আৰম্ভণি:
বীমাৰ সম্পৰ্কে প্ৰাচীন কালৰ পৰাই বিশেষকৈ ঋষি মুনি সকলৰ দিনৰ পৰাই প্ৰচলিত হৈ আহিছে। ঋকবেদত 'যোগক্ষেমা' (Yogakshema) নামৰ ধাৰণা উল্লেখ আছে।
যোগক্ষেমাৰ 'যোগ' হৈছে - ধন, স্বাস্থ্য, জ্ঞান বা আধ্যাত্মিক ভাবে কিবা এটা লাভ কৰা আৰু 'ক্ষেমা' হৈছে - লাভ কৰা বস্তুটোক সুৰক্ষিত কৰা আৰু ৰক্ষণাবেক্ষণ প্ৰদান কৰা অৰ্থাৎ অধিগ্ৰহণ কৰা বস্তুটো হেৰুৱাব নোৱাৰাটো নিশ্চিত কৰা।
১৮১৮ চনত কলিকতাত Oriental Life Insurance Company প্ৰতিষ্ঠা কৰাৰ ফলস্বৰূপে ভাৰতবৰ্ষত জীৱন বীমা ব্যৱসায়ৰ আৰম্ভণি ঘটে। ১৮১৮ চনত জীৱন বীমা ব্যৱসায় ইংলেণ্ডৰ পৰা ভাৰতলৈ আহিছিল। কলিকতা ১৬৯০ চনৰ পৰা ১৯৪৭ চনলৈকে ইউৰোপীয় নিয়ন্ত্ৰণত আছিল।
ভাৰতবৰ্ষত জীৱন বীমা ব্যৱসায় ৰাষ্ট্ৰীয়কৰণ কৰিবলৈ ১৯ জানুৱাৰী, ১৯৫৬ চনত জীৱন বীমা অধ্যাদেশ জাৰি কৰিছিল, সেই সময়ত ভাৰতত থকা ২৪৫ টা ব্যক্তিগত জীৱন বীমা কোম্পানীক ৰাষ্ট্ৰীয়কৰণ কৰাৰ বাবে আগবাঢ়ে। ভাৰতৰ আগশাৰীৰ জীৱন বীমা কোম্পানী - ভাৰতীয় জীৱন বীমা নিগম চমুকৈ LIC ৰ আনুষ্ঠানিক শুভাৰম্ভ হয় ১ ছেপ্টেম্বৰ, ১৯৫৬ চনত। LIC ৰ সৈতে সেই ২৪৫ টা কোম্পানীক একত্ৰিত কৰি আগবাঢ়ে।
ভাৰতবৰ্ষত বীমা ব্যৱসায়ৰ ৰাষ্ট্ৰীয়কৰণ আইন ১৯৭২ চনত গৃহীত কৰা হৈছিল আৰু ১৯৭৩ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ সাধাৰণ বীমা ব্যৱসায় ৰাষ্ট্ৰীয়কৰণ কৰা হয়। সেই সময়ত ১০৭ টা বীমা প্ৰতিষ্ঠানক একত্ৰিত কৰি চাৰিটা কোম্পানীত লগ লগোৱা হয়। সেই চাৰিটা কোম্পানী আছিল - National Insurance Company Ltd. , The New India Assurance Company Ltd. , The Oriental Insurance Company Ltd. আৰু The United India Insurance Company Ltd. । এই সাধাৰণ বীমা সমূহে সম্পত্তি বীমা, ভ্ৰমণ বীমা, মটৰ বীমা, স্বাস্থ্য বীমা, শস্যৰ বীমা, সমুদ্ৰিক বীমা ইত্যাদি সামৰি লয়।
ভাৰতীয় বীমা কোম্পানীসমূহক Insurance Regulatory and Development Authority of India ই নিয়ন্ত্ৰণ কৰে। এই IRDAI প্ৰতিষ্ঠানটো ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ অধীনত থাকি সাধাৰণ বীমা, জীৱন বীমা কোম্পানীসমূহৰ পৰিচালনা আৰু কাৰ্যকলাপ নিৰক্ষৰ কৰে, পলিচিধাৰী সকলক সুৰক্ষা প্ৰদান কৰে, নতুন বীমা কোম্পানীসমূহৰ অনুজ্ঞাপত্ৰ বিতৰণ, কোম্পানী সমূহৰ অনুজ্ঞাপত্ৰ নৱীকৰণ ইত্যাদি কৰে। IRDA আইন ১৯৯৯ চনত প্ৰণয়ন কৰা হৈছিল আৰু ২০০০ চনৰ এপ্ৰিল মাহৰ পৰা IRDA কাৰ্য্যকৰী কৰা হৈছিল।
