ভাৰতৰ Gk 1

  



১/ ভাৰতৰ উচ্চতম ন্যায়ালয় কোন চনত স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯৫০ চনত।

২/ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত 'জন গন মন' প্ৰথমে কেতিয়া গোৱা হৈছিল?
উত্তৰ:- ১৯১১ চনত।

৩/ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ কাৰ্যকালৰ সৰ্বোচ্চ বয়স কিমান?
উত্তৰ:- ৬৫ বছৰ।

৪/ভাৰতৰ সংবিধানৰ খচৰা সভাপতি কোন আছিল?
উত্তৰ:- ডঃ বি আৰ আম্বেদকাৰ।

৫/ ৰাজ্য এখনৰ ৰাজ্যপাল এগৰাকীৰ কাৰ্যকাল কিমান বছৰ?
উত্তৰ:- ৫ বছৰ।

৬/ বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্যৰাষ্ট্ৰৰ সংখ্যা কিমান?
উত্তৰ:- ১৯২ খন।

৭/ ভাৰতৰ চৰকাৰী সহযোগী ভাষাটোৰ নাম কি?
উত্তৰ:-ইংৰাজী।

৮/ হিন্দী ভাষা ৰাষ্ট্ৰসংঘৰ চৰকাৰী ভাষা হয়নে?
উত্তৰ:- নহয়।

৯/ ৰাষ্ট্ৰসংঘৰ সচিবালয় ক'ত অৱস্থিত?
উত্তৰ:- নিউয়ৰ্কত অৱস্থিত।

১০/ ভাৰতৰ কোনখন ৰাজ্যৰ নিজস্ব সংবিধান আছে?
উত্তৰ:- জম্মু আৰু কাশ্মীৰৰ।

১১/ কিমান চনৰ কিমান তাৰিখে ভাৰতৰ সংবিধান গ্ৰহণ কৰা হৈছিল?
উত্তৰ:- ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে ভাৰতৰ সংবিধান গ্ৰহণ কৰা হৈছিল।

১২/ ভাৰতৰ চৰকাৰী সন্মানজনক সৰ্বোচ্চ বঁটা কি?
উত্তৰ:- ভাৰতৰত্ন।

১৩/ বি টি চি গঠনৰ প্ৰক্ৰিয়া কেতিয়া আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ২০০৩ চনৰ ছেপ্টেম্বৰ মাহত বি টি চি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল।

১৪/ অশোক চক্ৰত থকা ২৪ ডাল দাণ্ডিয়ে কি সূচায়?
উত্তৰ:- বৌদ্ধ ধৰ্মৰ ২৪ টা আদৰ্শক সূচায়।

১৫/ আন দেশৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ ক্ষমতা কাৰ আছে?
উত্তৰ:- ৰাষ্ট্ৰপতিৰ আন দেশৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ ক্ষমতা আছে।

১৬/ বড়োলেণ্ডৰ অন্তৰ্গত জিলা কেইখনৰ নাম কি কি?
উত্তৰ:- বাক্সা, চিৰাং, কোকৰাঝাৰ, ওদালগুৰি।

১৭/ বৰ্তমান বড়োলেণ্ডত কিমানখন গাওঁ আছে?
উত্তৰ:- ৩০৮২ খন গাওঁ আছে।

১৮/ এছিয়াৰ প্রথম প্ৰাকৃতিক গেছ ভিত্তিক শক্তি কেন্দ্ৰ ক'ত স্থাপিত হৈছিল?
উত্তৰ:- এছিয়াৰ প্রথম প্ৰাকৃতিক গেছ ভিত্তিক শক্তি কেন্দ্ৰ দুলীয়াজানত স্থাপিত হৈছিল।

১৯/ নুমলীগৰ তেল শোধনাগাৰ কি খণ্ডৰ অন্তৰ্ভুক্ত?
উত্তৰ:- নুমলীগৰ তেল শোধনাগাৰ যৌথখণ্ডৰ অন্তৰ্ভুক্ত।

২০/ অসমৰ কোনটো তেল শোধনাগাৰ 'Assam Accord Refinery' বুলি জনা যায়?
উত্তৰ:- নুমলীগৰ তেল শোধনাগাৰক 'Assam Accord Refinery' বুলি জনা যায়।

২১/ ভাৰতৰ প্ৰথমজন চাহ খেতিয়কৰ নাম কি আছিল?
উত্তৰ:- মণিৰাম দেৱান আছিল ভাৰতৰ প্ৰথমজন চাহ খেতিয়ক।

২২/ ভাৰতীয় ৰে'লৰ আৰম্ভণি কেতিয়া হৈছিল?
উত্তৰ:- ১৮৫৩ চনৰ এপ্ৰিল মাহত  ভাৰতীয় ৰে'লৰ আৰম্ভণি হৈছিল।

২৩/ উত্তৰ-পূব পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?
উত্তৰ:- শ্বিলঙত উত্তৰ-পূব পৰিষদৰ মুখ্য কাৰ্যালয় অৱস্থিত।

২৪/ স্বনিয়োজনৰ পথ কিহে মুকলি কৰে?
উত্তৰ:- আত্মসহায়ক গোটে স্বনিয়োজনৰ পথ মুকলি কৰে।

২৫/ কিমান চনত NEEPCO স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯৮২ চনত NEEPCO স্থাপন কৰা হৈছিল।

২৬/ অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰটোৰ নাম কি আছিল?
উত্তৰ:- নুমলীগড় তেল শোধনাগাৰ।

