GoDaddy ৰ Domain Name কেনেকৈ গুগল ব্লগাৰৰ সৈতে সংযোগ কৰিব

 


 GoDaddy ৰ domain name গুগল ব্লগাৰৰ সৈতে সংযোগ কৰিবলৈ হলে -

১/  আপুনি প্ৰথমে GoDaddy একাউণ্ট খুলি My Products Option ক্লিক কৰিব। 


২/ My Products Option ক্লিক কৰাৰ পিছতে ওলাব Domain name, আপোনাৰ domain name ৰ কাষতে থকা DNS Option ত ক্লিক কৰিব।



৩/ DNS ক্লিক কৰা পিছত Records পাব, 
এই Records পেজ খন এনেকৈ থৈ ব্ৰাউজাৰৰ new tab ত গুগল ব্লগাৰ খুলি লব।

৪/ New tab ত গুগল ব্লগাৰ খুলি গুগল ব্লগাৰৰ আপোনাৰ subdomain একাউন্টৰ settings option ত ক্লিক কৰিব।

৫/ Settings ৰ Publishing বিভাগত থকা Custom domain 
option ত ক্লিক কৰিব।

৬/ Custom domain ত আপোনাৰ ৱেবচাইটৰ ঠিকনা দিব। উদাহৰণ স্বৰূপে - www.example.com / বা আপোনাৰ domain name extension যিকোনো হব পাৰে - .in, .org, .in.org ইত্যাদি। domain name দি save button ত ক্লিক কৰিব।


৭/ Save button ত ক্লিক কৰা পিছতে ৰঙা ৰঙৰ আখৰ কিছুমান ওলাব, তাৰ পৰা CNAMEs - Name - www, Destination ghs.google.com আৰু দ্বিতীয় Name আৰু Destination দিব লাগিব আপুনি GoDaddy ৰ domain name ৰ DNS ত।


৮/ আপুনি থৈ দিয়া GoDaddy Domain name DNS Records পেজলৈ গৈ GoDaddy ৰ CNAME - Host - www দিয়া থাকেই আৰু Points to ত - ghs.google.com দি save কৰিব।



৯/ তাৰ পিছত গুগল ব্লগাৰত থকা ৰঙা ৰঙৰ দ্বিতীয় Name (কিছুমান কোড) আৰু Destination (Google Hosted) (কিছুমান কোড) copy কৰি GoDaddy ৰ Domain name DNS ৰ CNAME ৰ Host ত Name আৰু  Points to ত Destination দি Save কৰিব।

১০/ গুগল ব্লগাৰ Custom Domain পেজলৈ আহি save option ক্লিক কৰিব। 

১১/ গুগল ব্লগাৰৰ Redirect domain ON কৰিব, HTTPS availability ON কৰিব, HTTPS redirect ON কৰিব।



১২/ তাৰ পিছত GoDaddy ৰ DNS ত A records দি চাৰিটা Google IPs দিব লাগিব। 
Google IPs কেইটা ক্ৰমে - 
● 216.239.32.21
●216.239.34.21
●216.239.36.21
●216.239.38.21

এই Google IPs কেইটা এটা এটাকৈ GoDaddy Domain name DNS ত A records ত save কৰিব লাগিব। Type - A / Host - @ / Points to - 216.239.32.21 / দি save কৰিব। প্ৰথমটো save কৰা ধৰণেৰে গোটেইকেইটা save কৰিব লাগিব। 


মুঠ দিবলগীয়া Records 

 এইখিনি কৰি হোৱা এক ঘণ্টাৰ পিছত আপোনাৰ domain name গুগল ব্লগাৰৰ সৈতে লিংক হ'লনে নাই গুগল ব্লগাৰৰ view blog ত ক্লিক কৰি পৰীক্ষা কৰিব।

2 Comments

  1. মইও এটা ব্লগৰ আৰম্ভণি কৰিছো । কিন্তু বহু খিনি কথাই জানিবলৈ আছে । আপোনাৰ লিখনিৰ পৰা বহু খিনিয়ে জানিলো । আৰু কিছু কথা জানিব লগা আছে , আপোনাৰ সহায় পাম বুলি আশা কৰিলো । আপোনাক যোগাযোগ কৰিব পৰা মোবাইল নম্বৰটো পাম বুলি আশা কৰিলো ।

    ReplyDelete
    Replies
    1. নিশ্চয়, যিমান পাৰোঁ জনা খিনি শিকাবলৈ চেষ্টা কৰিম, অনুগ্ৰহ কৰি আমালৈ ই-মেইল কৰিব। ই-মেইলৰ ঠিকনা - puhorbisarijau@gmail.com

      Delete
Previous Post Next Post