অসমৰ চৰকাৰী চাকৰিৰ পৰীক্ষাত অহা কিছুমান প্ৰশ্নোত্তৰ ৬

 

HSSLC Level Posts 2024 (ADRE)

১/ পল্লৱীয়ে দাবী কৰে যে তাই জ্যোতিতকৈ ওখ, কিন্তু পল্লৱীতকৈ ওখ স্মিতাই জানে যে পল্লৱীৰ উক্তি ভুল। তেওঁলোকৰ উচ্চতা সম্পৰ্কত নিম্নলিখিত কোনটো ক'ব পাৰি?

a) পল্লৱী নিশ্চয়কৈ জ্যোতিতকৈ চাপৰ
b) পল্লৱী আৰু জ্যোতিৰ উচ্চতা সমান
c) স্মিতা তিনিগৰাকীৰ সবাতোকৈ ওখ
d) নিৰ্ণয় কৰিব নোৱাৰি

উত্তৰ:- d) নিৰ্ণয় কৰিব নোৱাৰি

২/ নিম্নলিখিত কোনটোক প্ৰাণী কোষৰ শক্তিৰ ভঁৰাল ৰূপে বিবেচনা কৰা হয়?

a) কোষ কেন্দ্ৰ
b) গ'লজি সংঘ
c) ৰাইব'জ'ম
d) মাইট'কণ্ড্ৰিয়া 

উত্তৰ:- d) মাইট'কণ্ড্ৰিয়া

৩/ ভূগৰ্ভৰ গভীৰতাৰ পৰা গৰম পানী আৰু বাষ্প বিস্ফোৰণৰ জৰিয়তে নিৰ্গত হোৱা পৰিঘটনাক কোৱা হয় -

a) উষ্ণ প্ৰস্ৰৱণ
b) আগ্নেয়গিৰি
c) টৰ্নেডো
d) চুনামি

উত্তৰ:- a) উষ্ণ প্ৰস্ৰৱণ

৪/ কোন দেশৰ জাতীয় পতাকাত ৰঙা পৃষ্ঠভূমিত বগা ৰঙৰ এটা ক্ৰছ চিহ্ন আছে?

a) ব্ৰাজিল
b) চুইজাৰলেণ্ড
c) আমেৰিকা যুক্তৰাষ্ট্ৰ
d) জাপান

উত্তৰ:- b) চুইজাৰলেণ্ড

৫/ নিম্নলিখিত কোনটো প্ৰথম শ্ৰেণীৰ লিভাৰৰ অন্তৰ্গত?

a) কেঁচী
b) ঠেলা গাড়ী
c) মানৱ বাহু
d) ষ্টেপলাৰ

উত্তৰ:- a) কেঁচী

৬/ কোনো তৰল পদাৰ্থৰ pH মান 5.0 হ'লে, সেই তৰল পদাৰ্থবিধ - 

a) খাৰকীয় প্ৰকৃতিৰ
b) প্ৰশমিত প্ৰকৃতিৰ
c) তৰল ধাতু
d) আম্লিক প্ৰকৃতিৰ

উত্তৰ:- d) আম্লিক প্ৰকৃতিৰ

৭/ ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধটি ক'ত অৱস্থিত?

a) শ্ৰীনগৰ
b) নতুন দিল্লী
c) টাৱাং
d) অমৃতসৰ

উত্তৰ:- b) নতুন দিল্লী

৮/ ২০২০ টকিঅ' অলিম্পিকত ভাৰতে কোনবিধ খেলত কোনো পদক লাভ কৰা নাছিল?

a) মুষ্টিযুদ্ধ
b) ভাৰোত্তোলন
c) টাইকোৱান্ডো
d) মল্লযুদ্ধ

উত্তৰ:- c) টাইকোৱান্ডো

৯/ অসমৰ তানিয়া চৌধুৰী আৰু নয়নমণি শইকীয়াই কোনবিধ খেলত ভাৰতক প্ৰতিনিধিত্ব কৰে?

a) ল'ন ব'ল
b) বেডমিণ্টন
c) কেৰ'ম
d) জুডো

উত্তৰ:- a) ল'ন ব'ল

১০/ অপৰাধমূলক ৰোমাঞ্চকৰ কাহিনী লেখক ৰঞ্জু হাজৰিকাৰ আচল নাম কি?

