক'ডে E - Waste আৰু Scrap ক্ৰেপ সামৰি লয়।

২০২২ চনত বিশ্বত ৬২ মিলিয়ন টন ই-আৱৰ্জনা উৎপাদন হৈছিল, যিটো পূৰ্বৰ বছৰৰ তুলনাত ৩.৪% বৃদ্ধি পাইছে। এই ই - আৱৰ্জনাসমূহৰ মাত্ৰ ২২.৩ শতাংশহে  আনুষ্ঠানিকভাৱে সংগ্ৰহ আৰু পুনঃব্যৱহাৰ কৰা হৈছিল। ই-আৱৰ্জনা উৎপাদন ২০৩০ চনৰ ভিতৰত ৮২ মিলিয়ন টন হ’ব পাৰে বুলি অনুমান কৰা হৈছে।

Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব