1. কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত?
নীলাচল পাহাৰ
2. অসমৰ প্ৰথমগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিকৰ নাম কি আছিল?
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
3. অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত আৰু কিমান চনত অনুষ্ঠিত হৈছিল?
শিৱসাগৰ, ১৯১৭ চন
4. পৃথিৱীৰ আটাইতকৈ সৰু নদী দ্বীপটোৰ নাম কি?
উমানন্দ
5. অসম সাহিত্য সভাৰ প্ৰতীকপট (Logo) কোনে অংকণ কৰিছিল?
যুগল দাস
6. প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি আছিল?
ভানুমতী
7. "Forest Man of India" বা অৰণ্য মানৱ বুলি আমি কাক চিনি পাওঁ?
যাদৱ পায়েং
8. স্বাধীনোত্তৰ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী কোন আছিল?
গোপীনাথ বৰদলৈ
9. অসম চুক্তি সমাপন হোৱা তাৰিখ আৰু বছৰটো কি আছিল?
১৫ আগষ্ট, ১৯৮৫
10. ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ আসন শুৱনি কৰা প্ৰথমজন অসমীয়াৰ নাম কি আছিল?
ন্যায়াধীশ ৰঞ্জন গগৈ
11. জিকিৰ আৰু জাৰী কোনে ৰচনা আৰু প্ৰচলন কৰিছিল?
আজান ফকীৰ
12. শৰাইঘাটৰ ৰণ কিমান চনত সংঘটিত হৈছিল?
১৬৭১ চন
13. অসমত কেইটা তেল শোধনাগাৰ আছে?
চাৰিটা
14. অসমৰ একমাত্ৰ সাংস্কৃতিক বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত?
মাজুলী
15. অসমৰ আটাইতকৈ জনসংখ্যাৰ ঘনত্ব বেছি থকা জিলাখনৰ নাম কি?
কামৰূপ মহানগৰ
16. টুচু পূজা কোনটো জনজাতি বা জনগোষ্ঠীয়ে উদযাপন কৰে?
চাহ জনজাতি সকলে
17. ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত হোৱা প্ৰথম আৰু একমাত্ৰ অসমীয়াজন কোন আছিল?
ফখৰুদ্দিন আলী আহমেদ
18. কিমান চনত অসমত অসমীয়া ভাষাক চৰকাৰী ভাষাৰূপে স্বীকৃতি প্ৰদান কৰা হৈছিল?
১৯৬০ চন
19. অসমৰ জাতীয় পক্ষী কি?
দেওহাঁহ
20. ভাৰতৰত্ন বঁটা বিজয়ী অসমৰ দ্বিতীয়গৰাকী ব্যক্তিৰ নাম কি আছিল?
ড॰ ভূপেন হাজৰিকা
21. অসমৰ প্ৰথমখন আলোচনী কি আৰু কিমান চনত পোন প্ৰথমবাৰৰ বাবে প্ৰকাশ হৈছিল?
অৰুনোদয়, ১৮৪৬ চন
22. "ধিং এক্সপ্ৰেছ" বুলি আমি কোনগৰাকী খেলুৱৈক চিনি পাওঁ?
হিমা দাস
23. ISRO ৰ চন্দ্ৰায়ণ-১ নামৰ মিছনৰ মুখ্য বিজ্ঞানী হিচাপে কোনজন অসমীয়াক দায়িত্ব প্ৰদান কৰা হৈছিল?
ড॰ জিতেন্দ্ৰ নাথ গোস্বামী
24. অসমৰ প্ৰথমখন চিনেমা 'জয়মতী' কিমান চনত মুক্তি লাভ কৰিছিল?
১৯৩৫ চন
25. অসমৰ "খাজুৰাহো" বুলি কোনখন ঠাইক জনা যায়?
মদন কামদেৱ
26. অসমত পৌৰনিগম থকা একমাত্ৰ চহৰখনৰ নাম কি?
গুৱাহাটী
27. অসমত UNESCO ৰ দ্বাৰা স্বীকৃতি পোৱা "বিশ্ব ঐতিহ্য ক্ষেত্ৰ"ৰ সংখ্যা কিমান?
দুটা
28. অস্কাৰ চলচ্চিত্ৰ মহোৎসৱৰ বিদেশী ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত ভাৰতৰ পৰা বাচনি কৰা প্ৰথমখন অসমীয়া ছবি কি আছিল?
ভিলেজ ৰকষ্টাৰচ
29. অসমৰ প্ৰথমখন বিশ্ববিদ্যালয় "গুৱাহাটী বিশ্ববিদ্যালয়" কিমান চনত স্থাপন হৈছিল?
১৯৪৮
গুৱাহাটী বিশ্ববিদ্যালয় ১৯৪৮ চনত স্থাপন কৰা হৈছিল।
১) অসমৰ কোনখন জিলাত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত?
উত্তৰ: গোৱালপাৰা জিলাত ।
২) অসমৰ আটাইতকৈ ওখ পৰ্বতমালা কি?
উত্তৰ: বৰাইল পৰ্বত ।
৩) অসমত মুঠ কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে?
উত্তৰ: ২ খন ।
৪) অসমীয়া সাহিত্যত কাক ভাঙনি কোৱঁৰ হিচাপে জনা যায়?
উত্তৰ: আনন্দ চন্দ্ৰ আগৰৱালা ।
৫) অসমীয়া সাহিত্যত কাক বিহগী কবি বুলি জনা যায়?
উত্তৰ: ৰঘুনাথ চৌধাৰী ।
৬) লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথি খনৰ নাম কি?
উত্তৰ: কদমকলি ।
৭) লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাস খনৰ নাম কি?
উত্তৰ: পদুম কুৱঁৰী ।
৮) অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ: শৰৎ চন্দ্ৰ গোস্বামী ।
৯) অসমীয়া সাহিত্যিত কাক উপন্যাস সম্ৰাট বুলি জনা যায়?
উত্তৰ: ৰজনীকান্ত বৰদলৈ ।
১০) 'খেৰাই পূজা' কোনটো জনগোষ্ঠীয়ে পালন কৰে?
উত্তৰ:- বড়ো সকলে খেৰাই পূজা পালন কৰে।
১১) দঁচাই উৎসৱত পৰিবেশন কৰা নৃত্য বিধৰ নাম কি?
উত্তৰ:- লৰই নৃত্য।
১২/ আলি আই লিগাং উৎসৱত নচা নৃত্যক কি বোলা হয়?
উত্তৰ:- গুমৰাগ।
Tags:
কুইজ
I was really happy to know a lot of things. Thank you for you
ReplyDelete