২০০০ চনৰ পৰা ২০২৪ চনলৈকে তথ্য অনুসৰি ৪০ শতাংশ ভাৰতীয় লোকৰ বীমা আছে। কাৰণ অধিকাংশ লোকৰে বীমাৰ বিষয়ে জ্ঞাত নহয় বুলিলেও হয়তো ভুল কোৱা নহব, ভাৰতীয় বিত্তীয় প্ৰতিষ্ঠান জিৰোধাৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) নিথিন কামাথে কয় যে - এবাৰ যদি হস্পিটেলত ভৰ্তি হ'ব লগীয়া হয় তেন্তে বেছিভাগ ভাৰতীয়ই আৰ্থিকভাৱে দুৰ্বল হৈ পৰিব। অৰ্থাৎ বৰ্তমান সময়ত চিকিৎসাৰ ব্যয় অত্যন্ত বৃদ্ধি পাইছে, আৰ্থিক দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ সেয়ে তেওঁ স্বাস্থ্য বীমা সকলোৰে থকাটো কয়।
Most Indians are just 1 hospitalisation away from bankruptcy. A good health insurance plan is mandatory. pic.twitter.com/9GzKpT6EE9
— Nithin Kamath (@Nithin0dha) August 30, 2024
বৰ্তমান সময়ত বীমাৰ বিষয়ে সকলোৱে অৱগত হোৱাটো অত্যন্ত প্ৰয়োজনীয়। সেয়ে আজি বীমাৰ বিষয়ে লিখিবলৈ আৰম্ভ কৰিছোঁ।
বীমা কি হয়?
বীমা হৈছে জীৱনত আহিব পৰা সমস্যা সমূহৰ আৰ্থিক সুৰক্ষাৰ কৱচ। অনিশ্চিত জীৱনত ভৰসা কৰি আগবাঢ়ি যাবলৈ বীমাই সাহস দিয়ে।
আমাৰ জীৱনত বীমা কিয় গুৰুত্বপূৰ্ণ?
বীমা হৈছে নিৰাপত্তাৰ প্ৰতিশ্ৰুতি। দৈনন্দিন জীৱনত কোনো অঘটন ঘটিলে বীমাই আৰ্থিক সুৰক্ষা প্ৰদান কৰে। সম্পত্তি ক্ষতি, যান-বাহন, অসুখ, দুৰ্ঘটনা ইত্যাদি বীমাই সামৰি লয়।
১/ পৰিয়ালৰ ভৱিষ্যত সুৰক্ষিত কৰে :- বীমাই পৰিয়ালৰ ভৱিষ্যত সুৰক্ষিত কৰে। জীৱন বীমাই পৰিয়ালৰ উপাৰ্জনকাৰী হঠাৎ মৃত্যু হ'লে পৰিয়ালৰ টকা পইচাৰ বিপদ নোহোৱাকৈ চলিবলৈ ধনৰাশি প্ৰদান কৰে।
২/ বিত্তীয় সুৰক্ষা প্ৰদান কৰে :- জীৱনত উপাৰ্জন কৰা টকা বীমা নকৰি কেৱল সঞ্চয় কৰিলে জীৱনত অহা যিকোনো বেমাৰ-আজাৰ, দুৰ্ঘটনা ইত্যাদিত সঞ্চিত টকা শেষ হৈ যাবও পাৰে কিন্তু সঞ্চয়ৰ লগতে বীমা কৰিলে বিত্তীয় সুৰক্ষা লাভ কৰিব পৰা যায়। দুৰ্ভাগ্যজনক ঘটনা সমূহত বীমাই আৰ্থিক ভাৱে সহায় কৰে।
