আচৰণ বিধিৰ বিষয়ে অসমীয়াত Code of Conduct



 আচৰণ বিধি Code of Conduct :-

 আচৰণ বিধি হৈছে দায়িত্ব, নিয়মৰ সংহতি। আচৰণ বিধি প্ৰয়োগ যিকোনো সংগঠন, ব্যক্তিগত দল, ৰাজনৈতিক দল, ব্যৱসায়িক প্ৰতিষ্ঠান আদি সকলোতে প্ৰয়োজন অনুসৰি কৰা হয়।

   আচৰণ বিধি প্ৰয়োগৰ দ্বাৰা ব্যক্তিগত দল, ৰাজনৈতিক দল, সংগঠন, ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী প্ৰতিষ্ঠান আদিত নীতি, অভিযান, মূল্যবোধ আদিৰ দ্বাৰা আচৰণৰ মানদণ্ড নিৰূপণ কৰে।

ব্যক্তিগত দল, ৰাজনৈতিক দল, ব্যৱসায়িক প্ৰতিষ্ঠান, সংগঠন আদি সমূহত ভুল নৈতিকতা বিধিৰ পৰা পৃথক কৰি আচৰণ বিধি প্ৰয়োগৰ দ্বাৰা মূল্যবোধ, দায়িত্ব, নিয়মৰ সংহতিৰে পৰিচালনা কৰা হয়।

আচৰণ বিধি (Code of Conduct) আৰু নৈতিকতা বিধি (Code of Ethics) ৰ মাজত পাৰ্থক্য হ'ল:-


১/ আচৰণ বিধিত (Code of Conduct) সংগঠন, ব্যক্তিগত দল, ৰাজনৈতিক দল, ব্যৱসায়িক প্ৰতিষ্ঠানৰ সদস্যসকল বা কৰ্মচাৰী সকলে নিৰ্দিষ্ট পৰিস্থিতিত কেনেদৰে কাম কৰিব লাগে সেয়া নিৰ্ধাৰণ কৰি দিয়ে আনহাতে নৈতিকতা বিধি (Code of Ethics) ত সদস্যসকল বা কৰ্মচাৰীসকলক কেনেধৰণৰ সিদ্ধান্ত গ্রহণযোগ্য, আচৰণসমূহৰ ধাৰণা প্ৰদান কৰে।

২/ আচৰণ বিধি (Code of Conduct) ত নিয়মসমূহ নিৰ্দিষ্ট নিৰ্দেশনালৈ পৰিৱৰ্তন কৰে, সেই নিৰ্দেশনাসমূহ ব্যক্তিগত দল, ৰাজনৈতিক দল, ব্যৱসায়িক প্ৰতিষ্ঠান, সংগঠন আদি সমূহে অনুসৰণ কৰিব লাগিব। আচৰণ বিধি নিৰ্দিষ্ট প্ৰকৃতিৰ আনহাতে নৈতিকতা বিধি (Code of Ethics) সাধাৰণ প্ৰকৃতিৰ।

৩/ আচৰণ বিধি (Code of Conduct) সংগঠন, ব্যক্তিগত দল, ৰাজনৈতিক দল, ব্যৱসায়িক প্ৰতিষ্ঠান আদিৰ কৰ্মী, সদস্যসকলেহে অনুসৰণ কৰিব লাগিব আনহাতে নৈতিকতা বিধি (Code of Ethics) ৰাজহুৱাভাৱে উপলব্ধ, নৈতিকতা বিধিৰ সৈতে যিকোনো লোকে সংযুক্ত হ'ব পাৰে।

৪/ আচৰণ বিধি (Code of Ethics) য়ে ব্যক্তিগত দল, ৰাজনৈতিক দল, সংগঠন, ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ কাৰ্য্যসমূহ নিয়ন্ত্ৰণ কৰে আনহাতে নৈতিকতা বিধিয়ে (Code of Ethics) বিচাৰ সমূহ নিয়ন্ত্ৰণ কৰে।

