ভাৰতৰ মধ্যবিত্তৰ ফান্দ

 

ভাৰতৰ মধ্যবিত্তৰ ফান্দ

আৰম্ভণি:

   নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ ব্লগলৈ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে "ভাৰতৰ মধ্যবিত্তৰ ফান্দ"। এই লেখাত আমি ভাৰতৰ মধ্যবিত্ত লোকসকল কেনেকৈ আর্থিকভাৱে দুৰ্বল হৈ থাকি যায় তাৰ কাৰণসমূহ পুংখানুপুংখভাৱে আলোচনা কৰিম। তেন্তে প্রিয় পাঠকসকল অলপো পলম নকৰি আগবাঢ়ো আলোচনাৰ মাজলৈ।

ভাৰতৰ মধ্যবিত্ত শ্ৰেণী কাক বোলে?

  
  [ India's National Council for Applied Economic Research, which defines the middle class as those with household incomes between Rs 2 Lakh and 10 Lakh per annum, estimated India's middle class to be 153 million in 2010.]

   ভাৰতৰ যিসকল লোকৰ বছৰি উপাৰ্জন ২ লাখৰ পৰা ১০ লাখ টকাৰ ভিতৰত হয়, তেওঁলোকক মধ্যবিত্ত শ্ৰেণীত ধৰা হয়।

আমি যদি চাওঁ, দেখিম যে ভাৰতৰ মধ্যবিত্ত শ্ৰেণীৰ সংজ্ঞা বহুতো সংস্থাই ভিন ভিন ধৰণেৰে উল্লেখ কৰিছে।
      
       ভাৰতীয় ইউটিউবাৰ, মতিভেশ্যনেল স্পীকাৰ সন্দ্বীপ মহেশ্বৰীয়ে এটা ভিডিঅ'ত কৈছে যে - ধৰি লোৱা হ'ল আপোনাৰ ঘৰৰ সদস্যৰ সংখ্যা ৫ জন আৰু উপাৰ্জন কৰে দুজন ব্যক্তিয়ে, বাকী তিনিজন ব্যক্তি উপাৰ্জন কৰা দুজন ব্যক্তিৰ টকাৰে চলে। উপাৰ্জন কৰা দুজন ব্যক্তিৰ এজনৰ মাহেকীয়া উপাৰ্জন ৩০ হাজাৰ টকা আৰু আনজনৰ ১৮ হাজাৰ টকা। ৩০,০০০ + ১৮,০০০ = ৪৮,০০০ টকা মুঠ উপাৰ্জন ঘৰৰ উপাৰ্জনকাৰী দুজনৰ। ঘৰখনৰ ৫ জন সদস্যৰ সৈতে যদি ৪৮ হাজাৰ টকা ভাগ কৰি দিয়া যায় তেতিয়া প্ৰতিজন সদস্যৰ ভাগত মাহেকত ৯,৬০০ টকাকৈ ভাগ হব। ৯,৬০০ টকাকৈ ভাগ হলে ঘৰখনৰ প্ৰতিজন সদস্যৰ বছৰি উপাৰ্জন হব - ১ লাখ ১৫ হাজাৰ ২০০ টকা। তেন্তে ঘৰৰ ৫ জন সদস্যৰ বাৰ্ষিক উপাৰ্জন মধ্যবিত্ত শ্ৰেণীৰ ভিতৰত নপৰিল।

ভাৰতৰ মধ্যবিত্ত শ্ৰেণী আর্থিকভাৱে পিছপৰি যোৱাৰ কাৰণসমূহ তলত উল্লেখ কৰা হ'ল।


লোণ:- ভাৰতীয় মধ্যবিত্ত শ্ৰেণীৰ লোকে ঘৰ লোণ, গাড়ী লোণ, ব্যৱসায় লোণ, শিক্ষাৰ বাবে লোণ আদি লোৱা দেখা যায়। বহুতে সময়ত লোণ আদায় দিবলৈ সক্ষম হয় আৰু বহুতো লোকে লোণ আদায় দিবলৈ সক্ষম নহয়। ফলত বহুতো সমস্যাৰ সন্মুখীন হয়।

