পৰিৱেশ সজাগতা অভিযান

 


বায়ু প্ৰদূষণ বৰ্তমান সময়ৰ এক প্ৰধান বিপদজনক পৰিৱেশজনিত সমস্যা। বায়ু প্ৰদূষণ মূলতঃ বায়ুমণ্ডলত প্ৰাকৃতিক বা মানুহৰ কাম-কাজৰ ফলত অতিৰিক্তভাৱে সংযোজিত বিভিন্ন গেছ, ধোৱা, ছাই আৰু কণা-পদাৰ্থ আদিৰ বাবে সংঘটিত হয়। জনসংখ্যা বিস্ফোৰণ, দ্ৰুত নগৰীকৰণ, ক্ষিপ্ৰ ঔদ্যোগিকৰণ, মানুহৰ জীৱন ধাৰণ প্ৰণালীৰ পৰিৱৰ্তন আদিয়ে বায়ু প্ৰদূষণৰ প্ৰকোপ দিনক দিনে বঢ়াই আনিছে।


বিশ্ব স্বাস্থ্য সংস্থা (World Health Organization) ৰ মতে - বায়ু প্ৰদূষণ এককভাৱে জনস্বাস্থ্যৰ বাবে ডাঙৰ বিপদৰ আশংকা হৈ পৰিছে।

২০১২ চনত বায়ু প্ৰদূষণৰ ফলত প্ৰায় ৭০ লক্ষ মানুহৰ মৃত্যু ঘটিছিল।

বিশ্বৰ প্ৰতি ৮ টা মৃত্যুৰ ভিতৰত এটাৰ কাৰণ বায়ু প্ৰদূষণ।

মানুহৰ স্বাস্থ্যৰ ওপৰত বায়ু প্ৰদূষণৰ প্ৰভাৱ পূৰ্বতে অনুমান কৰাতকৈয়ো বহুত বেছি বুলি প্ৰমাণিত হৈছে, বিশেষকৈ হৃদৰোগ, ষ্ট্ৰ'ক আৰু হাওঁফাওঁৰ ৰোগৰ ক্ষেত্ৰত।

বায়ু প্ৰদূষণৰ প্ৰভাৱ দক্ষিণ-পূৱ এছিয়াৰ দেশসমূহকে ধৰি আন আন নিম্ন আৰু মধ্য আয়ৰ দেশসমূহত বেছিকৈ পৰা দেখা যায়।

ৰাষ্ট্ৰ সংঘৰ পৰিৱেশ আঁচনি (United Nations Environment Programme) ৰ মতে পৃথিৱীৰ প্ৰায় ১১০ কোটি মানুহে প্ৰদূষিত বায়ু সেৱন কৰে।

বায়ু প্ৰদূষণৰ প্ৰায় ৫০ শতাংশই যান-বাহনৰ পৰা হোৱা।

বছৰি বিশ্বৰ নগৰীয়া জনসংখ্যাৰ প্ৰায় ১৩ লক্ষৰ মৃত্যু কেৱল বায়ু প্ৰদূষণৰ ফলত হয়।

বায়ু প্ৰদূষণৰ কাৰণ :- বিভিন্ন প্ৰাকৃতিক কাৰক, যেনে - আগ্নেয়গিৰি, বনজুই, ধূলিৰ ধুমুহা আদিয়ে সময়ে সময়ে বায়ু প্ৰদূষণ কৰিলেও বৰ্তমানৰ বৰ্দ্ধিত বায়ু প্ৰদূষণৰ সমস্যা মানুহৰ বিভিন্ন কাম-কাজৰ প্ৰত্যক্ষ বা পৰোক্ষ ফল, যেনে - ঘৰুৱা কাম-কাজ, কল-কাৰখানা, যান-বাহন আদি ক্ষেত্ৰসমূহত জীৱাশ্ম ইন্ধনৰ দহন।

কৃষিৰ লগত জড়িত বিভিন্ন কৰ্ম, যেনে - শস্যৰ অৱশিষ্ট জ্বলোৱা, কীটনাশক আৰু পেষ্টনাশক ৰাসায়নিক দ্ৰব্যৰ অবিজ্ঞানসন্মত প্ৰয়োগ।

খনন কাৰ্য্যৰ প্ৰভাৱ।

নিৰ্মান কাৰ্য্যৰ প্ৰভাৱ।

পৰিবহন, শক্তি, আৱৰ্জনা পৰিচালনা, উদ্যোগ, নগৰ পৰিচালনা আদি ক্ষেত্ৰসমূহৰ অবহনক্ষম পৰিচালনা পদ্ধতি।

মানুহৰ জীৱন ধাৰণ প্ৰণালী আৰু পছন্দৰ আমূল পৰিবৰ্তন।

৭ টা প্ৰধান বায়ু প্ৰদূষক - নাইট্ৰ'জেন ডাই-অক্সাইড, চালফাৰ ডাই-অক্সাইড, কাৰ্বন মন'অক্সাইড কাৰ্বন ডাই-অক্সাইড, অ'জন, লিড আৰু কণা - পদাৰ্থ।