৩/ সম্পত্তিৰ সুৰক্ষা প্ৰদান কৰে :- বীমাই সম্পত্তিৰ সুৰক্ষা প্ৰদান কৰে। ঘৰ, যান-বাহন, ব্যৱসায়িক প্ৰতিষ্ঠান ইত্যাদিৰ ক্ষতিপূৰণ সাধাৰণ বীমাই সামৰি লয়। ভাৰতত সেয়ে যান বাহনৰ বীমা আইনগত ভাবে বাধ্যতামূলক।
৪/ স্বাস্থ্য সেৱাত সুৰক্ষা প্ৰদান কৰে :- স্বাস্থ্য সেৱাৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ সময়ত দেশৰ জনতাৰ ব্যাপক অসুবিধাৰ সম্মুখীন হৈছে। স্বাস্থ্য বীমা থাকিলে চিকিৎসাৰ ক্ষেত্ৰত বিত্তীয় অসুবিধা নোহোৱাকৈ সেৱা লাভ কৰিব পৰা যায়।
৫/ মানসিক শান্তি প্ৰদান কৰে :- বীমাই মানসিক শান্তি প্ৰদান কৰে, কিয়নো জীৱন বাটতত আগবাঢ়ি যাবলৈ নানা ঘাট-প্ৰতিঘাতৰ বাধা নেওচি যাব লাগে তেনে ক্ষেত্ৰত যদি হঠাৎ দুৰ্যোগ আহে তেন্তে বীমাই সামৰি লয়। বীমাই বিত্তীয় ক্ষেত্ৰত সুৰক্ষা প্ৰদান কৰি মানসিক শান্তি বজাই ৰাখে।
বীমাত সঞ্চয়, বিনিয়োগ আৰু কৰ ৰেহাইৰ সুবিধাও আছে।
জীৱন বীমা, পেঞ্চন আঁচনি, Tax Saving Fixed Deposit, National Savings Certificate, ভৱিষ্যনিধি আঁচনি ইত্যাদিত (Income Tax Act) ভাৰতীয় আয়কৰ ১৯৬১ চনৰ আইন অনুসৰি 80C ধাৰাত কৰ দাতাই এটা বিত্তীয় বৰ্ষত ১.৫০ লাখ টকা পৰ্যন্ত কৰ ৰেহাই দাবী কৰিব পাৰে।
ভাৰতীয় আয়কৰ ১৯৬১ চনৰ আইন অনুসৰি 10D ধাৰাত পলিচি Maturity সময়ত কৰমুক্ত ধন লাভ কৰাত সহায় কৰে। এই ক্ষেত্ৰত চৰ্ত প্ৰযোজ্য থাকে।
ULIP অৰ্থাৎ Unit Linked Insurance Plan বীমা পলিচিত বীমা আৰু বিনিয়োগ দুয়োটা সুবিধা লাভ কৰিব পাৰে। এনে ধৰণৰ পলিচি সমূহ বিনিয়োগৰ ক্ষেত্ৰত চেয়াৰ বজাৰৰ উত্থান-পতনৰ লগত জড়িত হৈ থাকে। এই বীমা আঁচনি ভাৰতীয় আয়কৰ ১৯৬১ চনৰ আইন 80C ধাৰা আৰু 10D ধাৰাৰ অন্তৰ্গত।
এণ্ডোমেণ্ট বীমা পলিচি সমূহে (Endowment Policy) বীমা আৰু সঞ্চয়ৰ সুবিধা একেলগে আগবঢ়াই। এই আঁচনি সমূহ ভাৰতীয় আয়কৰ ১৯৬১ চনৰ আইন 80C ধাৰা আৰু 10D ধাৰাৰ অন্তৰ্গত।
বীমাৰ প্ৰকাৰ সমূহ :-
জীৱন বীমাৰ অন্তৰ্গত - Term Insurance, এণ্ডোমেণ্ট পলিচি, ULIP পলিচি , Retirement Plans, Whole Life Insurance
সাধাৰণ বীমাৰ অন্তৰ্গত - স্বাস্থ্য বীমা, সম্পত্তি বীমা, মটৰ বীমা, ব্যৱসায়িক বীমা, ভ্ৰমণ বীমা
বীমাই (Insurance) মূলতঃ ক্ষতি, দুৰ্ঘটনা, বিপদাশংকাত সুৰক্ষা প্ৰদান কৰে।
আপুনি বীমা (Insurance) অনলাইনত কিনিব নে বীমা এজেন্টৰ পৰা কিনিব?