কম উপাৰ্জন, অত্যাধিক খৰছ:- দেখা যায় যে কম উপাৰ্জন কৰা সকলেও দেখাক দেখি লোণ, EMI, Credit card আদি লৈ হলেও দামী বস্তু ক্ৰয়, বিদেশ ভ্ৰমণ, নতুন গাড়ী আদি ক্ৰয় কৰে। ফলত তেওঁলোক বিত্তীয় ক্ষেত্ৰত একে স্থানতে থাকিবলগীয়া হয়।

অপ্ৰয়োজনীয় খৰছ:- অপ্ৰয়োজনীয় খৰছ বুলি কলে shopping mall বা বজাৰত যিকোনো সামগ্ৰী দেখিলেই ক্ৰয় কৰিবলৈ মন কৰে কিন্তু জীৱনত তেওঁৰ সেই সামগ্ৰীৰ প্ৰয়োজনেই নাথাকে। ভাৰতৰ অধিকাংশ মধ্যবিত্ত শ্ৰেণীয়ে অধিক টকা অপ্ৰয়োজনীয় খৰছ, দেখাক দেখি যিকোনো বস্তু ক্ৰয় কৰে কিন্তু সম্পদ সৃষ্টি কৰিবলৈ খুব কম লোকেই আগবাঢ়ে।

অনলাইনত বজাৰ কৰা:- অনলাইনত লাগতিয়াল সামগ্ৰী ক্ৰয় কৰাটো ভাল কথা তাতে যদি সামগ্ৰীবিধ সস্তাত পোৱা যায় কিন্তু অলাগতিয়াল সামগ্ৰী সস্তাত পাইছোঁ বুলি ক্ৰয় কৰাটো উচিত নহয়। দৈনিক অনলাইনত বজাৰ কৰিলে মধ্যবিত্তই সঞ্চয় কৰিব কেতিয়া?
          যিকোনো বস্তু গুগলত অনুসন্ধান (Search) কৰিলে বা সামগ্ৰীৰ কথা ইণ্টাৰনেট অন থকা মোবাইলৰ ওচৰত আলোচনা কৰি থাকিলে, পিছত আপুনি অনুসন্ধান কৰা বা কথা পতা সামগ্ৰীবিধৰ বিজ্ঞাপন Google ads, Facebook ads আদিত দেখিবলৈ পাব আৰু বিজ্ঞাপন সমূহত বিভিন্ন অফাৰৰ সৈতে কিনিবলৈ আপোনাক আকৰ্ষণ কৰি থাকিব, ফলত আপোনাৰ কিনিবলৈ মন যাব পাৰে।

অনলাইনত পৰিশোধ আৰু ক্ৰেডিট কাৰ্ডৰ ব্যৱহাৰ:- বৰ্তমান Digital India ৰ যোগ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ২০১৫ চনত Digital India আৰু Cash less Payment ব্যৱহাৰ কৰিবলৈ ঘোষণা কৰা সময়ৰে পৰা ভাৰতত দ্ৰুত গতিত Online Payment আৰু অন্যান্য বিত্তীয় সেৱা সমূহ অনলাইনৰ মাধ্যমেৰে পৰিচালিত হৈছে। যিকোনো সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত মধ্যবিত্ত সকলে অনলাইনৰ যোগেৰে বিল পৰিশোধ কৰাৰ ফলত বেংক একাউণ্টৰ ধন কমি আহে। বিশেষকৈ অনলাইনত ধন আদায় দিলে বৰ বিশেষ অনুভৱ নকৰে যে সেই ধনৰ পৰিমাণ কিমান কিন্তু যদি কাগজী মুদ্ৰা দি বজাৰ কৰা যায় তেন্তে খৰছৰ পৰিমাণ অনুভৱ কৰিব পাৰে আৰু লাগতিয়াল সামগ্ৰীহে ক্ৰয় কৰা উচিত। Online Payment ৰ ব্যৱহাৰ বেয়া বুলি কোৱা নাই, Online Payment হোৱাৰে পৰা দেশৰ বিত্তীয় সেৱা সমূহ আগবাঢ়ি গৈছে কিন্তু Online Payment ৰ ক্ষেত্ৰত হিচাপত চলা উচিত।