a) সত্যনাথ বৰা
b) পবিত্র কুমাৰ ডেকা
c) হীৰেন গোহাঁই
d) কুমুদ চন্দ্ৰ হাজৰিকা

উত্তৰ:- d) কুমুদ চন্দ্ৰ হাজৰিকা

১১/ বেৰিং প্ৰণালীয়ে কোন দুটা ভূখণ্ডক পৃথক কৰে?

a) অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড
b) আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়া
c) দক্ষিণ আফ্ৰিকা আৰু মাদাগাস্কাৰ
d) জাপান আৰু চীন

উত্তৰ:- b) আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়া

১২/ নুমলীগড় শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত?

a) শিৱসাগৰ
b) যোৰহাট
c) গোলাঘাট
d) ডিব্ৰুগড়

উত্তৰ:- c) গোলাঘাট

১৩/ নীতি (NITI) আয়োগৰ অধ্যক্ষ কোন?

a) বিত্ত মন্ত্ৰী
b) প্ৰধানমন্ত্ৰী
c) ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ
d) উপৰাষ্ট্ৰপতি

উত্তৰ:- b) প্ৰধানমন্ত্ৰী

১৪/ ভাৰতীয় সংসদত কোনো এটা দিনৰ অধিৱেশনত আগতীয়া জাননী অবিহনে প্ৰশ্ন/ বিষয় আদি উত্থাপন কৰিবৰ বাবে ধাৰ্য কৰি থোৱা এঘণ্টা সময়ক কি বুলি কোৱা হয়?

a) স্বাধীন কাল
b) মধ্যাহ্নভোজন কাল
c) শূণ্য কাল
d) দলীয় কাল

উত্তৰ:- c) শূণ্য কাল

১৫/ ৰাজ্যসভাৰ অধ্যক্ষ কোন হয়?

a) প্ৰধানমন্ত্ৰী
b) উপৰাষ্ট্ৰপতি
c) লোকসভাৰ অধ্যক্ষ
d) ৰাষ্ট্ৰপতি

উত্তৰ:- b) উপৰাষ্ট্ৰপতি

১৬/ সাগৰৰ তলিত হোৱা আগ্নেয়গিৰি উদগীৰণ অথবা ভূমিকম্পই সৃষ্টি কৰা বৃহৎ ঢৌক কোৱা হয়-

a) চুনামি
b) বা-মাৰলী
c) তুষাৰপাত
d) ভূমিস্খলন

উত্তৰ:- a) চুনামি

১৭/ কোন মহাদেশৰ সমীপৰ সাগৰত বৃহৎ প্রবাল প্ৰাচীৰ অৱস্থিত?

a) উত্তৰ আমেৰিকা
b) অষ্ট্ৰেলিয়া
c) আফ্ৰিকা
d) ইউৰোপ

উত্তৰ:- b) অষ্ট্ৰেলিয়া

১৮/ নিম্নলিখিত কোনটো শৃংগ হিমালয়ৰ অন্তৰ্গত নহয়?

a) অন্নপূৰ্ণা
b) কাংটো
c) আনামুদি
d) কামেত

উত্তৰ:- c) আনামুদি

১৯/ যদি এখন বিমান চেন্নাইৰ পৰা গুৱাহাটীলৈ পোনে পোনে উৰি আহি আছে, তেন্তে বিমানখন কোনটো দিশলৈ উৰি আছে?

a) দক্ষিণৰ পৰা পূবলৈ
b) পূবৰ পৰা পশ্চিমলৈ
c) পশ্চিমৰ পৰা পূবলৈ
d) উত্তৰৰ পৰা পূবলৈ

উত্তৰ:- a) দক্ষিণৰ পৰা পূবলৈ

২০/ নিম্নলিখিত কোনবোৰ দেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমান্তৰেখা স্পৰ্শ কৰে?

a) ভূটান আৰু চীন
b) চীন আৰু বাংলাদেশ
c) বাংলাদেশ আৰু ভূটান
d) ম্যানমাৰ আৰু বাংলাদেশ

উত্তৰ:- c) বাংলাদেশ আৰু ভূটান

Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

Good Samaritan আইনৰ বিষয়ে

আপুনি জানেনে কি আছে এইখন আইনত? Good Samaritan আইনে কোনসকল লোকক আইনী সুৰক্ষা প্ৰদান কৰে?

সম্পূৰ্ণ পঢ়ক →