ভাৰতৰ Gk 1

  



১/ ভাৰতৰ উচ্চতম ন্যায়ালয় কোন চনত স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯৫০ চনত।

২/ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত 'জন গন মন' প্ৰথমে কেতিয়া গোৱা হৈছিল?
উত্তৰ:- ১৯১১ চনত।

৩/ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ কাৰ্যকালৰ সৰ্বোচ্চ বয়স কিমান?
উত্তৰ:- ৬৫ বছৰ।

৪/ভাৰতৰ সংবিধানৰ খচৰা সভাপতি কোন আছিল?
উত্তৰ:- ডঃ বি আৰ আম্বেদকাৰ।

৫/ ৰাজ্য এখনৰ ৰাজ্যপাল এগৰাকীৰ কাৰ্যকাল কিমান বছৰ?
উত্তৰ:- ৫ বছৰ।

৬/ বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্যৰাষ্ট্ৰৰ সংখ্যা কিমান?
উত্তৰ:- ১৯২ খন।

৭/ ভাৰতৰ চৰকাৰী সহযোগী ভাষাটোৰ নাম কি?
উত্তৰ:-ইংৰাজী।

৮/ হিন্দী ভাষা ৰাষ্ট্ৰসংঘৰ চৰকাৰী ভাষা হয়নে?
উত্তৰ:- নহয়।

৯/ ৰাষ্ট্ৰসংঘৰ সচিবালয় ক'ত অৱস্থিত?
উত্তৰ:- নিউয়ৰ্কত অৱস্থিত।

১০/ ভাৰতৰ কোনখন ৰাজ্যৰ নিজস্ব সংবিধান আছে?
উত্তৰ:- জম্মু আৰু কাশ্মীৰৰ।

১১/ কিমান চনৰ কিমান তাৰিখে ভাৰতৰ সংবিধান গ্ৰহণ কৰা হৈছিল?
উত্তৰ:- ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে ভাৰতৰ সংবিধান গ্ৰহণ কৰা হৈছিল।

১২/ ভাৰতৰ চৰকাৰী সন্মানজনক সৰ্বোচ্চ বঁটা কি?
উত্তৰ:- ভাৰতৰত্ন।

১৩/ বি টি চি গঠনৰ প্ৰক্ৰিয়া কেতিয়া আৰম্ভ কৰা হৈছিল?
উত্তৰ:- ২০০৩ চনৰ ছেপ্টেম্বৰ মাহত বি টি চি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল।

১৪/ অশোক চক্ৰত থকা ২৪ ডাল দাণ্ডিয়ে কি সূচায়?
উত্তৰ:- বৌদ্ধ ধৰ্মৰ ২৪ টা আদৰ্শক সূচায়।

১৫/ আন দেশৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ ক্ষমতা কাৰ আছে?
উত্তৰ:- ৰাষ্ট্ৰপতিৰ আন দেশৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ ক্ষমতা আছে।

১৬/ বড়োলেণ্ডৰ অন্তৰ্গত জিলা কেইখনৰ নাম কি কি?
উত্তৰ:- বাক্সা, চিৰাং, কোকৰাঝাৰ, ওদালগুৰি।

১৭/ বৰ্তমান বড়োলেণ্ডত কিমানখন গাওঁ আছে?
উত্তৰ:- ৩০৮২ খন গাওঁ আছে।

১৮/ এছিয়াৰ প্রথম প্ৰাকৃতিক গেছ ভিত্তিক শক্তি কেন্দ্ৰ ক'ত স্থাপিত হৈছিল?
উত্তৰ:- এছিয়াৰ প্রথম প্ৰাকৃতিক গেছ ভিত্তিক শক্তি কেন্দ্ৰ দুলীয়াজানত স্থাপিত হৈছিল।

১৯/ নুমলীগৰ তেল শোধনাগাৰ কি খণ্ডৰ অন্তৰ্ভুক্ত?
উত্তৰ:- নুমলীগৰ তেল শোধনাগাৰ যৌথখণ্ডৰ অন্তৰ্ভুক্ত।

২০/ অসমৰ কোনটো তেল শোধনাগাৰ 'Assam Accord Refinery' বুলি জনা যায়?
উত্তৰ:- নুমলীগৰ তেল শোধনাগাৰক 'Assam Accord Refinery' বুলি জনা যায়।

২১/ ভাৰতৰ প্ৰথমজন চাহ খেতিয়কৰ নাম কি আছিল?
উত্তৰ:- মণিৰাম দেৱান আছিল ভাৰতৰ প্ৰথমজন চাহ খেতিয়ক।

২২/ ভাৰতীয় ৰে'লৰ আৰম্ভণি কেতিয়া হৈছিল?
উত্তৰ:- ১৮৫৩ চনৰ এপ্ৰিল মাহত  ভাৰতীয় ৰে'লৰ আৰম্ভণি হৈছিল।

২৩/ উত্তৰ-পূব পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?
উত্তৰ:- শ্বিলঙত উত্তৰ-পূব পৰিষদৰ মুখ্য কাৰ্যালয় অৱস্থিত।

২৪/ স্বনিয়োজনৰ পথ কিহে মুকলি কৰে?
উত্তৰ:- আত্মসহায়ক গোটে স্বনিয়োজনৰ পথ মুকলি কৰে।

২৫/ কিমান চনত NEEPCO স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯৮২ চনত NEEPCO স্থাপন কৰা হৈছিল।

২৬/ অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰটোৰ নাম কি আছিল?
উত্তৰ:- নুমলীগড় তেল শোধনাগাৰ।

২৭/ ভাৰতৰ প্রথম তেল শোধনাগাৰটো কেতিয়া আৰু কোন ঠাইত স্থাপন কৰা হৈছিল?
উত্তৰ:- ভাৰতৰ প্রথম তেল শোধনাগাৰটো ১৯০১ চনত, ডিগবৈত স্থাপন কৰা হৈছিল।

২৮/ উত্তৰ-পূৰ্বাঞ্চলত মুঠ কেইখন ৰাজ্য আছে?
উত্তৰ:- বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলত মুঠ ৮ খন ৰাজ্য আছে।

২৯/ উত্তৰ-পূব পৰিষদ কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ:- ১৯৭১ চনত উত্তৰ-পূব পৰিষদ কেতিয়া গঠন কৰা হৈছিল।

৩০/ উত্তৰ-পূব উন্নয়ন বিত্তীয় নিগমৰ কাৰ্য্যালয় ক'ত অৱস্থিত?
উত্তৰ:- গুৱাহাটীত অৱস্থিত।

৩১/ গ্ৰেণ্ড ট্ৰাংক ৰোড কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ:- পোন প্ৰথমে গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল চন্দ্ৰগুপ্ত মৌৰ্যয়ে আৰু পুনঃনিৰ্মান কৰিছিল শ্বেৰ চাহ চৌৰীয়ে।

৩২/ ভাৰতৰ ভিতৰত কোনখন ৰাজ্যই সৰ্বাধিক কপাহ উৎপাদন কৰে?
উত্তৰ:- গুজৰাট ৰাজ্যত সৰ্বাধিক কপাহ উৎপাদন কৰা হয়।

৩৩/ ভাৰতৰ আটাইতকৈ সৰ্বোচ্চ বান্ধটোৰ নাম কি আছিল?
উত্তৰ:- তেহৰী বান্ধ। (Tehri Dam)

৩৪/ ইণ্ডুছ উপত্যকা সভ্যতাৰ পুৰণি পৰ্ব কি আছিল?
উত্তৰ:- লুথাল (Lothal) ।

৩৫/ চাউচ্চা (Chausa) যুদ্ধ কাৰ কাৰ মাজত হৈছিল?
উত্তৰ:- শ্বেৰ চাহ চৌৰী আৰু সোমায়ুনৰ মাজত চাউচ্চা (Chausa) যুদ্ধ হৈছিল।

৩৬/ ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ ভিতৰত আটাইতকৈ বেছি সাক্ষৰতাৰ হাৰ থকা ৰাজ্যখনৰ নাম কি আছিল?
উত্তৰ:- কেৰেলা (৯৩.৯১ শতাংশ সাক্ষৰতা হাৰ আছিল)।

৩৭/ কৰ্কট ৰোগৰ বিষয় উত্তৰ পূৰ্বৰ দুখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়, ৰাজ্য দুখনৰ নাম কি কি?
উত্তৰ:- ত্ৰিপুৰা আৰু মিজোৰাম।

৩৮/ ভাৰতত মুঠ কেইখন উপকূলীয় ৰাজ্য (coastal states) আছে?
উত্তৰ:- ভাৰতত মুঠ ৯ খন উপকূলীয় ৰাজ্য আছে।

৩৯/ কেতিয়া গোৱা (Goa) আনুষ্ঠানিকভাৱে ভাৰতৰ অংশ হৈ পৰিছিল?
উত্তৰ:- ১৯৬১ চনত গোৱা (Goa) আনুষ্ঠানিকভাৱে ভাৰতৰ অংশ হৈ পৰিছিল।

৪০/ ভাৰতীয় সাম্ৰাজ্যৰ কোন সময়ছোৱাক সোণালী যুগ বুলি কোৱা হয়?
উত্তৰ:- গুপ্ত সাম্রাজ্যৰ সময়চোৱাক (Gupta Empire) ভাৰতীয় সাম্ৰাজ্যৰ সোণালী যুগ বুলি কোৱা হয়।

৪১/ ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদত সমতাৰ অধিকাৰ সন্নিবিষ্ট হৈ আছে?
উত্তৰ:- অনুচ্ছেদ ১৪-১৮ ।

৪২/ ভাৰতৰ সংবিধানখন এখন হস্তলিখিত সংবিধান। ভাৰতৰ সংবিধানখন কোনে হাতেৰে লিখিছিল?

উত্তৰ:- প্ৰেম বিহাৰী নাৰায়ণ ৰাইজাদা।

Post a Comment

Previous Post Next Post