জানো আহক আমি ৱেবছাইট বা ব্লগ তৈয়াৰ কৰোঁতে Custom Domain Name কিয় লব লাগে আৰু Custom Domain Name ক্ৰয় কৰাৰ আগতে জানিবলগীয়া কেইটামান কথা

 


 নমস্কাৰ বন্ধু-বান্ধৱী সকল, আপোনালোক সকলোকে আমাৰ puhorbisarijau.in লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম - আমি ৱেবছাইট বা ব্লগ তৈয়াৰ কৰোঁতে Custom Domain Name কিয় লব লাগে আৰু Custom Domain Name ক্ৰয় কৰাৰ আগতে জানিবলগীয়া কেইটামান কথা। গতিকে পলম নকৰি আলোচনাৰ মাজলৈ আগবাঢ়ো।

প্ৰথমে জানো আহক আমি ৱেবছাইট বা ব্লগ তৈয়াৰ কৰোঁতে Custom Domain Name কিয় লব লাগে?


চমুকৈ Domain Name হৈছে ইণ্টাৰনেট জগতৰ একো একোটা পৰিচয় (Identity), যেনেকৈ এটা ফোন নম্বৰে এজন মানুহ/ এটা প্ৰতিষ্ঠানৰ পৰিচয় বহন কৰে। Custom domain name হৈছে domain name ক্ৰয় কৰিব পৰা ৱেবচাইটসমূহৰ পৰা নিজ নিজ পছন্দ অনুসৰি যিকোনো domain name extension সমূহৰ সৈতে ক্ৰয় কৰে। Domain name extension সমূহ যেনে - .com, .in, .org, .xyz, .net, .edu, .website ইত্যাদি। কেইটামান domain name প্ৰদানকাৰী ৱেবচাইটৰ নাম হৈছে - GoDaddy.comdomains.google.comHostinger.inBigRock.in ইত্যাদি।
 GoDaddy.com

domains.google.com



১/ Custom domain name আমি ৱেবচাইট/ব্লগ আদিত সংযোগ কৰা ফলত ৱেবচাইট/ব্লগ চাবলৈ অহা viewers সকলে বিশ্বাসত লব পাৰে লগতে viewers সকলক তেওঁলোকে বিচৰা বিষয়ৰ ওপৰত সম্পূৰ্ণ আৰু শুদ্ধ তথ্য উপস্থাপন কৰি সন্তুষ্টি প্ৰদান কৰিব পাৰিব লাগিব।

২/ Custom domain name ৱেবছাইট/ব্লগ আদিত ব্যৱহাৰ কৰিলে viewers ৰ মনত থাকি যায় কাৰণ Custom domain name সাধাৰণ। যেনে - www.example.com

৩/ Custom domain name SEO - Search Engine Optimization ৰ বাবে উপযুক্ত।

৪/ Custom domain name ত Google Adsense Approval পাবলৈ সক্ষম হয়।

৫/ এটা Custom domain name ব্যৱহাৰ কৰি বহুতো subdomain name ৰ সৃষ্টি কৰিব পাৰি। যেনে - আপোনাৰ ৱেবচাইট/ব্লগৰ নাম - www.example.com → Subdomain name বনাব পাৰে যেনে - as.example.com, job.example.com, en.example.com, cupon.example.com ইত্যাদি।

৬/ Custom domain name ব্যৱহাৰ কৰি Professional Email address তৈয়াৰ কৰিব পাৰে। যেনে - help@example.com, contact@example.com ইত্যাদি।

৭/ Custom domain name Search engine ৰ বাবে উপযুক্ত। Subdomain তকৈ Custom domain name ৰ ৱেবছাইট/ব্লগ আদি Google Search Engine, Yahoo Search Engine, Bing Search Engine আদিত প্রথম পৃষ্ঠাত উপলব্ধ কৰিবলৈ সহজ আৰু Search Engine Algorithm সমূহে Share ৰ ওপৰত ভিত্তি কৰি, SEO আদিৰ ওপৰত ভিত্তি কৰি Search engine ৰ প্ৰথম পেজত প্ৰাপ্ত কৰায়।

৮/ Custom domain name Search engine ত বিচাৰিবলৈ সহজ, আপুনি যিকোনো বিষয়ৰ ওপৰত Search কৰিলে সেই বিষয়ৰ সৈতে জড়িত Niche Blogs/Websites সমূহ প্ৰাপ্ত কৰাব।

Custom Domain Name ক্ৰয় কৰাৰ আগতে জানিবলগীয়া কেইটামান কথা :-


Custom domain name ক্ৰয় কৰোঁতে আপোনাৰ পকেটৰ ধন দিয়াৰ আগতে কেইটামান কথা চাবলগীয়া।

১/ Trademarks থকা Domain name ক্ৰয় কৰিব নালাগে। উদাহৰণ স্বৰূপে - whatsappindia.com ক্ৰয় কৰিলে, কিন্তু WhatsApp Trademark থকা প্ৰতিষ্ঠান, তেওঁলোকে ইচ্ছা কৰিলে আপোনাৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব পৰা ক্ষমতা থাকে আৰু আপুনি জৰিমনা ভৰিবও পাৰে, সেয়ে Trademark Check কৰি Domain name ক্ৰয় কৰিব। Trademark Check কৰিবলৈ ৱেবছাইটৰ ঠিকনা - https://vakilsearch.com/trademark-search

২/ Domain name পৰাপক্ষত চুটি হলে ভাল। Domain Name মনত ৰাখিবলৈ চুটি হলে সহজ হয়।

৩/ Domain name এটা ক্ৰয় কৰাৰ আগতে চাব লাগে যে Domain name টো আগতে কোনো লোকে বা প্ৰতিষ্ঠানে ব্যৱহাৰ কৰিছে নেকি! যদি আপুনি ক্ৰয় কৰিবলৈ লোৱা domain name টো আগতে ব্যৱহাৰ কৰিছিল তেন্তে ভাল কামত ব্যৱহাৰ কৰিছিল নে বেয়া কামত ব্যৱহাৰ কৰিছিল সেয়া চাব লাগে। যদি Google ৰ দৰে আগশাৰীৰ Search Engine প্ৰতিষ্ঠানে Black listed কৰি থৈছে আপুনি কেনেকৈ জানিব? আপুনি জানিব পাৰিব Wayback Machine নামৰ ৱেবচাইটৰ যোগেদি। wayback machine ৱেবচাইটত Domain name check কৰি আগতে সেই domain name যদি ব্যৱহাৰ কৰিছিল তেন্তে সেই domain name থকা ৱেবছাইট কেনেকুৱা ধৰণৰ আছিল চাই আপুনি অনুমান কৰিব পাৰিব। Wayback machine ৱেবছাইটৰ লিংক - https://archive.org/web/ 

তলত উদাহৰণ স্বৰূপে YouTube.com ২০০৮ চনৰ ৫ ফেব্ৰুৱাৰীত কেনেকুৱা আছিল সেয়া Wayback Machine ৰ যোগেদি দেখুৱাবলৈ চেষ্টা কৰিলোঁ।
Step 1

Step 2

Step 3

Step 4

Step 5


সামৰণি :- 

প্রিয় বন্ধু-বান্ধৱীসকল, আজি আমি ৱেবছাইট বা ব্লগ তৈয়াৰ কৰোঁতে Custom Domain Name কিয় লব লাগে আৰু Custom Domain Name ক্ৰয় কৰাৰ আগতে জানিবলগীয়া কেইটামান কথাৰ পৰা আপোনালোক উপকৃত হৈছে বুলি ভাবিছো, puhorbisarijau.in ৰ লেখনিৰ যোগেদি আপোনালোকৰ উপকাৰ সাধন হলেই আমি সফল হৈছোঁ বুলিব পাৰিম, সেয়ে আপোনালোকৰ কিবা কথা সুধিবলগীয়া থাকিলে তলত থকা কমেণ্ট বক্সত কমেণ্ট কৰিব, ধন্যবাদ।


Post a Comment

Previous Post Next Post