প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ আমাৰ অসম ভূমি। ফলে-ফুলে, শস্যৰে নদন-বদন অসমৰ এই ভূমি প্ৰতি বছৰে বাৰিষা অহাৰ লগে লগে এই প্ৰাকৃতিক সৌন্দৰ্য যেন এক বিভীষিকালৈ ৰূপান্তৰিত হয়। মহাবাহু ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইয়াৰ অগণন উপনৈৰ বাঢ়নী পানীয়ে সৃষ্টি কৰা বানপানী অসমৰ এক জ্বলন্ত সমস্যা হিচাপে থিয় দি আহিছে। তেনে এক হৃদয় বিদাৰক বলিয়া বানৰ কৱলত পৰিব লগা হ'ল চন্তক, বিহুবৰ-নেপালী খুটি, নাজিৰা, শিৱসাগৰ, আমগুৰি আদি অঞ্চল। অসমৰ গাতে লাগি থকা নাগালেণ্ডৰ পৰা বৈ অহা দিখৌ নদীৰ পানীয়ে লোৱা ভয়ংকৰ কাল ৰূপ হিচাপে চিহ্নিত হৈ ৰ'ল ১৯ জুলাই,২০২৬।
সেইদিনা পানীৰ ঢল ইমানেই প্ৰবল আৰু আকস্মিক আছিল যে মানুহে নিজৰ প্ৰয়োজনীয় সামগ্ৰীখিনি বচাবলৈকো সময় নাপালে। কিছুমানে নিজৰ নিজৰ পৰিয়ালৰ সদস্যক নিৰাপদ স্থানত থৈ ঘৰৰ জীৱ-জন্তু আদি নিৰাপদ স্থানলৈ কঢ়িয়াই থকা অৱস্থাতে প্ৰাণ হেৰুৱাব লগীয়া অৱস্থা হ'ল। কোনোবাজন নাৰিকল গছৰ পাতত ধৰিয়েই থাকিব লগা হৈছিল, কোনোবাজনে ঘৰৰ চিলিঙত উঠি, কোনোবাজনে গছৰ ডালত ধৰি জীৱনটো বচাবলৈ সক্ষম হৈছিল। ইমানেই ভয়ংকৰ আছিল যে প্ৰশাসনেও একে সময়তে সকলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল কিন্তু লাহে লাহে প্ৰশাসনে বিপদৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছিল।
শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ অন্তৰ্গত বিহুবৰ নেপালী খুটি গাওঁখনেই নোহোৱা হৈ পৰিল। ১৯ জুলাই, ২০২৬ ত অহা বলিয়া বানত বিহুবৰ নেপালী খুটিৰ বেছিভাগ লোকে প্ৰাণ হেৰুৱালে। মৃতদেহ বিলাক ৩-৪ দিনৰ পিছৰ পৰাহে যত-তত পৰি থকা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল, মৃতদেহ উদ্ধাৰ অভিযান বহুদিন ধৰি চলি থাকিল। জীৱ-জন্তুৰ মৃতদেহ হাজাৰ হাজাৰ পানীত উটি আহিছিল, পৰিবেশ সেই সময়ত দুৰ্গন্ধময় হৈ পৰিছিল। বলিয়া বানত মৃতদেহ বিলাক কিছুমান পলসত পুত গৈছিল, কিছুমান জেওঁৰাত লাগি আছিল, কিছুমান বাঁহ গছৰ ফাঁকত লাগি ধৰি আছিল, কিছুমান নদীত উটি আহিছিল।
নাগালেণ্ডৰ পৰা অহা দিখৌ নদীয়েদি অহা বানপানীয়ে মানুহৰ বছৰজোৰা শ্ৰমৰ ফচল, সেউজীয়া খেতি-পথাৰ, ঘৰ-দুৱাৰ, নথি পত্ৰ, কিতাপ-বহি, পোহনীয়া জীৱ-জন্তু, গাড়ী-মটৰ, ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ, ৰাস্তা ঘাট, ৰেল পথ আদি নিমিষতে থান বান কৰি থৈ গ'ল।
এই বলিয়া বান কিয় আহিছিল বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰাত, অসমৰ মিডিয়াৰ সন্মানীয় সাংবাদিক সকলে যেতিয়া বানপানী সৃষ্টি হোৱা নাগালেণ্ডৰ অঞ্চললৈ গৈ পৰিবেশ চাই দেখিছিল যে তাত খনন কাৰ্য্য চলাই বৃহৎ বৃহৎ গাতৰ সৃষ্টি হৈছিল আৰু সেই গাত সমূহত পানী জমা হৈ আছিল আৰু হঠাৎ সেই পানী বাগৰি অসমৰ ভৈয়াম অঞ্চলত বলিয়া বানৰ ৰূপ ধাৰণ কৰিছিল। আনহাতে কিছুমানে কোৱা অনুসৰি অসমত বানপানী হোৱা আগদিনা নাগালেণ্ডত নেৰা-নেপেৰা বৰষুণ দিছিল তাৰ ফলশ্ৰুতিত এনে কাল ৰূপ ধাৰণ কৰিলে বুলি কৈছিল।
বানপানী সৃষ্টি হোৱাৰ পিছত অসমৰ বানাক্ৰান্ত ৰাইজে জীৱন বচাবলৈ ওখ স্থান, ব্যক্তিগত ঘৰত, মথাউৰিত, আৰু বিদ্যালয়সমূহত আশ্ৰয় ল’বলৈ বাধ্য হৈছিল। আশ্ৰয় শিবিৰবোৰত মানুহৰ অৱস্থা আছিল পানীত হাঁহ নচৰা বিধৰ। বিশুদ্ধ খোৱাপানীৰ হাহাকাৰ, খাদ্যৰ নাটনি আৰু ঔষধৰ অভাৱে পৰিস্থিতি অধিক শোচনীয় কৰি তুলিছিল। তেনে সময়ত চৰকাৰ-প্ৰশাসনৰ লোকে, বেচৰকাৰী সংস্থা সমূহে, অসমৰ Content Creator সকলে, ব্যক্তিগত ভাবে, বিভিন্ন সংগঠনে, বিভিন্ন ধৰণৰ কামত নিয়োজিত কৰ্মচাৰী সমাজে যিমান পাৰে খোৱা পানী, খাদ্য সামগ্ৰী, কাপোৰ, ঔষধ, বাচন-বৰ্তন আদি যোগান ধৰিছিল। অসম চৰকাৰৰ CM KIT আৰু অন্যান্য সাহায্য , হুছেইন মনচুৰী, Physics Wallah ৰ অলখ পাণ্ডে, বদৰুদ্দিন আজমল, পংকজ পাঠক, অনন্যা বিৰলা, ৰিলায়েন্স ফাউণ্ডেচন, বিকাশ অসম, অখিল গগৈ, সুশান্ত বৰগোহাঁই, ময়ূৰ বৰগোহাঁই, ৰনদীপ শুদা, দিম্পু বৰুৱা, আৰু বহুতো আৰু সমগ্র অসমৰ ৰাইজে পৰোক্ষ ভাবে বিভিন্ন সংগঠন, সংস্থা, সমাজ, CM Relief Fund আদিৰ দ্বাৰা অনলাইনত সহায়ৰ হাত আগবঢ়াইছিল। কিন্তু.... এই বলিয়া বানৰ বাবে দ্বায়িত্ব কোনে লব?? কাৰ বাবে হ'ল?? কিয় হ'ল?? সঁচাকৈয়ে এয়া প্ৰাকৃতিক আছিল নে??