নিৰ্বাচনৰ আদৰ্শ আচৰণ বিধি (Model Code of Conduct) ভাৰতত পোন প্ৰথমে ১৯৬০ চনত কেৰেলা ৰাজ্যত প্ৰৱৰ্তন কৰা হৈছিল।

ভাৰতৰ নিৰ্বাচন আয়োগৰ আদৰ্শ আচৰণ বিধি সমূহ (Election Commission of India Model Code of Conduct) :-


১/ কোনো দলৰ প্ৰাৰ্থীয়ে বিভিন্ন জাতি, ধৰ্ম, সম্প্ৰদায়, বিভিন্ন ভাষা-ভাষী মানুহৰ মাজত উত্তেজনা, পাৰস্পৰিক ঘৃণাৰ সৃষ্টি কৰিব নোৱাৰিব।

২/ দল আৰু প্ৰাৰ্থীসকলে ব্যক্তিগত জীৱনৰ সকলো সমালোচনাৰ পৰা বিৰত থাকিব লাগিব, কোনো প্ৰমাণ নোহোৱা অভিযোগৰ ওপৰত ভিত্তি কৰি সমালোচনা কৰিব নোৱাৰিব।

৩/ মন্দিৰ, মছজিদ, গীৰ্জা বা অন্যান্য উপাসনা স্থানত নিৰ্বাচনী প্ৰচাৰৰ মঞ্চ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব। ভোট পাবৰ বাবে জাতি, সম্প্ৰদায়কলৈ কোনো প্ৰচাৰ কৰিব নোৱাৰিব।

৪/ ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে ভোটাৰক ভাবুকি দিব নোৱাৰিব, টকা দিব নোৱাৰিব, ভোট কেন্দ্ৰৰ ১০০ মিটাৰৰ ভিতৰত প্ৰচাৰ কৰিব নোৱাৰিব আৰু নিৰ্বাচনলৈ ৪৮ ঘণ্টা থকাৰ পিছত জনসভা আয়োজন কৰিব নোৱাৰিব।

৫/ ৰাজনৈতিক দল সমূহে বা প্ৰাৰ্থীসকলে ৰাজনৈতিক মতামত আৰু কাৰ্যকলাপত বিৰোধ কৰিব পাৰে কিন্তু মতামত আৰু কাৰ্যকলাপৰ বিৰুদ্ধে ঘৰৰ সন্মুখত কোনোধৰণৰ প্ৰতিবাদ কৰিব নোৱাৰিব।

৬/ অনুমতি অবিহনে কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে দলৰ পতাকা, বেনাৰ, শ্লোগান লিখা আদি কৰিব নোৱাৰিব যিকোনো ব্যক্তিৰ ভূমি, ভৱন, বেৰ আদিত।

৭/ এটা ৰাজনৈতিক দলে শোভাযাত্ৰা উলিওৱা স্থানত আন এটা ৰাজনৈতিক দলে শোভাযাত্ৰা উলিয়াব নোৱাৰিব। এটা দলে বেনাৰ, পোষ্টাৰ লগালে আন এটা দলে আঁতৰাব নোৱাৰিব। এটা দলে আয়োজন কৰা সভাত আন দলে নিজৰ দলৰ পত্ৰ বিতৰণ কৰি অশান্তিৰ সৃষ্টি কৰিব নোৱাৰিব।

৮/ ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে সভা, বৈঠক আয়োজন কৰিলে আগতীয়াকৈ আৰক্ষী কৰ্তৃপক্ষক জনাব লাগে। আৰক্ষীয়ে যান-বাহন নিয়ন্ত্ৰণ আৰু শান্তি শৃংখলা অটুট ৰাখিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব।