২৭/ ভাৰতৰ প্রথম তেল শোধনাগাৰটো কেতিয়া আৰু কোন ঠাইত স্থাপন কৰা হৈছিল?
উত্তৰ:- ভাৰতৰ প্রথম তেল শোধনাগাৰটো ১৯০১ চনত, ডিগবৈত স্থাপন কৰা হৈছিল।

২৮/ উত্তৰ-পূৰ্বাঞ্চলত মুঠ কেইখন ৰাজ্য আছে?
উত্তৰ:- বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলত মুঠ ৮ খন ৰাজ্য আছে।

২৯/ উত্তৰ-পূব পৰিষদ কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ:- ১৯৭১ চনত উত্তৰ-পূব পৰিষদ কেতিয়া গঠন কৰা হৈছিল।

৩০/ উত্তৰ-পূব উন্নয়ন বিত্তীয় নিগমৰ কাৰ্য্যালয় ক'ত অৱস্থিত?
উত্তৰ:- গুৱাহাটীত অৱস্থিত।

৩১/ গ্ৰেণ্ড ট্ৰাংক ৰোড কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ:- পোন প্ৰথমে গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল চন্দ্ৰগুপ্ত মৌৰ্যয়ে আৰু পুনঃনিৰ্মান কৰিছিল শ্বেৰ চাহ চৌৰীয়ে।

৩২/ ভাৰতৰ ভিতৰত কোনখন ৰাজ্যই সৰ্বাধিক কপাহ উৎপাদন কৰে?
উত্তৰ:- গুজৰাট ৰাজ্যত সৰ্বাধিক কপাহ উৎপাদন কৰা হয়।

৩৩/ ভাৰতৰ আটাইতকৈ সৰ্বোচ্চ বান্ধটোৰ নাম কি আছিল?
উত্তৰ:- তেহৰী বান্ধ। (Tehri Dam)

৩৪/ ইণ্ডুছ উপত্যকা সভ্যতাৰ পুৰণি পৰ্ব কি আছিল?
উত্তৰ:- লুথাল (Lothal) ।

৩৫/ চাউচ্চা (Chausa) যুদ্ধ কাৰ কাৰ মাজত হৈছিল?
উত্তৰ:- শ্বেৰ চাহ চৌৰী আৰু সোমায়ুনৰ মাজত চাউচ্চা (Chausa) যুদ্ধ হৈছিল।

৩৬/ ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ ভিতৰত আটাইতকৈ বেছি সাক্ষৰতাৰ হাৰ থকা ৰাজ্যখনৰ নাম কি আছিল?
উত্তৰ:- কেৰেলা (৯৩.৯১ শতাংশ সাক্ষৰতা হাৰ আছিল)।

৩৭/ কৰ্কট ৰোগৰ বিষয় উত্তৰ পূৰ্বৰ দুখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়, ৰাজ্য দুখনৰ নাম কি কি?
উত্তৰ:- ত্ৰিপুৰা আৰু মিজোৰাম।

৩৮/ ভাৰতত মুঠ কেইখন উপকূলীয় ৰাজ্য (coastal states) আছে?
উত্তৰ:- ভাৰতত মুঠ ৯ খন উপকূলীয় ৰাজ্য আছে।

৩৯/ কেতিয়া গোৱা (Goa) আনুষ্ঠানিকভাৱে ভাৰতৰ অংশ হৈ পৰিছিল?
উত্তৰ:- ১৯৬১ চনত গোৱা (Goa) আনুষ্ঠানিকভাৱে ভাৰতৰ অংশ হৈ পৰিছিল।

৪০/ ভাৰতীয় সাম্ৰাজ্যৰ কোন সময়ছোৱাক সোণালী যুগ বুলি কোৱা হয়?
উত্তৰ:- গুপ্ত সাম্রাজ্যৰ সময়চোৱাক (Gupta Empire) ভাৰতীয় সাম্ৰাজ্যৰ সোণালী যুগ বুলি কোৱা হয়।

৪১/ ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদত সমতাৰ অধিকাৰ সন্নিবিষ্ট হৈ আছে?
উত্তৰ:- অনুচ্ছেদ ১৪-১৮ ।

৪২/ ভাৰতৰ সংবিধানখন এখন হস্তলিখিত সংবিধান। ভাৰতৰ সংবিধানখন কোনে হাতেৰে লিখিছিল?

উত্তৰ:- প্ৰেম বিহাৰী নাৰায়ণ ৰাইজাদা।

Post a Comment (0)
Previous Post Next Post


Live Online

কুইজ টেষ্টত অংশগ্ৰহণ কৰক

পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুশীলন আৰম্ভ কৰক।

টেষ্ট আৰম্ভ কৰক →


নতুন আপডেট

"ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬"

AI বিপ্লৱত ভাৰতৰ নেতৃত্ব: কি হ'ব ২০২৬ ৰ India AI Impact Summit 2026 ৰ মূল লক্ষ্য? India AI Impact Summit 2026

সম্পূৰ্ণ পঢ়ক →


জানো আহক

অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আহি যোৱা কিছুমান প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলে কিছু আভাষ পাব পাৰে

(Click কৰি পাত লুটিয়াওক)

Assam Govt Job Syllabus
General AwarenessAssam History, Geography, Culture, & Current Affairs.
EnglishGrammar, Vocabulary, Comprehension.
ReasoningAnalogy, Series, Coding-Decoding.
MathematicsArithmetic, Number System, Percentage.
AssameseLanguage Proficiency & Literature.
ইয়াত ক্লিক কৰি আৰু এনেধৰণৰ প্ৰশ্নোত্তৰ চাব পাৰিব