Assam Police SI Exam 2025 Question Paper


Assam Police SI Exam 2025 Question Paper

১/ ৰজা হৰ্ষবৰ্ধনৰ পিতৃৰ নাম আছিল - 


a) প্ৰভাকৰবৰ্ধন
b) ভাস্কৰবৰ্ধন
c) জয়বৰ্ধন
d) মহাবৰ্ধন

উত্তৰ:- a) প্ৰভাকৰবৰ্ধন

২/ 'স্বৰাজ' শব্দটো প্ৰথমবাৰৰ বাবে দাদাভাই নওৰোজিয়ে ব্যৱহাৰ কৰা কংগ্ৰেছ অধিবেশন হোৱা চন আৰু স্থান আছিল -


a) ১৯০৪, বম্বে
b) ১৯০৬, কলিকতা
c) ১৯০৭, চুৰাত
d) ১৯১৬, লক্ষ্ণৌ

উত্তৰ:- b) ১৯০৬, কলিকতা

৩/ বিখ্যাত 'ত্ৰিমূৰ্তি সদাশিৱ' তলৰ কোন গুহাৰ অংশ?


a) অজন্তা
b) ইলোৰা
c) এলিফেণ্টা
d) বাঘ

উত্তৰ:- c) এলিফেণ্টা

৪/ 'অৰুণোদই'ৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল?


a) ড৹ নাথান ব্ৰাউন
b) পদ্মনাথ গোহাঞি বৰুৱা
c) জগন্নাথ বৰুৱা
d) বিষ্ণুৰাম মেধি

উত্তৰ:- a) ড৹ নাথান ব্ৰাউন

৫/ ৰাণী এলিজাবেথৰ কোনগৰাকী ৰাষ্ট্ৰদূতে গুজৰাটত বাণিজ্য কৰিবলৈ ফৰমান বিচাৰি আকবৰৰ ৰাজসভালৈ আহিছিল?


a) ছাৰ টমাছ ৰো
b) উইলিয়াম হকিন্স
c) জন মিল্দেনহল
d) ইয়াৰ এজনো নহয়

উত্তৰ:- c) জন মিল্দেনহল

৬/ 'আসাম এছচিয়েচন'ৰ প্ৰথমখন সভা কেতিয়া আৰু ক'ত হৈছিল?


a) ১৯০৫, ডিব্ৰুগড়ত
b) ১৯০৪, গুৱাহাটীত
c) ১৯০৫, লখিমপুৰত
d) ১৯০৪, যোৰহাটত

উত্তৰ:- a) ১৯০৫, ডিব্ৰুগড়ত

৭/ বৰ্মন ৰাজবংশ কোনে স্থাপন কৰিছিল?


a) ভাস্কৰবৰ্মন
b) পুষ্যবৰ্মন
c) সমুদ্ৰবৰ্মন
d) ইয়াৰ এজনো নহয়

উত্তৰ:- b) পুষ্যবৰ্মন

৮/ কোন চনত নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিল?


a) ১৯৬১
b) ১৯৬২
c) ১৯৬৩
d) ১৯৬৪

উত্তৰ:- c) ১৯৬৩

৯/ ১৯২৫ চনত 'লেবাৰ স্বৰাজ দল' কোনে স্থাপন কৰিছিল?


a) আব্দুল গফ্ফৰ খান
b) কাজী নজৰুল ইছলাম
c) জোচেফ বাপটিষ্টা
d) চি. আৰ. দাস

উত্তৰ:- b) কাজী নজৰুল ইছলাম

১০/ আহোম আৰু মোগলসকলৰ মাজত প্ৰথম ৰণ চামধৰাৰ ৰণ হৈছিল। শেষৰ ৰণ কোনখন আছিল?


a) ৰঙামাটিৰ ৰণ
b) শৰাইঘাটৰ ৰণ
c) ইটাখুলীৰ ৰণ
d) যোগীঘোপাৰ ৰণ

উত্তৰ:- c) ইটাখুলীৰ ৰণ


Post a Comment

Previous Post Next Post