কিছুমান শব্দৰ যুক্তাক্ষৰ আৰু শব্দবোৰৰ অৰ্থ
শব্দ / যুক্তাক্ষৰ / অৰ্থ
প্লে'গ = / প + ল / এবিধ বেমাৰ
দুগ্ধ = / গ + ধ / গাখীৰ
বুদ্ধ = / ব + ধ / জ্ঞানী, সকলো জনা
লব্ধ = / ব + ধ / পোৱা, লাভ কৰা
পণ্ডিত = / ণ + ড / জ্ঞানী, পাৰ্গত
স্কুল = / স + ক / পঢ়াশালি, বিদ্যালয়
ট্ৰেক্টৰ = / ট + ৰ, ক + ট / মাটি চাহ কৰা যন্ত্ৰ
শুল্ক = / ল + ক / কৰ
পৰিস্কাৰ = / ষ + ক / চাফ-চিকুন
তম্বু = / ম + ব / লৈ ফুৰাব পৰা কাপোৰৰ ঘৰ
কণ্টক = / ণ + ট / কাঁইট
বাল্টি = / ল + ট / এবিধ পাত্ৰ
নষ্ট = / ষ + ট / বেয়া, ধ্বংস
অঙ্ক = / ঙ + ক / গণিত
শঙ্খ = / ঙ + খ / শামুক
লঙ্ঘন = / ঙ + ঘ / খণ্ডন, লঘোন
বিজ্ঞ = / জ + ঞ / জ্ঞানী, জনা-বুজা লোক
উদ্ভিদ = / দ + ভ / গছ-গছনি
আঞ্জা = / ঞ + জ / তৰকাৰী
লজ্জা = / জ + জ / সংকোচ
অব্জ = / ব + জ / পদুম, শঙ্খ, চন্দ্ৰ
শুশ্ৰূষা = / শ + ৰ / যত্ন লোৱা
বব্ৰুবাহন = / ব + ৰ / অৰ্জুনৰ পুত্ৰৰ নাম
ধ্ৰুব = / ধ + ৰ / এটা তৰাৰ নাম
কদ্ৰু = / দ + ৰ / সাপ জাতিৰ মাতৃ, দক্ষৰ কন্যা
ক্ৰটি = / ত + ৰ / ভুল
বিদ্ৰূপ = / দ + ৰ / বিৰুদ্ধ, ইতিকিং
ভ্ৰূক্ষেপ = / ভ + ৰ / কেৰাহিকৈ চোৱা
মঞ্চ = / ঞ + চ / কাঠ বা বাঁহেৰে সজা ওখ চাং
পশ্চিম = / শ + চ / এটা দিশ
ইচ্ছা = / চ + ছ / আগ্ৰহ
বাঞ্ছা = / ঞ + ছ / আশা, কামনা
শিৰশ্ছেদ = / চ + ছ / মূৰ কটা কাৰ্য
পদ্ম = / দ + ম / পদুম
বাগ্মী = / গ + ম / কথা কোৱাত পটু
ৰশ্মি = / শ + ম / পোহৰ
পৰাঙ্মুখ = / ঙ + ম / পিঠি দিয়া, বিমুখ
গ্ৰীষ্ম = / ষ + ম / গৰম
পক্ক = / ক + ক / পকা
ধ্বনি = / ধ + ৱ / শব্দ
দিগ্বিজয় = / গ + ৱ / বিজয়, জয়
জ্বৰ = / জ + ৱ / শৰীৰৰ উত্তাপ বৃদ্ধি হোৱা অৱস্থা
বিদ্বান = / দ + ৱ / জ্ঞানী
অণ্বেষণ = / ণ + ৱ / বিচৰা
অশ্ব = / শ + ৱ / ঘোঁৰা
গহ্বৰ = / হ + ৱ / গাঁত
শ্মশান = / শ + ম / মৰিশালি
অৰণ্য = / ন + য় / হাবি
আৱশ্যক = / শ + য় / দৰকাৰ, প্ৰয়োজন
শস্য = / স + য় / খেতিৰ পৰা উৎপন্ন হোৱা বস্তু
শিষ্য = / ষ + য় / ছাত্ৰ, গুৰুৰ উপদেশ লওঁতা
সহ্য = / হ + য় / সহিব পৰা
গৰ্জন = / ৰ + জ / গুজৰি উঠা
প্ৰতি = / প + ৰ / পৃথকে এটা
বজ্ৰ = / জ + ৰ / ভয়ঙ্কৰ গাজনি মাৰি অতি বেগাই অহা বিজুলী
শ্ৰম = / শ + ৰ / কাম
চক্ৰ = / ক + ৰ / চকা
পাত্ৰ = / ত + ৰ / সাজ, বস্তু থোৱা সঁজুলি
ভ্ৰম = / ভ + ৰ / ভুল
মগ্ন = / গ + ন / মনপুতি
গ্লানি = / গ + ল / অপযশ
বহ্নি = / হ + ন / জুই
উৎপন্ন = / ন + ন / উৎপাদন
স্নেহ = / স + ন / মৰম
উত্তম = / ত + ত / সবাতোকৈ ভাল
ব্যস্ত = / স + ত / কোনো কামত অধিকভাৱে লাগি থকা
ৰক্ত = / ক + ত / তেজ
আনন্দ = / ন + দ / ফূৰ্তি
খদ্দৰ = / দ + দ / হাতে কটা কপাহী সূতাৰ কাপোৰ