বায়ু প্ৰদূষণৰ প্ৰভাৱ - বায়ু প্ৰদূষণ বিভিন্ন ৰোগ, যেনে - হাওঁফাওঁৰ ৰোগ, হৃদৰোগ, কৰ্কট ৰোগ, উচ্চ ৰক্তচাপ, শ্বাস-প্ৰশ্বাসজনিত ৰোগ, চৰ্মৰোগ আদিৰ কাৰণ হ'ব পাৰে।

সামগ্ৰিক পৰিবেশৰ ভাৰসাম্যহীনতা।

উদ্ভিদৰ শ্ৰীবৃদ্ধি আৰু আন আন জীৱ-জন্তুৰ বিভিন্ন হানি।

ইতিহাস প্ৰসিদ্ধ কীৰ্তিস্তম্ভ, স্মাৰক আদিৰ ক্ষতি।

শস্য উৎপাদনত প্ৰভাৱ।

বায়ুমণ্ডলৰ গ্ৰীণহাউচ প্ৰভাৱ বৃদ্ধিত আৰু জলবায়ু পৰিৱৰ্তনত অৰিহণা।

বায়ু প্ৰদূষণ ৰোধ কৰাৰ উপায় - জীৱাশ্ম ইন্ধন ব্যৱহাৰত মিতব্যয়ী হোৱা।

যান-বাহনৰ ব্যৱহাৰ সীমিত কৰা আৰু সম্ভৱ ক্ষেত্ৰত চাইকেলত যোৱা বা খোজকঢ়াৰ অভ্যাস কৰা।

সম্ভৱ ক্ষেত্ৰত ৰাজহুৱা পৰিবহন সেৱা ব্যৱহাৰ কৰা আৰু কাৰপুলিং কৰা।

ৰাজহুৱা পৰিবহন সেৱাৰ মান উন্নত কৰা আৰু নগৰ-চহৰবোৰত চাইকেল চলোৱাৰ বাবে সুকীয়া পথ বা লেনৰ ব্যৱস্থা কৰা।

ঔদ্যোগিক ক্ষেত্ৰত ক্লিন্ টেকন'লজিৰ ব্যৱহাৰ নিশ্চিত কৰা।

উদ্যোগ ক্ষেত্ৰৰ চৌপাশে আৰু চৌহদৰ ভিতৰত, চহৰ অঞ্চলৰ বাট-পথৰ দুয়োকাষে আৰু মুকলি অঞ্চলসমূহত যথেষ্ট পৰিমাণে স্থানীয় প্ৰজাতিৰ চিৰসেউজীয়া গছ ৰোপন কৰা।

যান-বাহনৰ নিয়মীয়া মেৰামতি কৰা আৰু এইবোৰ নিৰ্দিষ্ট গতিত চলোৱা।

অপৰম্পৰাগত আৰু নৱীকৰণযোগ্য শক্তি সম্পদ, যেনে - সৌৰ শক্তি, বতাহৰ শক্তি, সাগৰৰ ঢৌৰ শক্তি, ভূ-তাপৰ শক্তি আদিৰ আহৰণ আৰু ব্যৱহাৰত গুৰুত্ব প্ৰদান।

আৱৰ্জনাৰ মুক্ত দহনৰ পৰা বিৰত থকা।

বিধিগত ব্যৱস্থা সমূহৰ কঠোৰ প্ৰয়োগৰ লগতে জনসাধাৰণৰ সহযোগিতা আৰু অংশ গ্ৰহণ।

[ অপৰম্পৰাগত আৰু নৱীকৰণযোগ্য শক্তি সম্পদ আহৰণ আৰু ব্যৱহাৰত গুৰুত্ব দিয়ক]


সাম্প্ৰতিক সময়ত বায়ু প্ৰদূষণ আমাৰ দেশত মহাসংকট হিচাপে দেখা দিছে। বিশেষকৈ নগৰ-চহৰ সমূহত। ২০১৪ চনৰ বিশ্ব স্বাস্থ্য সংস্থাৰ এক সমীক্ষা মতে ভাৰতৰ ৰাজধানী দিল্লী বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি প্ৰদূষিত চহৰ। ইয়াৰ উপৰিও ভাৰতৰ আন কেইবাখনো চহৰ বিশ্বৰ প্ৰদূষিত চহৰৰ তালিকাৰ শীৰ্ষত আছে। ভাৰতত বায়ু প্ৰদূষণ পঞ্চম বৃহৎ মৃত্যুৰ কাৰণ হৈ পৰিছে। বিভিন্ন অধ্যয়নত পোৱা তথ্য মতে আমাৰ নগৰ-চহৰবোৰত হোৱা বায়ু প্ৰদূষণৰ মূল কাৰণ হ'ল - যান-বাহনৰ পৰা হোৱা প্ৰদূষণ।
   
   প্ৰদূষণ ৰোধ প্ৰতিজন নাগৰিকৰে নৈতিক দায়িত্ব। আহক, আমি অভ্যাস পৰিৱৰ্তন আৰু বিকল্প পদ্ধতি প্ৰয়োগেৰে বায়ু প্ৰদূষণ ৰোধ কৰোঁ।

( প্ৰদূষণ মুক্ত পৰিবেশ গঢ়াৰ হকে জনসজাগতা আনিবৰ বাবে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰকাশিত আৰু প্ৰচাৰিত। সম্পাদনা - শ্ৰীকান্তেশ্বৰ কলিতা )

Post a Comment

Previous Post Next Post