ক্ৰেডিট কাৰ্ডৰ ব্যৱহাৰ:- ক্ৰেডিট কাৰ্ড (Credit card) হৈছে বেংকে জাৰি কৰা এক পৰিশোধ কাৰ্ড। ক্ৰেডিট কাৰ্ডৰ দ্বাৰা ব্যৱহাৰকাৰীয়ে সামগ্ৰী ক্ৰয় আৰু ধন আদায় কৰিব পাৰে। ক্ৰেডিট কাৰ্ডৰ পৰা খৰছ কৰা ধন বেংকত ঋণ হিচাপে জমা হয় আৰু পিছত পৰিশোধ কৰিব লাগে। ক্ৰেডিট কাৰ্ডত সূতৰ হাৰ প্ৰতিমাহে ২.৫ শতাংশৰ পৰা ৩.৫ শতাংশলৈ হয়। ক্ৰেডিট কাৰ্ডৰ সূতৰ মাচুল পৰিহাৰ কৰিবলৈ ক্ৰেডিট কাৰ্ডৰ বিল সময়মতে পৰিশোধ কৰিব লাগে।

ভাৰতৰ মধ্যবিত্তৰ ফান্দৰ পৰা কেনেকৈ ওলাব:- 

             ওপৰত আমি ভাৰতৰ মধ্যবিত্তৰ ফান্দ সমূহৰ বিষয়ে আলোচনা কৰিছোঁ। এই সমূহৰ পৰা পৰিত্ৰাণ পাবলৈ কিছু উপায় উল্লেখ কৰা হ'ল।

            ভাৰতৰ মধ্যবিত্তৰ ফান্দৰ পৰা পৰিত্ৰাণ পাবলৈ সকলোৱে উপাৰ্জনৰ লগত জড়িত কাম-কাজ কৰিব লাগিব, হিচাপত খৰছ কৰিব লাগিব, দেখাক দেখি যিকোনো সামগ্ৰী ক্ৰয় আদি কৰিব নালাগিব আৰু জৰুৰীকালীন অৱস্থাত সহায় হোৱাকৈ টকা সঞ্চয় কৰি ৰাখিব লাগে। আটাইতকৈ ডাঙৰ কথাটো হৈছে ভাৰতবৰ্ষৰ অধিকাংশ মানুহে বীমা (Insurance) আৰু বিনিয়োগ (Invest) নকৰে। ভাৰতৰ প্ৰতি বছৰে মুদ্ৰাস্ফীতিৰ হাৰ (Inflation Rate) গড়ে ৬.২ শতাংশ।



 এনে ক্ষেত্ৰত মুদ্ৰাস্ফীতিৰ হাৰক পিছ পেলাব পৰাকৈ বছৰি ১৫ শতাংশৰ পৰা ২০ শতাংশ ৰিটাৰ্ন দিব পৰা মিছুৱেল ফাণ্ডত (Mutual fund) টকা বিনিয়োগ কৰা উচিত। বিশেষকৈ Nifty50 Index Fund য়ে বছৰি ১৩ শতাংশ ৰিটাৰ্ন দিয়াৰ উপৰিও অন্যান্য মিছুৱেল ফাণ্ড যেনে - Nifty Midcap 150 Index fund, Nifty Smallcap 250 Index fund আদি চাব পাৰে। বিনিয়োগ সঠিক ভাৱে শিকিলে শ্বেয়াৰ বজাৰৰ পৰা ভাল ভাল লাভজনক কোম্পানীৰ শ্বেয়াৰ কিনি দীৰ্ঘদিনৰ বাবে ৰাখিলে বছৰি ২৫ শতাংশৰ পৰা ৫০ - ৬০ শতাংশ পৰ্যন্ত ৰিটাৰ্ন লাভ কৰিব পাৰে। কিন্তু জানি থওক যে দেশৰ অৱস্থা বেয়া ফালে গতি কৰিলে শ্বেয়াৰ মাৰ্কেট (Share Market), মিছুৱেল ফাণ্ড আদিও পতন হয়, সেয়ে ইয়াত Risk জড়িত হৈ থাকে। ২০২০ চনৰ কোভিড মহামাৰীৰ সময়ত Nifty50 Index ১২,০০০ ৰ পৰা ৮,০০০ লৈ নামিছিল, অৰ্থাৎ ২৯ - ৩০ শতাংশ পতন ঘটিছিল। বৰ্তমান ২০২৩ চনত ০৬/১১/২০২৩ তাৰিখ অনুসৰি - Nifty50 Index → ১৯,৪১১ চলি আছে।


 সেয়ে দীৰ্ঘদিনত Index fund, Mutual fund আৰু কিছু কিছু শ্বেয়াৰে ৰিটাৰ্ন দিবলৈ সক্ষম হয়। ভাৰতৰ FD (Fixed Deposit) ৰ বাৰ্ষিক ৰিটাৰ্ন মাত্ৰ - ৬.৫০ শতাংশৰ পৰা ৭ শতাংশ।

আমাৰ দ্বাৰা আগবঢ়োৱা বিনিয়োগ আৰু সেৱাসমূহ সকলো বিনিয়োগকাৰীৰ বাবে উপযুক্ত নহ'ব পাৰে। যদি বিনিয়োগৰ গুণাগুণ সম্পৰ্কে আপোনাৰ কোনো সন্দেহ আছে, আপুনি এজন স্বতন্ত্ৰ বিত্তীয় উপদেষ্টাৰ পৰা পৰামৰ্শ লোৱা উচিত।

ভাৰতবৰ্ষৰ মধ্যবিত্ত মানুহ বিপদত পৰি টকাৰ বাবে হাহাকাৰ কৰিবলগীয়া অৱস্থা হোৱা অন্য এটা কাৰণ হৈছে তেওঁলোকে বীমা (Insurance) নকৰে বা এই বিষয়ে জ্ঞাত নহয়। গাড়ী, বাইক ইঞ্চুৰেঞ্চ আমি এইবাবেই কৰোঁ যে - দুৰ্ঘটনা, চুৰি, প্ৰাকৃতিক দুৰ্যোগ আদিত হোৱা ক্ষতি আদি সামৰি লয়।
            জীৱন বীমাই - বীমা কৰি থোৱা ব্যক্তিজনৰ মৃত্যু হলে পৰিয়ালৰ সদস্যসকলক আর্থিকভাৱে সুৰক্ষা প্ৰদান কৰে আৰু জীৱন বীমাৰ বহুতো আঁচনি উপলব্ধ। সহজ অৰ্থত বীমাই কোনো বিপৰ্য্যয়ৰ ফলত হব পৰা আৰ্থিক লোকচানৰ পৰা মানুহক নিৰাপত্তা সুনিশ্চিত কৰে।
           স্বাস্থ্য বীমা (Health Insurance) হৈছে - বীমাকৃত ব্যক্তি আৰু আঁচনি অনুসৰি পৰিয়ালৰ সদস্যৰ ৰোগ, দুৰ্ঘটনা আদি ফলত উদ্ভৱ হোৱা চিকিৎসাৰ ব্যয় বহন কৰে।

সামৰণি:-

ভাৰতৰ মধ্যবিত্তৰ ফান্দৰ সম্পৰ্কে এই লিখনিত কিছু কথা উল্লেখ কৰিলোঁ। মধ্যবিত্ত শ্ৰেণীয়ে ওপৰত উল্লেখিত খৰছৰ বাটত খোজ লোৱাৰ বাবেই বিত্তীয় ক্ষেত্ৰত একে স্থানতে থাকিবলগীয়া হয়। ভৱিষ্যতৰ বাবে টকা সঞ্চয়, বিনিয়োগ, বীমা আৰু নিজকে কৰ্ম দক্ষতা কৰি গঢ়ি তুলিব পৰা শিক্ষা গ্ৰহণ কৰি দেশৰ এজন সুদক্ষ নাগৰিক হোৱা উচিত।

2 Comments

  1. সুন্দৰ লিখনি

    ReplyDelete
    Replies
    1. ধন্যবাদ জনালোঁ 🙏

      Delete
Previous Post Next Post