আপুনি যদি বীমাৰ বিষয়ে পূৰ্বৰে পৰা অভিজ্ঞ, পলিচি সমূহৰ বিষয়ে পুংখানুপুংখভাৱে অনলাইনত চাই বুজি পায় আৰু অনলাইনত বীমা প্ৰতিষ্ঠানৰ সৈতে যোগাযোগ কৰিব পাৰে, যেনে হঠাৎ ই-মেইলৰ কথোপকথন, ফোনত যোগাযোগ ব্যৱস্থা, অনলাইনত টকা পঠাব পাৰে তেন্তে অনলাইনত আপুনি বীমা পলিচি সমূহ চাব পাৰে কিন্তু আপুনি যদি পলিচি সমূহৰ সম্পৰ্কে জটিল চৰ্তবোৰ বুজাত অসুবিধা পায়, বীমা দাবী নিষ্পত্তি কৰা সময়ত যোগাযোগ সমূহৰ বিষয়ে নাজানে, বীমা পলিচিসমূহৰ সম্পৰ্কে এজন ব্যক্তিৰ দ্বাৰা ভালদৰে বুজি পাবলৈ বিচাৰে তেন্তে এজেন্টৰ সৈতে আলোচনা কৰি পলিচি বাচনি কৰিব পাৰে।
বীমা কেনেকৈ দাবী কৰিব?
দুৰ্যোগ, দুৰ্ঘটনা, ক্ষতিৰ সময়ত বীমা কৰি থোৱা টকা পাবলৈ হ'লে বীমা কৰি থোৱা কোম্পানীক অৱগত কৰিব লাগে। ইমেইল, ফোন বা TPA লগত যোগাযোগ কৰিব লাগে। TPA অৰ্থাৎ (Third Party Administrator) য়ে বীমা কোম্পানী আৰু বীমা কৰোৱা সকলৰ মাজত মধ্যস্থতাকাৰী হিচাপে কাম কৰে। TPA য়ে IRDAI (Insurance Regulatory and Development Authority of India) ৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত সংস্থা।
বীমা নিষ্পত্তি হাৰ কি হয়? (Insurance Settlement Rate)
বীমা কোম্পানী সমূহে এটা বিত্তীয় বৰ্ষত তেওঁলোকৰ বীমা দাবী নিষ্পত্তি সমূহৰ পৰিমাপণ। বীমা কোম্পানীসমূহৰ প্ৰতিশ্ৰুতিৰ সমান্তৰাল ভাৱে বীমা নিষ্পত্তি কৰিব পাৰিছে নে পৰা নাই সেইবোৰ Insurance Settlement Rate ত জানিব পাৰি। Insurance Regulatory and Development Authority of India ই বীমা দাবী নিষ্পত্তিৰ অনুপাত(Claim Settlement Rate) CSR প্ৰতি বছৰে প্ৰকাশ কৰে।
সামৰণি:
আজি বীমাৰ বিষয়ে মুখ্যতঃ কথাসমূহ চুই যাবলৈ চেষ্টা কৰিলোঁ। বৰ্তমান সময়ত বীমাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বীমাৰ (Insurance) ৰ সজাগতা বৃদ্ধিৰ লক্ষ্যৰে আগবঢ়ালো। বীমাই জীৱনৰ বিত্তীয় ক্ষেত্ৰত সুৰক্ষিত কৰি অনিশ্চয়তাবোৰত সহায় কৰে, গতিকে বীমাই জীৱনকালত আৰু পিছতো উল্লেখযোগ্য ভূমিকা পালন কৰে।