৯/ ৰাজনৈতিক সভাসমূহ আয়োজন কৰিলে লাউডস্পীকাৰ আৰু আন সুবিধাসমূহৰ বাবে ৰাজনৈতিক দল, প্ৰাৰ্থীসকলে সংশ্লিষ্ট কৰ্তৃপক্ষক আগতীয়াকৈ আবেদন কৰি অনুমতি লব লাগিব।

১০/ ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে সভা আয়োজন কৰিলে তাত কোনো লোকে সমস্যাৰ সৃষ্টি কৰিলে আৰক্ষীৰ সহায় বিচাৰিব। ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে নিজেই এনে ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিব।

১১/ ৰাজনৈতিক সভা প্ৰস্তাৱিত স্থানত কোনো প্ৰতিবন্ধকতা বা নিষিদ্ধ আদেশ আছে নেকি সেয়া দল বা প্ৰাৰ্থীয়ে আগতীয়াকৈ নিশ্চিত কৰিব। যদি এনে আদেশৰ পৰা কোনো ৰেহাইৰ প্ৰয়োজন হয়, তেন্তে ইয়াক সময় অনুসৰি প্ৰয়োগ কৰা হব আৰু পোৱা যাব।

১২/ ভোট গ্রহণৰ দিনা শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ আৰু ভোট গ্ৰহণ কৰিবলৈ সম্পূৰ্ণ স্বাধীনতা নিশ্চিত কৰিবলৈ নিৰ্বাচনী কৰ্তব্যত থকা বিষয়াসকলৰ সৈতে সহযোগিতা কৰা।

১৩/ নিৰ্বাচনৰ দ্বায়িত্বত থকা কৰ্তৃত্বপ্ৰাপ্ত কৰ্মীসকলক উপযুক্ত পৰিচয় পত্ৰ বা বেজ প্ৰদান কৰা।

১৪/ ভোট গ্ৰহণৰ দিনত আৰু ভোট গ্ৰহণৰ আগৰ ৪৮ ঘন্টাৰ সময়ৰ পৰা সুৰা বিতৰণ, পৰিবেশন কৰাৰ পৰা বিৰত থাকিব।

১৫/ ভোট কেন্দ্ৰৰ ওচৰত ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলে স্থাপন কৰা শিবিৰসমূহত আৰু ওচৰে-পাজৰে অপ্ৰয়োজনীয় ভিৰ হবলৈ নিদিব যাতে দল, প্ৰাৰ্থীৰ কৰ্মী আৰু সমৰ্থকসকলৰ মাজত কোনো সংঘাত আৰু উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব নোৱাৰে।

ভাৰতৰ নিৰ্বাচন আয়োগৰ আদৰ্শ আচৰণ বিধিসমূহৰ অধিক তথ্যৰ বাবে ক্লিক কৰক - https://eci.gov.in/mcc/

১৬/ যি সকল লোকৰ হাতত অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ আছে সেই সমূহ শীঘ্ৰে স্থানীয় আৰক্ষীক জমা দিব লাগিব।

১৭/ ৫০ হাজাৰতকৈ অধিক নগদ ধন লৈ ঘূৰিব নোৱাৰিব সাধাৰণ জনতা। ৫০ হাজাৰতকৈ অধিক নগদ ধন হাতত থাকিলে লাগিব প্ৰয়োজনীয় নথিপত্ৰ।

১৮/ নিৰ্বাচনী আচৰণ বিধি (Code of Conduct) জাৰি হোৱা পিছত কোনো চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি কৰিব নোৱাৰিব, চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ বিতৰণ কৰিব নোৱাৰিব, কোনো চৰকাৰী চাকৰিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব।

১৯/ ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে খৰছ কৰিব নোৱাৰিব ৩০ লাখ ৮০ হাজাৰতকৈ অধিক টকা আৰু দৈনিক ব্যয়ৰ হিচাপ দাখিল কৰিব লাগিব প্ৰতিজন প্ৰাৰ্থীয়ে।

Post a Comment

Previous Post Next Post