অসমৰ চৰকাৰী চাকৰিৰ পৰীক্ষাত অহা কিছুমান প্ৰশ্নোত্তৰ ৫

 

HSSLC Level Posts 2024 (ADRE)

১/ আহোম সাম্ৰাজ্যৰ শেষৰখন ৰাজধানী কোনখন ঠাইত আছিল?

a) চৰাইদেও
b) যোৰহাট
c) ৰংপুৰ
d) গড়গাঁও

উত্তৰ:- b) যোৰহাট

২/ ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য কোনখন?

a) ৰাজস্থান
b) পঞ্জাব
c) মহাৰাষ্ট্ৰ
d) গুজৰাট

উত্তৰ:- d) গুজৰাট

৩/ ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত পাঠ কৰোৱায়?

a) প্ৰধানমন্ত্ৰী
b) দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
c) উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
d) লোকসভাৰ অধ্যক্ষ

উত্তৰ:- c) উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ

৪/ শংকুৰাজ কোঁৱৰে গোৱা 'অলকানন্দা' গীতটিৰ গীতিকাৰ কোন?

a) তন্ময় ক্ৰিপ্তন
b) সান্নিধ্য ভূঞা
c) জয় বৰুৱা
d) মৈত্ৰেয়ী পাটৰ

উত্তৰ:- d) মৈত্ৰেয়ী পাটৰ

৫/ নিম্নলিখিত কোনগৰাকী এজন বিখ্যাত চিত্ৰকৰ আছিল?

a) ভিন্সেন্ট ভেন গ'গ
b) জন লেনন
c) ব'ব মাৰ্লে
d) মাৰ্লো ব্ৰান্ডো

উত্তৰ:- a) ভিন্সেন্ট ভেন গ'গ

৬/ নিম্নলিখিত কোনটো প্ৰতিষ্ঠান বাণিজ্যিক বাহনৰ ব্যৱসায়ৰ লগত জড়িত নহয়?

a) লাৰছেন এণ্ড টুব্ৰ'
b) মহিন্দ্ৰ এণ্ড মহিন্দ্ৰ
c) ফ'ৰ্চ মটৰছ
d) টাটা মটৰছ

উত্তৰ:- a) লাৰছেন এণ্ড টুব্ৰ'

৭/ নিম্নলিখিত কোনখন আটাইতকৈ পুৰণি সংকলন বুলি বিবেচনা কৰা হয়?

a) 'যজুৰ্বেদ'
b) 'অথৰ্ববেদ'
c) 'ঋকবেদ'
d) 'সামবেদ'

উত্তৰ:- c) 'ঋকবেদ'

৮/ ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান (DAY-NRLM) ত DAY য়ে কি বুজায়?

a) District Availability Yojana
b) Deendayal Antyodaya Yojana
c) Deendayal Ayurvedic Yojana
d) District Achievement Yojana

উত্তৰ:- b) Deendayal Antyodaya Yojana

৯/ পৃথিৱীৰ বৃহত্তম দ্বীপ, গ্ৰীনলেণ্ড কোনখন দেশৰ অংশ?

a) ডেনমাৰ্ক
b) চুইডেন
c) কানাডা
d) আইচলেণ্ড

উত্তৰ:- a) ডেনমাৰ্ক

১০/ মূল্যৰ স্তৰৰ ক্ৰমাগত বৃদ্ধিক কোৱা হয় - ?

a) স্থবিৰতা
b) অৱস্ফীতি
c) অতি মুদ্ৰাস্ফীতি
d) মুদ্ৰাস্ফীতি

উত্তৰ:- d) মুদ্ৰাস্ফীতি

১১/ অমিল শব্দটো বিচাৰি উলিয়াওক।

a) ঘৰচিৰিকা
b) কাউৰী
c) বাদুলী
d) ময়ূৰ চৰাই

উত্তৰ:- c) বাদুলী

১২/ অন্তিম পদটো পূৰ কৰিবৰ বাবে সৰ্বোৎকৃষ্ট বিকল্পটো নিৰ্ণয় কৰক :

বৃত্ত : জ্যামিতি :: কবিতা : ?

a) অধ্যায়
b) কিতাপ
c) গদ্য
d) ভাষা

উত্তৰ:- d) ভাষা

১৩/ নিম্নলিখিত অসমৰ বাদ্যযন্ত্ৰসমূহৰ কোনটো সাধাৰণতে বাঁহেৰে নিৰ্মিত?

a) দবা
b) মৃদংগ
c) দোতৰা
d) টকা

উত্তৰ:- d) টকা

১৪/ টোকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত?

a) যোৰহাট
b) লখিমপুৰ
c) তিনিচুকীয়া
d) ধেমাজি

উত্তৰ:- a) যোৰহাট

১৫/ নিম্নলিখিত কোনটোৰ সৈতে অসম চৰকাৰৰ মিছন বসুন্ধৰা সম্পৰ্কিত?

a) মৎস্যপালন আৰু জীৱিকা
b) মহিলা সবলীকৰণ
c) ভূমিলেখ্য আৰু ভূমি ৰাজহ
d) ডিজিটেল শিক্ষা

উত্তৰ:- c) ভূমিলেখ্য আৰু ভূমি ৰাজহ

১৬/ নিম্নলিখিত কোনটো ভাৰতৰ সংবিধানৰ উপাদান নহয়?

a) ৰাষ্ট্ৰ পৰিচালনা নিৰ্দেশাত্মক নীতি
b) কেন্দ্ৰৰ নিৰ্দেশাত্মক অধিকাৰ
c) মৌলিক অধিকাৰ
d) মৌলিক কৰ্তব্য

উত্তৰ:- b) কেন্দ্ৰৰ নিৰ্দেশাত্মক অধিকাৰ

১৭/ বেডমিণ্টন খেলুৱৈগৰাকীক চিনাক্ত কৰক।

a) দীপা কৰ্মকাৰ
b) পুল্লেলা গোপীচন্দ
c) ছানিয়া মিৰ্জা
d) লিয়েণ্ডাৰ পেজ

উত্তৰ:- b) পুল্লেলা গোপীচন্দ

১৮/ বাৰ্ষিক প্ৰতিযোগিতাৰ শৃংখলা ডায়ম'ণ্ড লীগ কোনবিধ খেলৰ সৈতে জড়িত?

a) সাঁতোৰ
b) বেডমিণ্টন
c) জিমনাষ্টিক্স
d) ট্ৰেক আৰু ফিল্ডৰ খেল

উত্তৰ:- d) ট্ৰেক আৰু ফিল্ডৰ খেল

১৯/ নিম্নলিখিত কোনখন উপন্যাস পদ্মশ্ৰী ৰংবং তেৰাঙে ৰচনা কৰিছে?

a) মৃত্যুঞ্জয়
b) অসীমত যাৰ হেৰাল সীমা
c) ৰংমিলিৰ হাঁহি
d) মিৰি জীয়ৰী

উত্তৰ:- c) ৰংমিলিৰ হাঁহি

২০/ কোনটো বিকল্প পেঞ্চিল : শিক্ষাৰ্থী : বিদ্যালয় সম্বন্ধৰ সদৃশ?

a) নিগনি : ভক্ষণ : বিস্কুট
b) কম্পিউটাৰ : বিষয়া : বেংক
c) কলম : লেখক : কিতাপ
d) নগদ : দোকানী : সামগ্ৰী

উত্তৰ:- b) কম্পিউটাৰ : বিষয়া : বেংক
Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব