✍ ৰূপজ্যোতি চাংমাই
বুকুত বাৰিষা নামিলেই তোমাৰ মৰুভূমি পথাৰখনলৈ মনত পৰে
এদিন তুমি কঠিয়া ৰঙৰ শাৰীখন পিন্ধি আহিবা
চঞ্চল হেঁপাহবোৰ জীপাল হৈ পৰিব ৷
-----------------------------------------------------------------------------------
চঞ্চল
✍ ৰূপজ্যোতি চাংমাই
গাঁৱৰ সকলোৱে তাইক চঞ্চল বুলি কয়, বহুতৰ মুখে মুখে তাই চৰিত্ৰহীন, কোনে বিয়া কৰাব তাইক...... ইত্যাদি ইত্যাদি ৷ এদিন হঠাৎ ৰশ্মি নোহোৱা হ’ল ৷ যৌৱনৰ তিশটা বসন্ত গৰকিও নাচি-বাগি ঘুৰি ফুৰা ৰশ্মি ক’ত হেৰাল ! পুলিচো আহিল ৷ সকলোৱে সকলোতে বিচাৰিলে ৰশ্মি নাই ৷ গাওঁ খনৰ সকলোৱে সমীহ-ভক্তি কৰা হৰি গাওঁ বুঢ়াৰ সৰু পুতেক সকলোৱে সাহসী বোলা নিপেন সেই দিনধৰি আবেলিতে ঘৰত সোমোৱা হ’ল ৷
এইয়াটো এটা ষ্টেচন!
✍️ ৰূপজ্যোতি চাংমাই
নিতৌ এজাক মৌন কোলাহল
হাঁহি, কান্দোন, যন্ত্ৰণা
চিৎকাৰ...
ট্ৰলি, হুইলচেয়াৰ বোৰ জীৱন ৰে'ল!
কাৰোবাৰ আয়ুবেলিৰ আবেলিৰ ষ্টেচন
হঠাৎ প্ৰসূতি কক্ষত আন কাৰোবাৰ
জীৱনৰ আকৌ নতুন প্ৰভাতৰ কিৰিলি...
এই জীৱনো এক ষ্টেচন !
২২/০১/২০২২
Tags:
কবিতা